একমাত্ৰ প্ৰফুল্ল কুমাৰ মহন্তৰ বদনাম কিয় ?

1924
  • পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


 অসম চুক্তি ‘ ৰ বিৰোধত ইউ এম এফ গঠন হৈছিল আৰু আই এম ডি টি ভংগ হোৱাৰ পিছত হৈছিল গঠন হৈছিল ইউডিএফ । ‘ অসম চুক্তি ‘ ৰ পৃষ্ঠা কেইখন হাতে হাতে পোৱাৰ পিছত ‘ আমছু ‘  ৰ দৰে সংগঠনেও ‘ অসম চুক্তি ‘ ৰ বিৰুদ্ধে এটা শব্দ নুশুনা হ’ল । ‘ কেব ‘ৰ সময়ত অসমীয়াক ‘ অহমীয়া ‘ বুলি কোৱা নেতাসকলেও চুক্তিখনক মুৰত স্থান দিলে ।বৰ্তমানৰ চৰকাৰে   ৬ নং দফা কাৰ্যকৰী কৰিবলৈ লোৱা সময়ত ‘ অসম চুক্তি ‘  ক সন্মাণ দিয়া আমছুৰ দৰে সংগঠনে কি ভুমিকা লয় সেয়া সময়ত স্পষ্ট হ’ব ।  আলাউদ্দিন খিলজীয়ে নালন্দা বিশ্ববিদ্যালয়ৰ লাখ লাখ কিতাপ জ্বলোৱা দি কোনে কি জ্বলায় চাবলৈ অপেক্ষা কৰক বুদ্ধিজীবীসকলে । জাতিৰ বিৰম্বনা বহুত । আই এম ডি টিৰ স্ৰষ্টা আব্দুল মুহিব মজুমদাৰ হয় অগপ চৰকাৰৰ মন্ত্ৰী । আই এম ডি টি ক আইন কৰে ইন্দিৰা গান্ধীয়ে আৰু সেইজন ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীৰ  লগত আমাৰ নয়নমনি নেতাই কৰে চুক্তি __ নাম অসম চুক্তি । না আব্দুল মুহিবৰ দোষ আছিল না গান্ধীৰ দোষ আছিল  । আব্দুলৰ চিন্তা স্বাভাবিক আছিল  নিজৰ সম্প্ৰদায়ক লৈ  আৰু গান্ধীৰ  চিন্তা প্ৰাসংগিক আছিল  কাৰণ চীন , পাকিস্তানৰ লগত সীমা থকা ভাৰত ৰাষ্ট্ৰৰ লগত বাংলাদেশৰ সুসম্পৰ্ক লাগিবই ।
‘অসম চুক্তি ‘ চাক্ষৰ কৰাৰ পিছত চাক্ষৰকাৰী নেতাসকলক অসমীয়াভাষী জনতাই শিৰত তুলি সন্মান দিলে । ৰাজ অভিষেক পাতিছিল ৰাইজে ।  বহুতে এতিয়া প্ৰফুল্ল কুমাৰ মহন্তক কাঠঘৰাত উঠাব খোজে , সমষ্ট দোষ জাপি দিব খোজে । উপেন ব্ৰহ্ম অপমানিত হ’ল , শিক্ষক ছাত্ৰৰ দ্বাৰা অপদস্হ হ’ল , দলং জ্বলিল , অসমীয়া বঙালীৰ মাজত অবিশ্বাসৰ বীজ ৰোপণ হ’ল , কমিউনিষ্টৰ ওপৰত চলা নিৰ্দয় অত্যাচাৰে হয়টো লাডেনকো পিছ পেলাব , ৮৫৫ জন শ্বহীদ হোৱা ডেকাৰ কিমানজন প্ৰাপ্তবয়স্ক আছিল তাৰ উত্তৰ কাৰো হাতত নাছিল । তথাপি ৰাইজে প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ সহযোগীক সমৰ্থন দিছিল । প্ৰফুল্ল মহন্তই ভোটাৰৰ মুৰত পিষ্টল ৰাখি ভোট বিচৰা নাছিল । প্ৰাক্তন ছাত্ৰ নেতাসকলৰ প্ৰতি  আবেগ আৰু মৰম আছিল  অসমীয়াভাষী জনতাৰ ।  এজন ব্যক্তিৰ ওপৰত সমষ্ট দোষ জাপি বাকীসকল সহযোগী ৰাজনেতাই নিকা দেখুৱাই থকা ভাষ্যৰো  অভাব নাই  । ‘৮৫’ আৰু ‘ ৯৬ ‘ ত একেলগে ৰাজপাটত বহি ক্ৰীম খাই অভ্যষ্ট একাংশ নেতাই , গাখীৰৰ অভাবত স্থান ত্যাগ কৰিলে আৰু গাখীৰৰ বাচনটোকে ভাঙিবলৈ চেষ্টা কৰি থাকিল । প্ৰফুল্ল কুমাৰ মহন্তই চুক্তি পত্ৰখনত চহী কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে । সেয়ে আন ছাত্ৰ নেতা , আঞ্চলিক সমিতি , জাতীয়তাবাদী বুদ্ধিজীবী , আন্দোলনত সহযোগ কৰা কৰ্মচাৰীবৃন্দৰ অকণো প্ৰভাব নাছিল নেকি চাক্ষৰকাৰীসকলৰ ওপৰত ? সকলোৱে জানিছিল ।  চৰকাৰ গঠন হোৱাৰ পিছত চাকৰি , ঠিকা , নিকায় – স্কুল কমিটিৰ সভাপতি , আনকি কলেজৰ অধ্যক্ষ , অধ্যাপক , শিক্ষক নিযুক্তি বোৰ্ডৰ সদস্য হোৱা  এসময়ৰ জাতীয়তাবাদীসকলে  আজি প্ৰফুল্ল কুমাৰ মহন্তক মেল – মিটিংত সমালোচনা কৰে ।    এজন ব্যক্তিৰ ওপৰত সৰ্বস্ব দোষ জাপি দি  বহু নেতাই গেৰুৱা দল বিজেপিৰ টিকটত সাংসদ হ’ল  , বিধায়ক হ’ল । যদিহে অসমীয়া ভাষী ৰাইজৰ সমৰ্থন অবিহনে প্ৰফুল্ল কুমাৰ মহন্তই চুক্তি কৰি বা আন্দোলন কৰি ভুল কৰিছিল তেন্তে তেওঁক অসমৰ ৰাইজে জানো গণতান্ত্ৰীক প্ৰক্ৰিয়াৰে মুখ্যমন্ত্ৰী পতা নাছিল ?  আছুৰ ভুমিকাক সমালোচনা কৰা আৰু অসম চুক্তিক প্ৰতৰাণাৰ দলিল আখ্যা দিয়া গেৰুৱা দলৰ একাংশ নেতাই কিয় পাহৰি যায় যে তপন কুমাৰ গগৈ ছাত্ৰ সন্থা ত্যাগ কৰিয়েই বিধায়ক হ’ল , মন্ত্ৰী হ’ল আৰু বৰ্তমান সাংসদ হ’ল ।  প্ৰফুল্ল মহন্ত , সমুজ্জ্বল ভট্টাচাৰ্য্যক সমালোচনা কৰাসকলে তপন গগৈক জানো সমালোচনা কৰিব ?  ‘ কেব ‘ বিৰোধ আন্দোলনত আছুৰ ভুমিকা সক্ৰিয় আছিল, আনহাতে সমৰ্থনত হিমন্ত বিশ্ব শৰ্মা , জয়ন্ত মল্ল বৰুৱা , মৃণাল শইকীয়াৰ দৰে ব্যক্তিৰ সমৰ্থনত তপন কুমাৰ গগৈৰ দৰে নেতাৰ ভুমিকা কি আছিল সেইবিলাক ৰাইজে বুজে । কিন্তু সেইজন নেতাই বিধান সভাৰ পৰা সংসদ ভৱন পালে ।
অসম আন্দোলনে সেইসময়ত আন্দোলনত জড়িত  সৰহসংখ্যক অসমীয়া যুবকৰ জীৱন যৌবন  ধ্বংশ কৰিলে , জন্ম দিলে আলফাৰ ,নতুনকৈ  জন্ম দিলে উপেন্দ্ৰ নাথ ব্ৰহ্মক ,  শিক্ষকৰ সন্মান ম্লান কৰিলে ,  নিবনুৱা সমস্যা দুৰ কৰাৰ প্ৰধান আহিলা শিক্ষক নিযুক্তিয়ে চৰকাৰী শিক্ষাব্যৱস্থাক ধ্বংসৰ গৰাহলৈ ঠেলিলে । আজিৰ প্ৰজন্মৰ অসমীয়াভাষী  যুবক যুবতীয়ে প্ৰফুল্ল কুমাৰ মহন্তক প্ৰশ্ন কৰাৰ আগত ‘৮৫ ‘ত দুইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰা নিজৰ পিতৃক প্ৰশ্ন কৰিব লাগিব , নাগৰাৰ কোবত ‘ আহ ঐ আহ ওলায় আহ ‘ শ্লোগানত দলং জ্বলোৱা নিজৰ খুড়াকক প্ৰশ্ন কৰিব লাগিব,  মদাহীক নিমখ খুওৱা নিজৰ মোমাইয়েকক প্ৰশ্ন কৰিব লাগিব , দিন দুপৰত কমৰেডৰ ঘৰত শিলাবৰ্ষণ কৰা পেহাজনক প্ৰশ্ন কৰিব লাগিব ,  প্ৰশ্ন কৰিব লাগিব নিজৰ শিক্ষাগুৰু জনক যিজন  শিক্ষক নিযুক্তি বোৰ্ডৰ মেম্বাৰ আছিল ।  এটা অতি উল্লেখযোগ্য কথা হ’ল যে  গোটেই অসমৰ প্ৰতিটো জাতি , জনগোষ্ঠী , সম্প্ৰদায়ৰ ছাত্ৰ সমাজক চমু বাটেৰে ৰাজনীতি কৰি মন্ত্ৰী – বিধায়ক হ’বলৈ শিক্ষা দিলে অসম আন্দোলনৰ ছাত্ৰ নেতাসকলে । চাহবাগনৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ  ছাত্ৰ নেতা আজি সাংসদ হ’ল , চৰাঞ্চলৰ আমছুৰ  ছাত্ৰ নেতা বিধায়ক  হ’ল , পাহাৰৰ  ছাত্ৰ সন্থাৰ নেতাই দিছপুৰৰ  গাদীত বহিল ,  ছাত্ৰ আন্দোলনে পৃথক ৰাজ্যৰ দাবী কৰিবলৈ আৰম্ভ কৰিলে , ছাত্ৰ নেতাই ৰাজ্যসভা পালে ।