- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
প্ৰধানমন্ত্রী মোদীয়ে এটা সাক্ষাৎকাৰত কৈছিল_ অকল মোদী মোদী কৰি মোক প্ৰশংসা কৰি থকা মানুহ এজনক মই গুৰুত্ব দিম জানো? মানুহজন যোগ্য আৰু কৰ্মঠ হ’ব লাগিব। ৰাজেন গোহাঁই পুনৰ সক্ৰিয় হৈছে। হাতত পুৰণি বিজেপি হোৱাৰ অস্ত্র। বিভিন্ন ৰুদ্ধ দ্বাৰ বৈঠক কৰি আছে হেনো। এইটো কথা সচা যে ৰাজেন গোহাঁই পুৰণি বিজেপি নেতা। লগতে এইটোও সচা যে তেওঁ বিজেপি দলক অসমত শাসনত অনাটো দুৰৰ কথা তেওঁ বিজেপিক প্ৰধান বিৰোধী দলৰো মৰ্যাদা প্ৰদান কৰিব নোৱাৰিলে। অসমত বিজেপিৰ উত্থান হৈছে সৰ্বানন্দ সোণোৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ যোগদানৰ পিছত। সেয়েহে কেন্দ্ৰীয় নেতৃত্বই বুজি পায় কাক গুৰুত্ব দিব লাগে। বিজেপি নেতা এজনৰ যোগ্যতাৰ মাপকাঠী তেওঁ কিমান পুৰণি সেয়া নহয়, তেওঁক ৰাইজে কিমান গ্ৰহণ কৰিছে তাৰ ওপৰত হয়। বিধানসভা আৰু লোকসভাত টিকট নাপাই ৰাজেন গোহাঁই হতাশগ্ৰস্থ হোৱাটো অবশ্যে স্বাভাবিক।