অগপৰ ভবিষ্যত আৰু অসমীয়া ভাষীৰ জনসংখ্যা ?

3131

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ ৰাজনৈতিক পথাৰখনত আজিলৈকে অজস্ৰ ছাত্ৰ নেতাই ৰাজনীতিত যোগ দিলে । মুখ্যমন্ত্ৰী , বিধায়ক , সাংসদ সকলো হ’ল । আছু , আবছু , আক্ৰাছু , আমছু আদিকে ধৰি কোনো এটা ছাত্ৰ সংগঠনেই বাদ পৰা নাই । আছুৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত অগপৰ পৰা মুখ্যমন্ত্ৰী হ’ল ,  প্ৰাক্তন আছু সভাপতি সৰ্বানন্দ সোণোৱাল বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হ’ল , আছুৰ প্ৰাক্তন সম্পাদক ভৰত নৰহ কংগ্ৰেছৰ পৰা মন্ত্ৰী হ’ল ,  একেখন সমিতিৰ সভাপতি প্ৰবীণ বড়ো বিপিএফ হ’ল আৰু সম্পাদক অমিয় ভুঞাঁ বিজেপি হ’ল । শংকৰ প্ৰসাদ ৰয় প্ৰাক্তন সভাপতি কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলিলে আৰু সম্পাদক তপন গগৈ বিজেপিৰ পৰা বিধায়ক হ’ল ।  আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা একে ৰাতিত মনোজ বৰুৱাই গেৰুৱা দল বিজেপি লৈ গ’ল , নিৰ্বাচন খেলিলে । আনহাতে সেই একেটা দলৰে দিলীপ পাটগিৰি অগপৰ নেতা হ’ল ।  আবছুৰ  প্ৰাক্তন সভাপতি ইউ জি ব্ৰহ্ম ৰাজ্যসভাৰ সাংসদ হ’ল , ইউপিপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হ’ল । সেই একেটা সংগঠনৰে প্ৰাক্তন সভাপতি ৰবিৰাম নাৰ্জাৰী বিপিএফৰ পৰা বিধায়ক হ’ল ।  এই ৰসায়নিক প্ৰক্ৰিয়াৰ পৰা মুক্ত নহয় বিশ্বজিৎ ৰায় ,মনিমাধব মহন্ত, আব্দুল হাই নাগৰি , জয়ন্ত ৰংপি , কেশব মহন্ত , অতুল বৰা সকলো । ছাত্ৰ নেতাসকলৰ ( ৪০ / ৪৫/৫০/৫৫/৬০ বয়সৰ ) ছাত্ৰৰ পোছাক যোৰৰ ইষ্ট্ৰী মাৰ নেযাওঁতেই ৰাজনৈতিক দলত যোগ দিয়ে ; ৰাইজে গামোচাৰে উপচাই পেলায় ।
একেটা সংগঠনত জীৱনৰ আধাতকৈ বেছিদিন কাম কৰি থাকিও নেতাসকলে দিন ৰাতিৰ দৰে পাৰ্থক্য থকা ৰাজনৈতিক দলবোৰত চামিল হয় । ছাত্ৰ সংগঠনটো এৰি অহাৰ ২৪ ঘন্টা নহওঁতেই  এনেকুৱা কি আদৰ্শগত পাৰ্থক্য আহি যায় যে একেখন কমিটিৰ কেন্দ্ৰীয় সম্পাদকজন বিজেপিত যায় আৰু সভাপতি জন অগপ বা কংগ্ৰেছত যায় । একে কোবে ছাত্ৰই বিধান সভা সোমায় আৰু সমুজ্জ্বল ভট্টাচাৰ্য্যই নিজৰ চকুৰ আগত ভাতৃ সকলক মন্ত্ৰী হোৱা চাই থাকে । আছুৱে যদি ‘ কেব ‘ ৰ বিৰোধ কৰে , তেন্তে প্ৰাক্তণ আছু নেতাজন নিৰৱ হৈ ‘কেব’ ক সমৰ্থন কৰে ।
তাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা জনেই এতিয়া গেৰুৱা দলত যোগ দিলে , যিজনে দুদিন আগলৈ বিজেপি .আৰ এছ এছক সমালোচনা কৰিছিল ।  ছাত্ৰ নেতাৰ ভুমিকাক আজিৰ আছুৰ উপদেষ্টা জনে ৰাইজৰ মনত উদয় হোৱা বিভ্ৰান্তীক দুৰ কৰিব নোৱাৰাটো শুভ লক্ষণ নহয় । এই ক্ষেত্ৰত অকল ‘আছু ‘ ৱে ল’ব লগা দায়িত্ব নহয় , আন আন ছাত্ৰ সংগঠন কেইটাৰো সমানেই দায়িত্ব আছে । ‘আছু ‘ৰ নামটো ব্যৱহাৰ কৰাৰ একমাত্ৰ কাৰণ হ’ল সদৌ অসম ছাত্ৰ সন্থা হৈছে বিগ ব্ৰাদাৰ সদৃশ । ৰাইজে আৰু ৰাজনৈতিক দলৰ কৰ্মকৰ্তাসকলেও একেদিনাই আবেগত নায়ক পাতে আৰু নিৰ্বাচন জিকায় সংসদ , বিধানসভালৈ পঠিয়ায় ।  অসম চুক্তিৰ বোকোচাত উঠি ছাত্ৰ নেতাসকল দিচপুৰ পায় । বিদেশী স্বদেশী হয় আৰু ছাত্ৰ সকল মন্ত্ৰী হয় । ৩৪ বছৰ পিছত এখন কিবা বিধেয়ক নে বিল আহে , লগে লগেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া ভাষী মানুহেও পাহৰিব ধৰা চুক্তিখন মুৰ দাঙি উঠে । বৰ্তমানৰ বিজেপি নেতা ( প্ৰাক্তন ছাত্ৰ নেতা + প্ৰাক্তন অগপ নেতা ) সকলে একমুখে গৰিহণা দিয়ে প্ৰফুল্ল মহন্তক । আজিৰ ন বিজেপি (প্ৰাক্তন ছাত্ৰ নেতা + প্ৰাক্তন অগপ নেতা ) সকলে গুপ্ত হত্যা ,ভ্ৰষ্টাচাৰ সকলো ক্ষেত্ৰত এজন মানুহকে দায়ী কৰে __ প্ৰফুল্ল মহন্ত ; ভাব হয় সেই সময়ত আজিৰ এই নেতাবোৰ গাখীৰ খোৱা শিশু আছিল ।
এতিয়া অহিছো লোকসভা নিৰ্বাচনলৈ । অসম ৰাজ্যত ১৪ টা সমষ্টি । অসমৰ ৫ টা সমষ্টি ( তেজপুৰ , যোৰহাট , ডিব্ৰুগড় , লক্ষীমপুৰ , কলিয়াবৰ ) ৰ জয় পৰাজয় নিৰ্ণয় কৰে চাহ জনগোষ্ঠীয়ে আৰু কিছু পৰিমাণে গোৰ্খা সকলে।
ধুবুৰি আৰু বৰপেটা দুয়োটাত নিৰ্ণয় কৰে অভিবাসী মুছলমান ভোটাৰে । দল যিয়েই নহওঁক এই দুটা সমষ্টিত বিশেষ এটা সম্প্ৰদায়ৰ মানুহৰ বাহিৰে আন মানুহে জিকিব বুলি ভবাটো অলৌকিক । কৰিমগঞ্জ আৰু শিলচৰ সমষ্টি দুটাত চৰকাৰী ভাষা বাংলা । ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ব শাসিত পাৰ্বত্য জিলা সমষ্টি ( ডিমাহাচাও + কাৰ্বিআংলং)ত আকৌ পৃথক ৰাজ্যৰ দাবী আসন্ন সমাধানৰ এখোজ আতঁৰত । কোকৰাঝাৰ সমষ্টি যদিও বিটিচিৰ মধ্যমনি,কিন্তু ভিতৰৰ পৰা চালে ওলায় পৰে যে অভিবাসী মুছলমানে নিৰ্ণয় কৰে প্ৰাৰ্থীৰ জয় পৰাজয় ।
বাকী থাকিল মাত্ৰ তিনিটা ; গুৱাহাটী , মংগলদৈ আৰু নগাওঁ । নগাওঁত অভিবাসী মুছলমানৰ ভোট বিভাজনৰ ওপৰত নিৰ্ভৰ কৰে প্ৰাৰ্থীৰ জয় পৰাজয় ; আনহাতে মংগলদৈতো ছবিখনৰ বিশেষ পাৰ্থক্য নাই । ইয়াত তিনিটা ফেক্টৰ । বড়ো ভোট একেজন প্ৰাৰ্থীয়ে পাব লাগিব ,অভিবাসী মুছলমান অধ্যুষিত দলগাওঁ , কলাইগাওঁ আদিৰ ভোট বিভাজন হব লাগিব আৰু অসমীয়া ভাষী অধ্যুষিত নলবাৰীৰ সমষ্টিৰ ৮০% ভোট বড়ো ভোটৰ লগত যোগ হব লাগিব ; এই তিনিটা ফেক্টৰে নিৰ্ভৰ কৰে খিলঞ্জীয়া ভোটাৰৰ পচন্দৰ প্ৰাৰ্থীৰ জয় পৰাজয় । আজিৰ সময়ত গুৱাহাটীয়ে হ’ল একমাত্ৰ লোকসভা সমষ্টি য’ত খিলঞ্জীয়াৰ পচন্দৰ প্ৰাৰ্থী জয়ী হব পাৰে বিশেষ অংক অবিহনে । অগপ আজি দুৰ্বল । গুপ্ত হত্যা , স্বজন তোষন , কেলেংকাৰী , নিজৰ মাজত খোৱা কামোৰা , দুৰ্নীতি অজস্ৰ দোষ । অগপৰ হাতীত দাগ লাগিল । হাতীৰ মাউতে পদুমত বহিল , হাতৰ আশ্ৰয় ল’লে ; নিমিষতে পুণ্য আৰ্জিলে । কিন্তু কথা হ’ল অগপৰ দিন কেতিয়া উৎকৃষ্ট আছিল ?
১৯৮৫ ত অগপৰ নাছিল দায় দোষ ; তথাপি ৮৫ ‘ ৰ ঢৌত কিয় অকলে সংখ্যাগৰিষ্ঠতা পোৱা নাছিল অগপই ?
৮৫’ ত কিমানখন আসন UMF এ পাইছিল ?
৮৫’ ত বৰাকত কেইখন আসন অগপই পাইছিল ?
৮৫’ ত PTC য়ে কেইখন পাইছিল ?
চান্দমাৰী ফ্লাই অভাৰত ‘খেদ ঐ খেদ ‘ বুলি কওঁতে  কৰিমগঞ্জৰ বিদেশী ৰিক্সাচালকে জানো ভয় খাব ? অসম সাহিত্য সভাই সভাপতিক ৰথত উঠাই সভা পাতি থাকিলে জানো অসমীয়া মাধ্যমৰ স্কুল বৃদ্ধি হব নে প্ৰাক্তণ সভাপতি আৰু বটাঁ প্ৰাপকসকলৰ নাতিপুতি বিলাকে অসমীয়া মাধ্যমৰ স্কুললৈ ট্ৰেন্সফাৰ ল’ব ? অসমীয়া  চিনেমাৰ কথা বাদ দিলো বাৰু ; ভ্ৰাম্যমান থিয়েটাৰে শিলচৰত , ফকিৰাগ্ৰামত , গোসাঁইগাওঁত , চৌতাৰাত , ডিফুত , কয়াঁকুচিত , বান্দৰদোৱাত কিমানটা পেণ্ডেল কৰে ? ‘ বুদ্ধিজীবী ‘ শব্দটোক সাধাৰণ মানুহে সন্দেহ কৰা হ’ল । সেয়ে ভৱিষ্যতৰ উত্থান পতন সময়ৰ হাতত এৰি দিয়াই  শ্ৰেষ্ঠ ।