হোমেন বৰগোহাঞিৰ “পেগু হোটেল” আৰু আমি খোৱা তিনি সাঁজ ভাত

4746
  • বুবুল ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


“কিতাপ পঢ়াৰ আনন্দ” কিতাপখনেৰে চিনাকি হোৱা সদ্য প্ৰয়াত বৰগোহাঞিদেৱৰ বিভিন্ন কিতাপৰ দ্বাৰা লগতে তেওঁৰ বিভিন্ন বিষয়ৰ চেতনা সমৃদ্ধ প্ৰবন্ধসমূহে আমাক কিতাপ পঢ়িবলৈ, কৰ্মত বিশ্বাসী হ’বলৈ শিকোৱাই নহয় অচিনাকী হ’লেও যেন তেওঁ একপ্ৰকাৰ আমাৰ অভিভাৱক হৈ পৰিছিল।তেওঁ তেওঁৰ কৰ্মৰ দ্বাৰা,তেওঁৰ চিন্তাৰ দ্বাৰা আমাক প্ৰভাৱিত কৰি থৈ গ’ল আৰু হৃদয়ৰ মনিকোঠাত তেওঁ সর্বদা সোমাই থাকিব।আজি প্ৰতিগৰাকী অসমীয়া ম্ৰিয়মান তেওঁৰ বিয়োগত।এই চেগতে তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাচি তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।তেওঁৰ জীৱন সম্পৰ্কীয় বহুতো কিতাপৰ মাজৰ অন্য এখন কিতাপ হ’ল “জীৱনৰ পৰা আমি কি বিচাৰোঁ” বুলি প্ৰৱন্ধ সংকলন খন,য’ত তেওঁ এটা প্ৰৱন্ধ লিখিছিল “পেগু হোটেল” নামেৰে।হয়টো আমাৰ দৰে বহু পাঠকে পঢ়িছে প্ৰৱন্ধটো।য’ত তেওঁ লিখিছে কৈশোৰৰ দেওনা পাৰ হৈ দিচাংমুখৰ “পেগু হোটেল”ত খোৱা এসাঁজ আহাৰৰ কথা।জুপুৰি ঘৰ এটাত থকা আদহীয়া মানুহ এজন যিজনক তেওঁ পেগু বুলি পিছলৈ গম পাইছিল ,তেওঁ আৰু তেওঁৰ পৰিবাৰে ৰান্ধি দিয়া গৰম ভাতৰ লগত শুকান মাছৰ আঞ্জা আৰু জলকীয়াৰ গুড়ি খাই তেওঁ এনেকুৱা তৃপ্তি পাইছিল পিছৰ জীৱনত তাতকৈ বহু উচ্চ মানৰ খাদ্য খাইও তেওঁ সেই সাঁজ ভাতৰ কথা পাহৰিব পৰা নাছিল।আমাৰো জীৱনত এনে তিনি সাঁজ ভাত খোৱাৰ কথা মনত পৰিল যাক আমিও আজীৱন পাহৰিব নোৱাৰিম।তেওঁৰ পাণ্ডিত্য আৰু কৰ্মৰাজিৰে তেওঁ চিৰকাল আমাৰ মাজত অমৰ হৈ থাকিব।
এতিয়া আহকচোন সোমাই যাওঁ সেই তিনি সাঁজ ভাতৰ জুতিৰ মাজলৈ যি আমাৰ মনৰ মাজলৈ সোমাই আহিছে ফ্লেছবেক হৈ…!
প্ৰথম সাঁজ ভাত খাইছিলোঁ আমাৰ জন্ম গাঁও নকথাৰ ওচৰৰে গাঁও এখন নলগাওঁত সমন্ধীয় বৰদেউতা,চবিন বৰদেউতাৰ ঘৰত।আচলতে আমি বৰদেউতাক ডাঙৰ পিতা বুলি মাতিহে ভাল পাইছিলোঁ।সেইদৰে বৰমাক ডাঙৰ মাই বুলি।যাহক ভাত সাঁজৰ বিষয়ে কওঁ।তেতিয়া মই সম্ভৱতঃ এল পি স্কুলৰ ছাত্ৰ।আমাৰ নিজৰ ডাঙৰ পিতাৰ ছোৱালী দীপাবা ৰ লগত গৈছিলোঁ তেওঁলোকৰ ঘৰলৈ।ৰাতিপুৱাৰ ভাগত গৈছিলোঁ যদিও ডাঙৰ পিতাৰ সৰু ছোৱালী ৰঞ্জু বাৰ লগত কথাৰ মহলা মাৰি থাকোঁতে ডাঙৰ মাইৰ ভাত হৈ গৈছিল।ভাতৰ লগত আছিল উড়হি মিহলি মাটি মাহৰ দাইল আৰু কিবা এখন ভাঁজি।কিন্তু সৰু কালতে খোৱা সেই উৰহি দিয়া মাটি মাহৰ দাইল খনৰ সোৱাদ যেন মই আজিও অনুভৱ কৰোঁ।এতিয়া ডাঙৰ পিতাও নাই,ডাঙৰ মাইও নাই কিন্তু সেই সাঁজ ভাতৰ কথা কাহানিও পাহৰিব নোৱাৰিম।
দ্বিতীয় সাঁজ ভাত খাইছিলোঁ মেট্ৰিক পৰীক্ষা দি ডাঙৰ মামাৰ ছোৱালী অঞ্জুৰ লগত আমাৰ ঘৰৰ পৰা গৈ নহীৰাত থকা মামাৰ ঘৰত।অঞ্জু বয়সত অলপ মোতকৈ ডাঙৰ যদিও বাইদেউ বোলা নহয়।আজিও অঞ্জু বুলিয়েই মাতোঁ।সেই সাঁজ ভাতো খাইছিলোঁ দুপৰীয়া।ডাঙৰ মামীয়ে ৰান্ধিছিল থেকেৰা টেঙাৰ লগত চেলকনি মাছৰ জোল।ভাবিলে এতিয়াও জিভাৰ পানী ওলাই আহে।লগত কি ভাঁজি আছিল মনত নাই কিন্তু ডাঙৰ মামীৰ হাতৰ পৰশত প্ৰাণ পোৱা সেই থেকেৰা টেঙাৰ আঞ্জাখনেৰে খোৱা ভাত সাঁজৰ কথা কাহানিও পাহৰিব নোৱাৰিম।ডাঙৰ মামী হয়তো পাহৰিছে ,মই পাহৰিব পৰা নাই আৰু নোৱাৰোঁ ও।
তৃতীয় সাঁজ ভাত খাইছিলোঁ আমাৰ ঘৰত খেতিৰ কামত সহায়ক হিচাপে থকা লোহাৰঘাটৰ ওচৰৰ কৰাপাৰা গাওঁৰ বিপুল ৰাভা দাৰ ঘৰত।তেতিয়া সম্ভৱতঃ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ।আমি জংঘলৰ পৰা খৰি আনিব বুলি ডাঙৰ পিতাৰ ল’ৰা ৰাতুল আৰু মই পুৱতি নিশা তিনি মান বজাতে গৰুগাড়ী লৈ বিপুল দাৰ ঘৰত উপস্থিত হৈছিলোঁ।তেওঁৰ ঘৰত চাহ খাই আমি জংঘললৈ গৈছিলোঁ খৰি কাটিব।গোটেই দিনটো খৰি কাটি যেতিয়া পাহাৰৰ পৰা নামি আহো দেখিলোঁ বলধ হালৰ বগা বলধটো গৰু গাড়ীৰ ওচৰত নাই।ৰাতুল,বিপুল দা আৰু মোৰ হাহাকাৰ লাগিল।খৰি বোৰ কুঠাৰেৰে কাটি ওপৰৰ পৰা তললৈ বহু কষ্টেৰে নোমোৱাৰ পিছত যেতিয়া তেনে অৱস্থা হৈছিল আমি যেন বোবা হৈ গৈছিলোঁ।ঘৰত খবৰ দিয়াৰো উপায় নাই।তেতিয়া আবেলি হৈছিল,পেটত প্ৰচণ্ড ভোক।খৰি আৰু গৰুগাড়ী খন তাতে এৰি লগৰ মুগা বলধটোক আমি লগত লৈ বিপুল দাৰ ঘৰ পালোঁ।প্ৰায় দুই কিলোমিটাৰ খোজ কাঢ়ি।তাতে কিবা অলপ খাই ডাঙৰ পিতাৰ লৰা ৰাতুলে বিপুল দাৰ পৰা চাইকেল এখন লৈ ওলাই গ’ল বলধটোক বিচাৰোঁ বুলি।ইফালে সন্ধিয়া নামি আহিছিল,ঠাণ্ডাৰ দিন।ৰাতি হোৱাত খৰি আৰু গৰুগাড়ীৰে সৈতে আমি ঘৰ নোপোৱাত ঘৰৰ পৰা ওচৰৰে দাদা এজন তেতিয়া তেওঁ হাইস্কুল এখনৰ শিক্ষক,লক্ষীৰাম দা(এতিয়া অৱসৰ পালে)আৰু পেহী গৈছিল যাক আমি পেহী বাই বুলি মাতোঁ,ৰেণু পেহী বাই যাৰ বিয়াই নহ’ল আৰু আমাৰ এই জীৱন যুঁজত মা-দেউতাতকৈও বেছি ভূমিকা পেহীয়ে লৈছে।তেওঁলোক আহি আমাৰ খবৰ লোৱাৰ সময়তে ৰাতুলে বলধটো লৈ আহি পাইছিল।আমাৰ খৰি কটা ঠাইৰ পৰা প্ৰায় আঠ-ন কিলোমিটাৰ দূৰৰ কুমাৰবড়ি নামৰ ঠাইৰ পৰা।পেহী আৰু দাদাক কলো যে আমি ৰাতিপুৱা যাম একেবাৰে খৰি লৈ।তেতিয়ালৈকে আমাৰ ঘৰত গেছৰ চুলা নাছিল।এতিয়া আহোঁ আচল কথা ভাত সাঁজলৈ।সৰু টিনৰ চালি থকা জুপুৰি এটাৰ ওচৰত আমি জুই পুৱাই আছিলোঁ।বিপুল দাৰ পৰিবাৰে ভাত খাব মাতিলে।আগদিনা নিজৰ ঘৰত ৰাতি খোৱা ভাত সাজ আৰু পিছদিনা চাহ জলপানক বাদে পেটলৈ একো যোৱা নাছিল।গতিকে আগত যি পৰে তাকেই খাম বুলি পীৰাত বহিছিলো।ভাতৰ লগত সৰু মাছ ভাঁজি আৰু এখন বন্ধাকবিৰ পাত ৰ খাৰ দি ৰন্ধা আঞ্জা।খাৰৰ লগতে তাত পিঠাগুৰিও দিছিল।ইমান সোৱাদ পাইছিলোঁ সেই আঞ্জা খন যাক আজিও পাহৰিব পৰা নাই।কি অদ্ভুত সোৱাদ হৈছিল।হেঁপাহ পলুৱাই খাইছিলোঁ সেই সাঁজ ভাত।ৰাতুলৰ মনত আছে নে নাই নাজানোঁ মোৰ কিন্তু আজীৱন মনত থাকিব।ভাত খাই উঠি মাটিত পাৰি দিয়া খেৰৰ ওপৰত শুই পিছদিনা পুৱা খৰি বোৰ গাড়ীত উঠাই আমি দুপৰীয়া মানে ঘৰ পাইছিলোঁ।পৰিস্থিতিৰ কথা কবলৈ গৈ তৃতীয় সাঁজ ভাত খোৱা কাহিনীটো কিছু দীঘলীয়া হ’ল।হ’লেও জুতি পাব দিয়ক!
হয়তো মোৰ দৰে বহুতৰে মনত এনেকৈ কেতিয়াবা নহয় কেতিয়াবা খোৱা বিশেষ সাঁজৰ কথা মনত আছে!প্ৰকাশ নহয় মাথোঁ!ইয়াৰ আগে-পিছে এতিয়ালৈকে বহু নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খালোঁ, বহু হোটেলত(ষ্টাৰ বিহীন,ৰাস্তাৰ কাষৰ হোটেল,ফাইভ ষ্টাৰ ইত্যাদি) খালোঁ, নিজৰ ঘৰতো খালোঁ মাৰ হাতেৰে,শহুৰ দেউতাৰ ঘৰতো খালোঁ শাহু মাৰ হাতেৰে কিন্তু সেই বিশেষ তিনি সাঁজ ভাতে জীৱনত এনেকৈ ৰেখাপাত কৰি ৰাখিলে যে পাহৰিবই নোৱাৰোঁ।
মোৰ জিভাৰ জুতিৰ এই মধুৰ যাত্ৰাৰ সহযাত্ৰী হিচাপে আপোনালোকক ও ভ্ৰমণ কৰালোঁ
।আশা কৰোঁ জুতি পাব…!!