- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
অসমৰ চুকে কোণে সিচঁৰিত হৈ থকা প্ৰায় ভাগ উগ্ৰপন্থী সংগঠনে সশস্ত্ৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ ঘুৰি আহিছে । নাগালেণ্ডৰ এনএচচিএনৰ দৰে সংগঠনেই যিহেতু ভাৰত চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে এখন বুজাবুজিৰ চুক্তি কৰিবলৈ সৈমান হৈছে তেনেস্থলত অসমৰ উগ্ৰপন্থীৰ বাবে ভাৰত চৰকাৰৰ লগত আলোচনা নকৰি সশস্ত্ৰ সংগ্ৰাম চলাই নিয়াৰ বিকল্প অবাস্তৱ সংযুক্ত মুক্তি বাহিনী অসম ( আলফা)ৰ বাহিৰে প্ৰায় সকলো বিলাক শক্তিশালী উগ্ৰপন্থী সংগঠনে সশস্ত্ৰ পথ ত্যাগ কৰিছে আজিৰ তাৰিখত । আলফাৰো পৰেশ বৰুৱাক বাদ দি প্ৰায় সংখ্যক নেতাই সশস্ত্ৰ পথ ত্যাগ কৰিছে । কিন্তু আলফাৰ মঞ্চৰ পৰা আজি যিবিলাক কথা কোৱা হয় সেইবিলাক অবাস্তৱ আৰু অযুক্তিকৰ যেন অনুভৱ হয় । কিন্তু একেবোৰ কথা আজিৰ পৰা চল্লিশ বছৰ আগত জানো অবাস্তৱ আৰু অযুক্তিকৰ আছিল ? বুদ্ধেশ্বৰ গগৈ ,ভীমকান্ত বুঢ়াগোহাঁইৰ দৰে ব্যক্তি সকলে যেতিয়া স্বাধীন অসমৰ কাৰণে সশস্ত্ৰ সংগ্ৰামৰ বাট তৈয়াৰ কৰাৰ চেষ্টা কৰিছিল তেতিয়া তেওঁলোকৰ প্ৰায় ভাগেই শিক্ষক আৰু কৃষক ।পিছৰ পৰ্য্যায়ত অনুপ চেতিয়া , পৰেশ বৰুৱা, অৰবিন্দ্ৰ ৰাজখোৱা ,অশান্ত বাঘফুকন, ৰথীন তালুকদাৰ , সীদ্ধাৰ্থ ফুকন ,হিৰক জ্যোতি মহন্ত, কল্পজ্যোতি নেওগ, মেঘ ফুকন, জাভেদ বৰা, মিথিংগা দৈমাৰী ,চিত্ৰবন হাজৰিকা, ৰাজেন শৰ্মা , শশ চৌধুৰী, ৰাজু বৰুৱাৰ দৰে বহু প্ৰতিভাসম্পন্ন যুবকে নিজৰ ভৰ যৌবনৰ মসৃণ পথ ত্যাগ কৰি নিজৰ গাওঁ ,চহৰখনৰ পৰা বহু হাজাৰ দুৰত থকা বিদেশী ভুমিত সংগ্ৰামৰ কুচকাৱাজ চলাইছিল । বহুজন ঘুৰি আহিল আৰু বহু জন হেৰাই থাকিল ।একমাত্ৰ এটাই লক্ষ্য আছিল অসমক স্বাধীন কৰা । কাৰ পৰা অসমক স্বাধীন কৰিব বিচাৰিছিল ? ভাৰতৰ দৰে এখন শক্তিশালী দেশৰ সৈন্য বাহিনীৰ লগত যুজ দিয়াৰ ক্ষমতা জানো আছিল ? নেৰেটিভ আছিল একমাত্ৰ ইয়াণ্ডাবু সন্ধি । কিন্তু ইয়াণ্ডাবু সন্ধিৰ যুক্তি জানো উচিত আছিল ? পাহৰি গৈছিল নেকি শক্তি পীঠ কামাখ্যা আৰু বৈষ্ণু দেৱীৰ মাতাদী মন্দিৰৰ সংযোগ ? ভগদত্ত , বাণ ৰজা ,উষা অনিৰুদ্ধ, মনিপুৰৰ বব্ৰুৱাহন , শ্ৰীকৃষ্ণৰ শহুৰৰ ঘৰ কুণ্ডিল ৰাজ্য , গুৱাহাটীৰ অশ্বক্লান্ত পাহাৰৰ লগত পাণ্ডাবৰ সম্পৰ্কবোৰ কিয় আলোচনা হোৱা নাছিল ? একমাত্ৰ ইয়াণ্ডাবুৰ সন্ধিৰ যুক্তিত অসমক বাকী ভাৰতৰ পৰা পৃথক কৰিব পৰা নাযায় । কিহৰ ক্ষোভত ল’ৰাবোৰে ঘৰ এৰিছিল ? কেবিনেট মিছনত গান্ধীয়ে গোপীনাথ বৰদলৈয়ক সহায় নকৰাহেতেঁন আলফাই ভাৰতৰ বিৰুদ্ধে যুজ দিয়াৰ পৰিৱৰ্তে পাকিস্তান বা বাংলাদেশৰ বিৰুদ্ধে যুঁজ দিব নালাগিলেহেতেঁন নে ? চাদুল্লাই ঢাকা, মৈমনসিংহৰ পৰা মুচলমান আনি অসমত যেতিয়া সংস্থাপিত কৰি আছিল তেতিয়া মহাত্মা গান্ধী , সুভাষ বসু, নেহৰু হঁতে প্ৰতিবাদ কিয় কৰা নাছিল ? নাগালেণ্ড , মিজোৰাম দৰে সুন্দৰ অঞ্চল বিলাক ইউৰোপীয় খ্ৰীষ্টান মিচনেৰীৰ হাতত যেতিয়া নেহৰুৱে গটাই দিছিল তেতিয়া আন সৰ্বভাৰতীয় নেতা সকলে কিয় মৌণ হৈ আছিল ?প্ৰফুল্ল মহন্ত , ভৃগু ফুকন হঁতে নেতৃত্ব দিয়া বিদেশী খেদা আন্দোলনৰ ফলাফল ভাৰত চৰকাৰে কুটনীতিৰে মষিমুৰ কৰিলে । যুব উন্মাদনাত প্ৰফুল্ল মহন্ত কোম্পানীয়ে মহাভুল যেনিবা কৰিলেই , তথাপি ভাৰত চৰকাৰৰ বিয়াগোম বিষয়া , ইন্দিৰা গান্ধী বা ৰাজীৱ গান্ধীৰ দৰে নেতা সকলে অসম চুক্তিৰ দ্বাৰা কিয় বিদেশীক নিগাজী কৰিলে ? অসমৰ ভুখণ্ড জানো ভাৰতৰ সীমাৰ ভিতৰত পৰা নাছিল ?
অসমীয়া এদল যুবকে অসমখন ‘ স্বাধীন ‘ কৰিবলৈ সশস্ত্ৰ সংগ্ৰামৰ পথ ল’লেগৈ । এনেকুৱা এটা অসম্ভৱ কামকো আমাৰেই একাংশ সাহিত্যিক , বুদ্ধিজীবী বা সাহিত্য সভাৰ দৰে সংগঠনে নিজৰ ব্যক্তিগত লাভৰ বাবে উৎসাহ যোগান ধৰিলে । আশী নব্বৈ দশকৰ এই সকল বুদ্ধিজীবীৰ প্ৰায় ভাগেই আজিৰ দিনটোত প্ৰতিষ্ঠিত ব্যক্তি , কোনোবা ভাৰত ৰাষ্ট্ৰৰ সাংসদ , বিধায়ক হ’ল , বিষয়া হ’ল ইত্যাদি । একে সময়তে একমাত্ৰ স্বাধীন অসমৰ লক্ষ্যত লাগি থাকি সশস্ত্ৰ পথ লোৱা সকলেও অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰি অসমীয়াক ৰক্ষা কৰাৰ পথ নল’লে ।
২০২২ চনত ভৰি দিয়া অসম আৰু অসমীয়াই উপলব্ধি কৰা উচিত যে জনগাঁঠনিৰ পৰিৱৰ্তন প্ৰতিদিনে হৈ আছে আৰু এই পৰিবৰ্তন অসমীয়াৰ স্বাৰ্থ আৰু অসমৰ অস্তিত্বৰ বিপৰীতে গতি কৰি আছে । এনেকুৱা পৰিৱৰ্তনৰ ঢৌত অকল পৰেশ বৰুৱাই নহয় হিমন্ত বিশ্ব শৰ্মা , ভুপেন বৰা , দেৱব্ৰত শইকীয়াৰ ভৱিষ্যতো অন্ধকাৰ । উচিত বিশ্লেষণ হোৱা উচিত আৰু দলীয় ৰাজনীতিৰ উৰ্ধত থাকি প্ৰতিটো পক্ষই নিজৰ ব্যক্তিগত অভিমান ত্যাগ কৰি আলফাৰ ইচ্ছ্যুটো আগন্তুক দুই তিনিবছৰৰ ভিতৰত সমাধান কৰিব লাগে । অসমক ভালপোৱা প্ৰতিজন মানুহে হিমন্ত বিশ্ব শৰ্মা আৰু পৰেশ বৰুৱাৰ প্ৰতিটো পদক্ষেপ লক্ষ্য কৰি যাব ।