অংকিতা , বিস্মিতা কেতিয়া ?

1709
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


 ৰূপজ্যোতি কুৰ্মী পৰাজিত হ’ব লাগিব অন্যথা কংগ্ৰেছৰ পৰা অমুচলমান নেতাৰ বিজেপি গমন বন্ধ নহয় । সমান্তৰাল ভাবে হিমন্ত বিশ্ব শৰ্মাৰ লগত এনে একাংশ কংগ্ৰেছ নেতা আছে যিসকল বিজেপিত অহাৰ দুৱাৰ সদায় খোলা আছে , কিন্তু সমষ্টি বিলাক মুচলমান সংখ্যাগৰিষ্ঠ হোৱা বাবে তেওঁলোক আহিব পৰা নাই । কুৰ্মীৰ পিছত সুশান্ত বুঢ়াগোহাই , বিশ্মিতা গগৈ আদিৰো বিজেপি গমন নিশ্চিত । উজনিৰ যি কেইটা সমষ্টিত ইচলাম সংখ্যাধিক সেই কেইটা সমষ্টিৰ নেতা বিলাক কংগ্ৰেছৰ লগত থাকিবলৈ বাধ্য । ঢকুৱাখানা ত্যাগ কৰি নাওবৈচালৈ অহা ভৰত নৰহ কংগ্ৰেছতেই থাকিব ।এইখিনি সাধাৰণ কথা কংগ্ৰেছী নেতা এজনৰ গাড়ী চালক এজনেও বুজি পায় । তেন্তে কংগ্ৰেছে কৰিব কি ? বিদায়ী সভাপতি ৰিপুন বৰা গহপুৰৰ পৰা ধাৰাবাহিক ভাবে পৰাজিত হৈছে । যোৱা নিৰ্বাচনত স্বয়ং ৰিপুন বৰাই পৰাজিত হোৱাৰ পিছত কংগ্ৰেছ দলে পুনৰ এজন পৰাজিত প্ৰাৰ্থীকেই সভাপতি আসনত বহুৱালে । ভুপেন বৰা , ৰিপুন বৰাৰ সমষ্টিত মুচলমান ভোটাৰে যিহেতু নিৰ্বাচনৰ জয় পৰাজয় নিৰ্ধাৰণ কৰিব নোৱাৰে তেনে স্থলত বৰ্তমানৰ সভাপতি জন লোকসভা নিৰ্বাচনো খেলে তেতিয়া জয়ৰ মুখ দেখাটো অসম্ভৱ ।চন্দ্ৰ মোহন পাটোৱাৰীয়ে অগপ বাদ দি বিজেপি লৈ অহাৰ দৰে ৰিপুন বৰাৰ দলত্যাগো কিন্তু অসম্ভৱ নহয় । চোনিয়া গান্ধী , ৰাহুল গান্ধীৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈ আছে ৰাজ্যিক নেতাসকল । তেনেস্থলত দলীয় সিদ্ধান্ত কোনে কাৰ্য্যকৰী কৰিব ? হিন্দু ভোটাৰ সংখ্যাগৰিষ্ঠ সমষ্টিৰ বিধায়ক ,নেতাসকলৰ কংগ্ৰেছ ত্যাগ বন্ধ কৰাৰ উপায় কি ? বৰ্তমান সময়ত ৰূপজ্যোতি কুৰ্মীৰ পৰাজয় যদি কংগ্ৰেছ দলে নিশ্চিত কৰিব পাৰে তেন্তে বহু নেতাৰ বিজেপি গমণ প্ৰস্তুতি লেহেমীয়া হৈ পৰিব । মৰিয়নি সমষ্টিত কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ দলে মিত্ৰতা অটুট ৰাখি ঊমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব , কিন্তু বিৰোধীৰ অংকত খেলি মেলি লগাব অখিল গগৈয়ে । অখিল গগৈৰ দলে নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে বিজেপিৰ কাৰণে নিৰ্বাচন কিছু সহজ হৈ পৰিব । কংগ্ৰেছৰ এক বিশেষ সুত্ৰই জনোৱা মতে শিলাদিত্য দেৱক বিৰোধী মিত্ৰ গোটে নিৰ্বাচনৰ আগে আগে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। হোজাইৰ প্ৰাক্তণ বিধায়কজন এতিয়া স্থানহীন । কিছুদিন আগত হোজাইত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত প্ৰাক্তণ বিধায়কজনে মঞ্চত বহাৰ কাৰণেও দৌৰা দৌৰি কৰিব লগীয়া হোৱা দৃশ্য চচিয়েল মিডিয়াত ভাইৰেল হৈছে । বঙালীভাষী ভোটাৰ থকা মৰিয়নীত শিলাদিত্য দেৱৰ ক্ষোভ ব্যৱহাৰ  কৰিবলৈ কংগ্ৰেছে চেষ্টা অব্যাহত ৰাখিছে , যদিও শিলাদিত্য দেৱে নিজৰ স্থিতি স্পষ্ট কৰা নাই । উজনিৰ কংগ্ৰেছী নেতাৰ বিজেপি গমন যদি দলে ৰোধ কৰিব নোৱাৰে তেতিয়া অসমত কংগ্ৰেছৰ স্থিতি জম্মু-কাশ্মীৰত কংগ্ৰেছৰ স্থিতিৰ দৰেই হ’ব । হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চলত বিজেপি আৰু ইচলাম সংখ্যাগৰিষ্ঠ অঞ্চলত এআইইউদিএফৰ প্ৰভাব আৰু অধিক স্পষ্ট ৰূপত দেখা যাব ।