পূৰ্ব বংগীয় মুছলমানক মুখ্যমন্ত্ৰী হ’ব দিব নোৱাৰো : জয়ন্ত মল্ল বৰুৱা

5249

অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত বিজেপি মুখপাত্র তথা পৰ্য্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা . 

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতিম লহকৰ /কিশোৰ চক্ৰৱৰ্তী

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ ৰাজনীতি অসম ‘ ক সময় দিয়াৰ বাবে ধন্যবাদ।

জয়ন্ত মল্ল বৰুৱা : আপোনালোককো সাক্ষাৎকাৰ লোৱাৰ বাবে ধন্যবাদ।

ৰাজনীতি অসম : নাগৰিকত্ব  সংশোধনী বিধেয়ক ২০১৬ ক লৈ আপোনাৰ দলৰ নেতা কৰ্মী সকলে মাত্ৰ এমাহ আগলৈকে এটা নিৰপেক্ষ দুৰত্বত অৱস্থান কৰি আছিল । এতিয়াও দুই -তিনিজনৰ বাহিৰে নাগৰিকত্ব  বিধেয়কৰ সমৰ্থনত আপোনাৰ দলৰ সৰহ সংখ্যক মন্ত্ৰী বিধায়ক নিৰৱ কিয় ?

জয়ন্ত মল্ল বৰুৱা : বিজেপি দলৰ আদৰ্শত কোনো হিন্দু মানুহেই ভাৰতত বিদেশী নহয় ।  হিন্দুত্ব হ’ল জীৱন ধাৰণৰ প্ৰণালী । সাধাৰণতে হিন্দু বুলি ক’লে এটা ধৰ্মৰ মানুহকে যে বুজাবলৈ চেষ্টা কৰা হয় , সেই ধাৰণাৰ লগত আমাৰ ধাৰণাৰ মিল নাই । আমাৰ কাৰণে হিন্দু হ’ল সংস্কৃতি । বিজেপিৰ প্ৰতিজন সদস্যই এই আদৰ্শত কাম কৰে । ৰাজনৈতিক দল এটাত দায়িত্ব ভগোৱা থাকে । মই মুখপাত্ৰ হিচাপে দলৰ স্থিতি আৰু বিধেয়ক সম্পৰ্কে  বক্তব্য আগবঢ়াও । দলে কেইজনমান মন্ত্ৰী বা বিধায়কক এই বিষয়ে ক’বলৈ দায়িত্ব দিছে আৰু সেই দায়িত্ব পালন কৰিছে । কিন্তু কথাটো এনেকুৱা যে মিডিয়াত বা ৰাস্তাত হোৱা আন্দোলন বোৰৰ কাৰণে কেতিয়াবা আমাৰ কিছুমান নেতাই গণ্ডগোল হ’ব বুলি ধাৰণা কৰে , সেইবাবেই কেতিয়াবা বক্তব্য নাৰাখে ।
ৰাজনীতি অসম : নিৰৱতাক দুৰ্বলতা বুলি ভবাৰ থল আছে নেকি ?
জয়ন্ত মল্ল বৰুৱা : নিৰৱতা সকলো সময়তে দুৰ্বলতা নহয় । আজি আছুৱে প্ৰতিবাদ কৰিছে । কাৰণ তেওঁলোকে অসম চুক্তি কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁলোক আবেগিক । আমি অসম চুক্তিক এটা ষ্টেপ আগলৈহে লৈ যাব বিচাৰিছো । অসম চুক্তিয়ে ৭১’ লৈ অহা মানুহখিনিক নাগৰিকত্ব দিলে আৰু আমি কৈছো যে ১৯৫১ চনক ভিত্তিবৰ্ষ কৰি অসমৰ খিলঞ্জীয়া মানুহখিনিৰ ৰাজনৈতিক , অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰিম । ‘ নতুনকৈ ১ কৌটি -২ কৌটি মানুহ বাংলাদেশৰ পৰা অনা  হ’ব ‘  এই ধৰণৰ প্ৰচাৰে মানুহক বিপথে পৰিচালিত কৰিছে । যিকেইটা সংখ্যালঘু ধৰ্মৰ মানুহক নাগৰিকত্ব দিয়াৰ কথা উল্লেখ আছে , সেই মানুহখিনি  আজিৰ দিনটোত ভাৰততেই আছে । এই নাগৰিকত্বৰ ভিত্তি বৰ্ষ হ’ল ২০১৪ ।
ৰাজনীতি অসম : বৰ্তমান চৰকাৰৰ বিত্ত মন্ত্ৰীয়ে ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি  কৈছে যে বিধেয়ক খনৰ দ্বাৰা ২০২১ বিধান সভা নিৰ্বাচনত ১৭ টা  সমষ্টি  খিলঞ্জীয়াৰ হাতত ৰাখিব পৰা যাব । কিন্তু আমাৰ প্ৰশ্ন হ’ল জনসংখ্যা বিস্ফোৰণে আপোনালোকে কোৱা ১৭ টা সমষ্টিত প্ৰভাব নেপেলাব জানো ? কিমান দিনলৈ এই ফৰ্মুলাটো সেই সমষ্টি কেইটাত ফেক্টৰ হৈ থাকিব ?
জয়ন্ত মল্ল বৰুৱা : আমি ৮০-৯০ টা বিধান সভা সমষ্টি খিলঞ্জীয়াৰ কাৰণে যিদিনাই সংৰক্ষণ কৰিম সেই দিনাৰ পৰা যিমানেই জনসংখ্যা  বিস্ফোৰণ  নকৰক ৰাজনৈতিক অধিকাৰ কিন্তু খিলঞ্জীয়াৰ হাততেই থাকিব । পঞ্চায়ত নিৰ্বাচনত  জনসংখ্যা নীতি ৰাইজে দেখিলে , ইয়াৰ পিছত  অধিক কঠোৰ জনসংখ্যা নীতি আৰু ভুমি নীতি আহিব ।
ৰাজনীতি অসম : আছুৱে  অসম চুক্তিৰ ভিত্তিত ৭১ ‘ ৰ পিছত অহা  প্ৰতিজন অবৈধ বিদেশী বিতাৰণৰ কথা কৈ আছে , আপোনালোকে ২০১৪ লৈকে ভাৰতত বাস কৰি থকা অমুছলমান মানুহখিনিক নাগৰিকত্ব দিবলৈ সংশোধণী আনিছে । এতিয়া আকৌ ১৯৫১ চনক ভিত্তি কৰি ৰক্ষাকৱচৰ কথা আহিছে । কথা বিলাক জটিল হোৱা নাই জানো  ?
জয়ন্ত মল্ল বৰুৱা : একেবাৰেই জটিল হোৱা নাই । ভাৰতৰ আন ৰাজ্যত নাগৰিকত্বৰ ভিত্তি হৈছে ১৯৫১ আৰু আমাৰ অসমৰ কাৰণে হ’ল ১৯৭১ ,২৪ মাৰ্চ ;  ১৯৫১ ৰ পৰা ১৯৭১ লৈ অবৈধ ভাবে অহা হিন্দু বাংলাদেশী আৰু ইছলাম ধৰ্মী বাংলাদেশীয়ে নাগৰিকত্ব পালে অসম চুক্তি মতে । আমি কৈছো  নিৰ্যাতিত ধৰ্মৰ মানুহখিনিক ২০১৪ চনক ভি্ত্তি হিচাপে লৈ নাগৰিকত্ব প্ৰদান কৰাৰ কথা । ইয়াৰ লগ লগে ১৯৫১ চনক ভিত্তি হিচাপে লৈ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব ; খিলঞ্জীয়া বুলি ক’লে হিন্দু , ইছলাম , বৌদ্ধ , খ্ৰীষ্টান সকলো মানুহেই থাকিব ।অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ন আমাৰ দায়িত্ব আৰু কৰ্তব্য । অসম চুক্তিৰ ৩৪ বছৰ পাছত এন আৰ চিৰ খচৰা প্ৰকাশ পালে । ৭১ ‘ ৰ হিচাপত নাগৰিকত্ব পোৱা মানুহখিনিয়ে জনবিস্ফোৰণৰ দ্বাৰা অসমৰ জনগাঁঠনিলৈ ভাবুকি আনিলে । এতিয়া এন আৰচিত যিসকল অবৈধ বাংলাদেশীৰ নাম কটা যাব , তেওঁলোকক ভাৰতৰ পৰা বিতাৰণ কৰিব লাগিব অন্য দেশলৈ । কিন্তু ইয়াৰ কাৰণে ইনটাৰনেচনেল চুক্তি লাগিব , এই সকল মানুহক বাংলাদেশ চৰকাৰে ল’ব নে নাই , যদি নলয় বুলি কয় _তেতিয়া আকৌ অবৈধ বিদেশী খিনিক বাংলাদেশৰ বুলি প্ৰমাণ কৰিব লাগিব ; এই আইনি মেৰপাচৰ কাম বিলাক কৰোঁতে কৰোঁতে আৰু কিমান বছৰ যায় তাৰ কোনো লেখ নাই ।
 কিন্তু এটা কথা থিক যে এই সময়ছোৱাতেই তেওঁলোকৰ জনসংখ্যা কৌটিৰ ঘৰত বাঢ়িব আৰু ১০ বছৰ পিছত অসমৰ ভাষা – সংস্কৃতি আৰু অস্তিত্ব খিলঞ্জীয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত যাব  ।
ৰাজনীতি অসম : অসমত নাগৰিত্ব বিধেয়ক খনৰ প্ৰতিবাদ মুলত: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু অখিল গগৈৰ নেতৃত্বত হৈ আছে । আপোনাৰ প্ৰতিক্ৰিয়া কি ?
জয়ন্ত মল্ল বৰুৱা : সমুজ্জ্বল ভট্টাচাৰ্য্য ডাঙৰীয়া বা আছুৰ নেতৃত্বত যিটো আন্দোলন চলি আছে এই আন্দোলনত কিছু পৰিমাণে ন্যয্যতা আছে ; কাৰণ আছুৱে অসম চুক্তি কৰিছিল  । কিন্তু এই অখিল গগৈ বা হিৰেণ গোহাঁইৰ লেখিয়া মানুহবোৰ হৈছে একো একোজন বাওঁপন্থী । তেওঁলোকেটো আছুৰ অসম আন্দোলনটোকে বিৰোধ কৰিছিল । দুয়োটা প্ৰতিবাদৰ উদ্দেশ্য পৃথক । আছুৱে অসমীয়াৰ কথাত মাত মতাটো স্বাভাবিক । কিন্তু অখিল গগৈৰ আন্দোলন অসমীয়াৰ স্বাৰ্থত নহয় । মই আছুক বা সমুজ্জ্বল ভট্টাচাৰ্য্য দেৱক এটা কথা ক’ব খোজো যে সদৌ অসম ছাত্ৰ সন্থা যেতিয়া অসমীয়া ছাত্ৰ সন্থা ৰুপ পাইছিল তেতিয়া উপেন্দ্ৰ নাথ ব্ৰহ্ম ওলাই গৈ আবছু জন্ম দিলে ,ৰাভা ছাত্ৰ সন্থা হ’ল , কাৰ্বি ছাত্ৰ সন্থা হ’ল ইত্যাদী ।
পৰিতাপৰ ইতিহাস । অসম সাহিত্য সভাৰো একেই অৱস্থা ।বংগীয় মুছলমানৰ জনবিস্ফোৰণে আজি অসমৰ জনগাঁঠনি সলনি কৰিলে । এতিয়া আমি  ৰাভা , মিচিং , বড়ো , কাৰ্বি , চৈয়দ , গৰিয়া, মৰিয়া,  দেশী আদি সকলো খিলঞ্জীয়াই একেলগে  অসমবাসী হৈ থাকিব লাগিব  আৰু তাত থাকিব বঙালী , নেপালী সকলো ।  আছুৰ সিদ্ধান্ত ভুল হোৱাৰ কাৰণ _ তেওঁলোকে এতিয়াও ১৯৫১ চনৰ অসম  বুলি ভাবি আছে । তেওঁলোকে বুজি উঠক _ নাগৰিকত্ব ২০ বছৰ পিছুৱাই আনি কিমান মানুহক আকোঁৱালি ল’লে আৰু সেই মানুহখিনিৰ জনসংখ্যা বিস্ফোৰণে কি পৰিস্থিতিৰ সৃষ্টি কৰিলে ।যিসকলে বিধেয়ক খনক জাতিধ্বংশী বুলি কৈছে , তেওঁলোকে জনা দৰকাৰ যে অসম চুক্তিখন তাতকৈ বেছি ভয়াবহ । । সিদ্ধান্ত লোৱাৰ সময় আহিছে । আমি  পুৰ্ব বংগীয় মুছলমানৰ বা  জিন্নাৰ বংশধৰৰ দাসত্ব স্বীকাৰ কৰিম নে খিলঞ্জীয়া জাতি – জনগোষ্ঠীৰ লগত মিত্ৰতা আৰু ভাতৃত্ব ভাবেৰে চলিম ।
ৰাজনীতি অসম : আপোনালোকে বাৰে বাৰে আজমলৰ উদ্ধৃতি দিয়ে । আজমল ভাৰতীয় নাগৰিক আৰু দেশৰ নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃত ৰাজনৈতিক দল এটাৰ নেতা । তেনেস্থলত আজমল অসমৰ মুখ্যমন্ত্ৰী হ’লে অসুবিধা ক’ত ?
জয়ন্ত মল্ল বৰুৱা : অসম চুক্তি মতে নাগৰিকত্ব পোৱা পূৰ্ব বংগীয় মুছলমানক মুখ্যমন্ত্ৰী হ’ব দিব নোৱাৰো । অসম চুক্তিয়ে নাগৰিকত্ব দিছে বুলি আমি তেওঁলোকক মুখ্যমন্ত্ৰী আসনত বহুৱাব নোৱাৰো । ১৯৫১ ৰ আগৰ যিকোনো মানুহকে আমি মানি ল’ম । কিন্তু পুৰ্ব বংগীয় মুছলমানৰ বংশধৰক মানিব নোৱাৰো । খিলঞ্জীয়া মানুহক অসমীয়াই মানিব  । আনোৱাৰা টাইমুৰ মুখ্যমন্ত্ৰী হৈছিল । তাত অসমীয়াৰ আপত্তি নাই । আজমল আছিল ইউ এম এফ দলৰ ফািনেন্সাৰ । তেতিয়া বংলাভাষী হিন্দু আৰু  পুৰ্ব বংগীয় মুছলমান কিছুমান ব্যক্তিৰ নেতৃত্বত ১৯৮৫ ত UMF গঠন হৈছিল । কিন্তু পিছত যেতিয়া আচল কথা বিলাক গ’ম পালে তেতিয়া কালিপদ সেন হতঁৰ দৰে নেতা সকলে দলটো ত্যাগ কৰিছিল । অৰ্ধেন্দু দে , চন্দন সৰকাৰ হতেঁও UMF কৰিছিল । এইজন আজমলেই আকৌ UDF গঠন কৰিলে ২০০৫ ত , যেতিয়া দেশৰ উচ্চতম ন্যায়ালয়ে IMDT আইন বাতিল কৰিলে । এইটো বাস্তৱ । বিজেপিয়ে কোৱা কথা নহয় , প্ৰতিজন অসমীয়াই জানে ।
ৰাজনীতি অসম : চৰকাৰে বিধেয়ক খন লোকসভাত উত্থাপন কৰিছে । দল , সংগঠনে বিৰোধ কৰিছে । যিটো গণতান্ত্ৰীক অধিকাৰ । কিন্তু আপোনাৰ বিভাগৰে কিছুমান আমোলাই বিলখন বিৰোধ কৰি চ’চিয়েল মিডিয়া ফেচবুকত নিজৰ ফটো দিয়ে ।  এফালে আপুনি সমৰ্থনত কৰি আপডেট দিয়ে  আৰু আপোনাৰ আমোলাই বিৰোধ কৰে । ৰাইজে কি বিচাৰ কৰিব ?
জয়ন্ত মল্ল বৰুৱা : চাৰ্ভিচ ৰুল মতে নোৱাৰে । তথাপি কিছুমান আমোলাই হয়টো ভাবে যে অহাবাৰ আজমল মুখ্যমন্ত্ৰী হ’ব আৰু তেতিয়া ফটোখন দি ঘনিষ্ঠ হ’ব পাৰিব বুলি ভাবিছে । কিন্তু এটা কথা ঠিক যে এনেকুৱা আমোলাই চাৰ্ভিচ ৰুল ভংগ কৰিছে । এতিয়াটো সৰ্বানন্দ সোণোৱাল স্বয়ং মুখ্যমন্ত্ৰী জনকো চ’চিয়েল মিডিয়াত কাৰ্টুন বনাইছে । এটা কথা নিশ্চিত , উচিত সময়ত প্ৰশাসনে ব্যৱস্থা ল’বই , কোনো সাৰি যাব নোৱাৰে । গণতান্ত্ৰীক প্ৰতিবাদ আৰু আইন ভংগকাৰীৰ পাৰ্থক্য অসমৰ ৰাইজে দেখি আছে ।
ৰাজনীতি অসম : প্ৰিয়ংকা চোপ্ৰাক অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেচাদ’ৰ কৰাকলৈ বিভিন্ন মহল বা  জুবিন গাৰ্গেও সমালোচনা কৰিছে ।  প্ৰিয়ংকা চোপ্ৰাই কি পৰিৱৰ্তণ আনিছে পৰ্য্যটন ক্ষেত্ৰত ?
জয়ন্ত মল্ল বৰুৱা : জুবিন গাৰ্গ মোৰ কলেজীয়া বন্ধু , বি বৰুৱা কলেজত থকাৰ পাৰই । তেওঁ শিল্পী মানুহ । শিল্পী মানুহ আবেগিক হয় । প্ৰিয়ংকা চোপ্ৰাক অনাকলৈ বিতৰ্ক হয় । কিন্তু এটা কথা থিক যে প্ৰিয়ংকা চোপ্ৰাৰ প্ৰভাৱ কিমান হ’ল তাৰ উত্তৰ অসমত হোটেল এচোচিয়েচনে দিব , কিমান খন ফ্লাইট আজি গুৱাহাটিলৈ আহে এইবিলাকে উত্তৰ দিব । এইটো ক’লে ভুল হ’ব যে অকল তেওঁৰ কাৰণেই পৰ্যটন উদ্যোগটো ভাল হৈছে । আমাৰ চৰকাৰৰ চেষ্টাৰ ফলটো আজি অসম পৰ্য্যটন বিশ্বত স্থান পাইছে । বিদেশত যেতিয়া বিজ্ঞাপনটো প্ৰচাৰ হয় তেতিয়া মানুহে প্ৰিয়ংকা চোপ্ৰাক চিনি পায় । হলিউদৰ চিনেমাত অভিনয় কৰা সুত্ৰে তেওঁৰ জনপ্ৰিয়তা কিন্তু বিদেশৰ মাটিত সৰ্বাধিক । তেওঁৰ বৈবাহিক সম্পৰ্কও বিদেশতেই হ’ল । এতিয়াও জানো তেওঁৰ জনপ্ৰিয়তাকলৈ বিতৰ্কৰ থল আছে !
ৰাজনীতি অসম : প্ৰিয়ংকা ৱাদ্ৰাই প্ৰত্যক্ষ ৰাজনীতিত যোগ দিলে ; বিজেপিৰ কাৰণে চিন্তনীয় নহয়নে ?
জয়ন্ত মল্ল বৰুৱা : ৰাহুল গান্ধী ফ্লপ । ৰাহুল গান্ধীয়ে ফ্লপ শ্বো দেখুৱাৰ বাবে উপায়হীন হৈ প্ৰিয়ংকা ৱাদ্ৰাক আনিছে । ইয়াৰ পিছত আকৌ তেওঁলোকৰ ল’ৰা – ছোৱালী বিলাক আহি থাকিব । বিজেপিৰ কাৰণে প্ৰিয়ংকা বাদ্ৰা কোনো ফেক্টৰেই নহয় ।
ৰাজনীতি অসম : ৰাহুল গান্ধীৰ সভাপতিত্বত মাত্ৰ কেইদিনমান আগত তিনি ৰাজ্যৰ নিৰ্বাচন জিকিলে । তেন্তে ৰাহুল কেনেকৈ ফ্লপ হ’ব ?
জয়ন্ত মল্ল বৰুৱা : আমি এটা কথা মনত ৰাখিব লাগিব যে মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত বিজেপিয়ে ১৫ বছৰ শাসনত থাকিল । কিন্তু এন্টি ইনকামবেন্সি থকা স্বত্তেও  বিজেপিৰ ফলাফল ভাল । ৰাজস্থানটো আমাৰ ফলাফল বেয়া হোৱা নাই । মধ্যপ্ৰদেশত আমাৰ ভোট শ্বেয়াৰ কংগ্ৰেছৰ ওপৰত , মাত্ৰ আমি দুই এটা সমষ্টি অতি কম ভোটত পৰাস্ত হ’লো । তাকলৈ ৰাহুল গান্ধীৰ ফুৰ্তী কৰিব লগীয়া নাই ।
ৰাজনীতি অসম : ৰাম মন্দিৰ প্ৰসংগটো বিজেপিয়ে এৰাই চলিছে নেকি ?
জয়ন্ত মল্ল বৰুৱা : ৰাম মন্দিৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে প্ৰায়োৰিটি দিয়া দৰকাৰ । বিষয়টো উচ্চতম ন্যায়ালত বিচৰাধীন হৈ আছে । মহামান্য আদালতৰ কাম-কাজক লৈ প্ৰশ্ন কৰাটো উচিত নহ’ব । কিন্তু আমি বিচাৰো ন্যায়ালয়ে সোনকালেই বিবাদমান ভুমিৰ ৰায়দান কৰিব আৰু ৰাম মন্দিৰ নিৰ্মাণ হ’ব ।
ৰাজনীতি অসম : যদিহে আপোনালোকৰ দলে উচ্চতম ন্যায়ালয়ৰ ওপৰত এৰি দিছে গোটেই বিষয়টো , তেন্তে ইস্তাহাৰত কিয় ৰাম মন্দিৰ নিৰ্মাণৰ কথা উল্লেখ কৰিছিল ?
জয়ন্ত মল্ল বৰুৱা : ইস্তাহাৰটো আছে আৰু আজিও কওঁ ভাৰতীয় মানুহৰ আস্থা আৰু আবেগক শ্ৰদ্ধা জনায়  ৰাম মন্দিৰ নিৰ্মাণ হ’ব লাগিব । এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে , অবিবাদমান ভুমিখিনি ৰাম জন্মভুমি ন্যাসক ঘুৰাই দিব লাগে । কাৰণ আদালতত বিচৰাধীন হৈ আছে মাত্ৰ ২.৭৭ একৰ মাটি ,যিখিনিক বিবাদমান বুলি কয় । আনহাতে অবিবাদমান ৬৭ একৰ ভুমি মাটিৰ মালিকক উভতাই দিবলৈ কেন্দ্ৰৰ এনডিএ চৰকাৰে ন্যায়ালয়ত আবেদন জনাইছে ।