অখিল গগৈ কিমান প্ৰাসংগিক ?

1631
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ ৰাজনীতিত অখিল গগৈ নামটো নতুন কথা নহয় ৷ প্ৰায় দুটা দশক জুৰি বিভিন্ন ধৰণেৰে অখিল গগৈ়ৰ নামটো বিভিন্ন ধৰণেৰে সাঙুৰ খাই আছে ৷ এটা সময়ত অসমৰ ৰাজনীতিত বিভিন্ন ধৰণেৰে অখিল গগৈয়ে চৰ্চা লাভ কৰিলেও অখিল গগৈ কেৱল চমক সৃষ্টিকাৰী এক্টিভিষ্টৰ ৰূপতেই বেছিকৈ জনাজাত হব ধৰিলে ৷

আজিৰ অসমৰ ৰাজনৈতিক পৰিস্থিতিয়ে এনেকুৱা এক ৰূপ লৈছেগৈ যে অসমত বিৰোধীৰ শক্তি প্ৰায় শূন্যৰ দৰে ৷ বৰ্তমান দেখা গৈছে বিৰোধীৰ হাতত বিশেষ কোনো এনেকুৱা ইচ্ছ্যু নাই যিয়ে চৰকাৰখনক শলঠেকত পেলাব পাৰে ৷ বিৰোধীৰ হাতত থকা একমাত্ৰ অস্ত্ৰপাত হৈছে “কা” বিৰোধ ৷ কিন্তু ২০১৯ ৰ লোকসভা  নিৰ্বাচনত প্ৰচণ্ড কা বিৰোধীতাৰ মাজতো বিজেপিয়ে উল্লেখযোগ্য সাফল্য দেখুৱাবলৈ সক্ষম হৈছিল ৷
গতিকে বিৰোধী দল সমুহ বিশেষকৈ কংগ্ৰেছৰ দৰে দলক দৰকাৰ হৈছে অখিল গগৈৰ দৰে এক্টিভিষ্টক, যাৰ কান্ধত ভৰষা দি ২০২১ ৰ বৈতৰণি পাৰ কৰাৰ সপোন দেখিছে বিৰোধীয়ে ৷ কিন্তু কথা হল কিমান গ্ৰহণযোগ্য অখিল গগৈ বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ?
যোৱা চাৰিটা বছৰত অখিল গগৈৰ ৰাজনৈতিক অৱস্থা প্ৰায় বিধস্ত  ৷ অসমৰ সকলোৱে আজি জানে অখিল গগৈৰ খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা কিমান আৰু আচল দায়বদ্ধতা কাৰ প্ৰতি ৷ সেইবোৰ আজি অপেন চিক্ৰেট ৷ অখিল গগৈয়েও হয়তো লাহে লাহে বুজি উঠিছে যাৰ ওপৰত ভৰষা কৰি আছে সেইসকলে কিন্তু আচল খেল মানে নিৰ্বাচন আদিত কিন্তু এক মিনিটো নলগাকৈ ভোট কাক দিব নিশ্চিত ( অৱশ্যে কেৱল আন্দোলন কৰি থাকিবলৈ হলে সেইবোৰ চিন্তা নকৰিলেও হয়)  ৷
ইয়াৰ মাজতো  অখিল গগৈ  ৰৈ আছিল অসমৰ কাৰণে আটাইতকৈ চেনচিটিভ ইচ্ছ্যু বিদেশীৰ ইচ্ছ্যুটোলৈ ৷ সুযোগলৈ ৰৈ থাকোতে সঁচাই সুযোগ আহিলো ৷ সেই সুযোগ হৈ আহিল কেব বা তাৰ পাছৰ পৰ্য্যায়ৰ কা যোগেদি  ৷জোৰদাৰ চলিল আৱেগ ঢলাৰ   ৷ বাঁওপন্থীও হৈ পৰিল ৰাতিটোৰ ভিতৰতে উগ্ৰ জাতীয়তাবাদী ( জাতীয়তাবাদী হোৱাটো বেয়া কথা নহয় বাৰু) ৷ কিন্তু আৱেগৰ এই নাটকখন বহুত দিন চলাৰ সুযোগ নাপালে, ইফালে অখিল গগৈ স্বয়ং গ্ৰেপ্তাৰ হব লগা হল ৷
কা ক লৈ চলা আন্দোলনটো যে এক আৱেগ সৃষ্টিকাৰী ভুৱা আন্দোলন আছিল অসমৰ মীনুহে বুজাত খুব সম্ভৱ ভুল কৰা নাছিল, গতিকে আন্দোলনৰ গতি ধীৰ হোৱাই নহয় আন্দোলনটোৰ দুমাহৰ ভিতৰতেই স্তবিৰ হৈ পৰিল ৷ আন্দোলনটো মানুহে পাহৰাই নহয় অখিল গগৈ বোলা মানুহ এজন যে জেলত সোমাই আছে সেইটোতো মা নুহে গুৰুত্ব দিয়া দেখা নগল ৷ আনকি অখিল গগৈৰ নিজৰ সংগঠনটোৱো দিশহাৰা ৷ কেতিয়ীবা আছু কেতিযাবা শিল্পী সমাজে বা অন্য সংগঠনে অখিল গগৈৰ মুক্তিৰ দাবী নকৰাৰ ওপৰত তোলা প্ৰশ্নতেই সীমাবদ্ধ হৈ পৰিল সেই সংগঠনটো৷
কিয় এলাগী হৈ পৰিল অখিল গগৈ?  এই যে অখিলৰ পূৰ্ব বংগীয় মূলৰ মানুহখিনিৰ প্ৰতি থকা দুৰ্বলতা , আৰু সেইয়াই যে অখিলক খিলঞ্জীয়া মানুহখিনৰ পৰা আতৰাই নি কৰবাত পোৱালেগৈ বিভিন্ন পৰ্য্যায়ত  সেইয়া হয়তো অখিলে গগৈয়ে লগতে অখিল গগৈৰ সংগঠনেও  বুজি নাপালে বা বুজিবলৈ  চেষ্টাই নচলালে ৷ তাৰেই প্ৰতিফলন  দেখা গল অখিল গগৈ কাৰাৰুদ্ধ হৈ থকা অৱস্থাটো খিলঞ্জীয়া মানুহখিনিৰ নিৰ্বিকাৰ ভুমিকা দেখি  ৷ যি  অখিল গগৈৰ সমৰ্থনৰ মূল উৎস আছিল অসমৰ গ্ৰাম্য অঞ্চল । সেই গ্ৰাম্য অঞ্চলত  অখিল গগৈৰ শক্তি এতিয়া নোহোৱাৰ দৰেই ৷তাৰ বিপৰীতে এতিয়াও তেখেতৰ কাৰ্য্য পন্থাই চহৰ অঞ্চলৰ বিশেষকৈ নতুন যুৱ চামক আকৰ্ষিত কৰিব পৰা নাই। তাৰ কাৰণ হয়তো কেবাটাও । তাৰে এটা নিশ্চয়- তেখেতৰ নিদিষ্ট কোনো এজেণ্ডা নথকাটো ।
গতিকে এনে এক অৱস্থাত অখিল গগৈক বিকল্প হিচাবে খাৰা কৰিব খোজাটো কিমানদুৰ পৰিপক্কতা সেইয়া সময়েহে কব কিন্তু আজিৰ সময়ৰ হিচাব অখিল গগৈ নিজেই যুঁজি থাকিব লগা হৈছে নিজৰ অস্তিত্বৰ যুঁজ সেইয়া দিনৰ পোহৰৰ দৰেই উজ্বলি আছে!
(অগ্নিভ দত্ত)