ৰাজনৈতিক দলৰ তৃণমুল কৰ্মী সমুহ ভৃত্যলৈ ৰূপান্তৰ হৈছে নেকি ?

831
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


শৰৎ সিংহৰ সময়ত সততা , হিতেশ্বৰ শইকীয়াৰ সময়ত ষ্ট্ৰেটেজি আৰু প্ৰফুল্ল মহন্তৰ সময়ত আবেগৰ ওপৰত ৰাজনীতি নিৰ্ভৰশীল আছিল । ২০০১ চনত তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰাজনীতিয়ে নতুন দিশ ল’লে __প্ৰফেচনেলিজিম আহি গ’ল ৰাজনীতিত । চেইন বিজনেচৰ দৰে ৰাজনৈতিক দলবোৰে কৰ্মীৰ সংখ্যা বৃদ্ধিত উঠি পৰি লাগিল । নতুন ধাৰাৰ লগত অগপ আৰু বিজেপিয়ে নিজকে খাপ খুৱাই ল’ব পৰা নাছিল কিন্তু কংগ্ৰেছ দলে সদস্য সংখ্যা বৃদ্ধিৰে  চমক সৃষ্টি কৰি একেৰাহে ১৫ বছৰ শাসনত থাকিল । হিমন্ত বিশ্ব শৰ্মা ৰকিবুল হুছেইন প্ৰদ্যুত বৰদলৈ ভুপেন বৰা, অকন বৰা, আব্দুল খালেকৰ দৰে মধ্য বয়সীয়া নেতাৰ উত্থান আৰু পিয়ুজ হাজৰিকা , জয়ন্ত মল্ল বৰুৱা  সুশান্ত বৰগোহাই ৰূপজ্যোতি কুৰ্মী ৰেকিবুদ্দিন আহমেদৰ দৰে অজস্ৰ যুব নেতাই কংগ্ৰেছক অপ্ৰতিৰোধ্য কৰি পেলালে । গুপ্তহত্যা , আলফা , বিএলটি , এন দিএফবি, চৰকাৰৰ ওপৰত ছাত্ৰ সন্থাৰ নেতাৰ হস্তক্ষেপ আদি জলন্ত সমস্যাবোৰে প্ৰফুল্ল মহন্ত চৰকাৰৰ সময়ত ৰাজ্যৰ অৰ্থনীতি দুৰ্বল কৰাৰ পুৰ্ণ সুযোগ গ্ৰহণ কৰি তৰুণ গগৈয়ে ৰাজ্যৰ নেতৃত্ব ল’লে । অগপ চৰকাৰৰ সময়ত আঞ্চলিক পৰ্য্যায়ৰ সাধাৰণ নেতা এজনে মন্ত্ৰীক ধমক দিব পৰা সংস্কৃতি শেষ হৈ গৈছিল কংগ্ৰেছ চৰকাৰৰ সময়ত । কেন্দ্ৰত মনমোহন সিংৰ নেতৃত্বত গঠন হোৱা কংগ্ৰেছ চৰকাৰে অসমত হাজাৰ হাজাৰ কৌটি টকাৰ পেকেজ ঘোষণা কৰি অসমত উন্নয়নৰ নতুন মাত্ৰা প্ৰদান কৰিলে । অসমলৈ আমদানি হ’ল দামী ব্ৰেণ্ডৰ গাড়ী , ৰাস্তা বনোৱা ডাম্পাৰ , প্ৰকলেন ইত্যাদি । নতুন নতুন ঠিকাদাৰৰ জন্ম হৈ গ’ল আৰু ৰাজনীতি হৈ পৰিল এক লাভজনক ব্যৱসায় ।ৰাজনীতি ব্যৱসায় হোৱাৰ লগে লগে জন্ম হ’ল মালিক আৰু কৰ্মচাৰী এক অদৃশ্য শ্ৰেণী । ব্যৱসায়ত তিষ্ঠি থাকিবলৈ প্ৰয়োজন হ’ল তোষামোদ আৰু বিজ্ঞাপনৰ । কৰ্মীয়ে পালিনেতাক তোষামোদ কৰি কাম আদায় কৰা আৰু পালিনেতাই নেতাক তোষামোদ কৰি সুবিধা লোৱা চেইন ব্যৱসায়ে ৰাজনৈতিক দলবোৰক প্ৰাইভেট এনটাৰপ্ৰাইজলৈ ৰূপান্তৰ কৰি পেলালে । কৰ্মীয়ে সুবিধা পোৱা আশাত নেতাৰ অবিবেচক সিদ্ধান্তক সমালোচনা নকৰা হ’ল আৰু মন্ত্ৰী-বিধায়ক সকলেও কৰ্মীক কৰ্মচাৰী হিচাপে ব্যৱহাৰ কৰিবলৈ সুযোগ পালে ।  কংগ্ৰেছে আৰম্ভ কৰা এই ট্ৰেণ্ডক বিজেপিয়ে অধিক সুচাৰু ৰুপে আগবঢ়াই থাকিল । মবাইলত মিচ ক’ল প্ৰদান কৰিও  সদস্য হ’ব পৰা হ’ল । ডেকাৰ পৰা বৃদ্ধলৈ সকলোৱে এই বিজ্ঞাপনত নিজকে সমৰ্পিত কৰি এক মিনিটত বিজেপিৰ সদস্য হৈ পৰিল । যিটো সময়ত এখন গাওঁত ৪-৫ মানুহে ৰাজনীতি কৰিছিল , এতিয়া সেই একেখন গাঁৱৰ প্ৰতি ঘৰ পৰিয়ালতেই ৪-৫ মানুহ ৰাজনৈতিক দলৰ সদস্য । ২০ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ যুবকেই এতিয়া দল সমুহৰ মুখ্য শক্তি । পঢ়া-শুনা , সংস্থাপন , খেতি বাতি ত্যাগ কৰি এই যুবক সকলে এটা মবাইল বা এক লাখ টকাৰ ঠিকা এটাৰ বিনিময়ত বছৰৰ তিনিশটা দিন মন্ত্ৰী-বিধায়কৰ পিছে পিছে ঘুৰি থাকে । আগন্তুক দহ বছৰত নতুন প্ৰজন্মৰ কি দশা হ’ব সেই অনুভৱ প্ৰতিটো দলেই বিচাৰ কৰা উচিত । যদিহে ৰাজনীতিয়ে যুব সমাজৰ ওপৰত নেতিবাচক প্ৰভাব পেলায় তেন্তে আজিৰ কৰ্মী ৰূপী ভৃত্য সকলে আগন্তুক দিনবোৰত ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰাটো নিশ্চিত ।