অজন্তা নেওগ আৰু প্ৰণব গগৈ কেতিয়া বিজেপিলৈ?

3937

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


‘Dead body and fool never change their mind” কোনোবা ইংৰাজ ব্যক্তিৰ এই বাক্যশাৰী আজিকালি অসমত খুব জনপ্ৰিয় হৈছে। ভুৱনেশ্বৰ কলিতা আৰু গৌতম ৰয়ৰ বিজেপি গমনে ৰাজ্যৰ ৰাজনীতিত খলকনি তুলিছে। বিজেপিৰ প্ৰবক্তা সকলে টেলিভিছন চেনেল বা চচিয়েল মিডিয়াত প্ৰায়ে এই বাক্যশাৰী ব্যবহাৰ কৰা দেখা গৈছে। বিৰোধী দলে বিজেপিক তুমুল সমালোচনা কৰিছে। পদুমৰ পাহিক হাতৰ আঙুলিৰে সৈতে ৰিজাই কাৰ্টুন প্ৰকাশ পাইছে। হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি ২০১৬ৰ পিছত বিজেপিত যোগদান কৰা নেতাসকলৰ ফটো দি প্ৰশ্ন কৰা হৈছে এই দলতো কংগ্ৰেছ নে বিজেপি?
বিজেপি দলত যোগদানৰ ৰহস্য
যিসকল নেতাই যোৱা মাহত বিজেপিত যোগদান কৰে তাৰ ভিতৰত সকলোতকৈ উল্লেখযোগ্য নামটো আছিল ভুৱনেশ্বৰ কলিতা। ১০ বছৰ দলৰ সভাপতি, ৪০ বছৰ দলটোৰ লগত জড়িত নেতাজনে দলত্যাগ কৰিব বুলি সপোনৰো অগোচৰ আছিল। ২০১৯ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত কলিতাই নিজৰ ৰাজনৈতিক ভবিষ্যতলৈ সন্দিহান আছিল। ৰাজ্যসভালৈ যে ২০২০ত পুনৰ নিৰ্বাচিত হ’ব তাৰ নিশ্চয়তা নাই। বিজেপিৰ যিহেতু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নাই সেইবাবে তাৰ প্ৰতিজন সদস্য বিজেপিৰ বাবে খুব গুৰুত্বপূৰ্ণ। বিলবোৰ পাছ কৰিবলৈ হ’লে ৰাজ্যসভাত নিজৰ সংখ্যা বঢ়াব লাগিব বিজেপিয়ে। সুযোগ বুজি চতুৰ কলিতাই ৩৭০ৰ গইনা লৈ গেৰুৱা বসন পিন্ধে। তাৰ বিনিময়ত কলিতাই ৰাজ্যপালৰ পদ লাভ কৰাটো প্ৰায় নিশ্চিত। সঞ্জয় সিং ৰ বিজেপিত যোগদান একো অস্বাভাবিক নহয়। ইতিমধ্যে ৪-৫ বাৰ দল সলনি কৰা সিং ৰ বাবে ই এক সাধাৰণ ঘটনা। গৌতম ৰয় বিজেপিত যাব বুলি বহুদিনৰ পৰা চৰ্চা চলি আছিল। শান্তিয়াছ কুজুৰ আৰু হিৰণ্য ভূঞাৰ বিশেষ কোনো গণভিত্তি নাই। সেয়েহে তেওঁলোকৰ যোগদান কৰা নকৰাকলৈ বিশেষ প্ৰভাব নপৰে। কিন্তু এটা কথা কব লাগিব যে এই সকলো কেইজনে সুৰক্ষিত ৰাজনৈতিক ভবিষ্যতৰ স্বাৰ্থত বিজেপিৰ দ্বাৰস্হ হৈছে।
ভবিষ্যতে কোনে যোগদান কৰিব বিজেপিত?
খবৰ পোৱা মতে বিজেপিয়ে কংগ্ৰেছৰ মুছলমান বিধায়কসকলক বাদ দি বাকী সকলক নিজৰ দললৈ আনিবলৈ চেষ্টা আৰম্ভ কৰিছে। উদ্দেশ্য এটায়ে_কংগ্ৰেছক হতাশ কৰা। বিজেপিৰ এই লিষ্টত নাম আছে ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ দে পুৰকায়ষ্ঠ, প্ৰণব গগৈ, অজন্তা নেওগ, ৰাজদ্বীপ গোৱালা, দুৰ্গা ভুমিজ আৰু ৰোজলীনা টিৰ্কী। নন্দিতা দাসৰ সমষ্টিৰ জনবিন্যাসৰ কাৰনে বিজেপিত যোগদান কৰিব নোৱাৰে। বাকীসকলৰ লগত দৰ-দাম মিলিলেই দলত চামিল কৰা প্ৰক্ৰিয়া আৰম্ভ হ’ব। আৰ.এছ.এছৰ বিৰুদ্ধে মন্তব্য কৰা বাবে ৰূপজ্যোতিৰ বিজেপি গমনত বাধা আহিছে। কমলাক্ষৰ বিজেপি গমনত বাধা হৈ দেখা দিছে প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস। প্ৰণব গগৈ আৰু অজন্তা নেওগ যিহেতু হাই প্ৰফাইল সেয়েহে যোগদান প্ৰক্ৰিয়াত কিছু বিলম্ব হ’ব পাৰে। মুঠতে অসমৰ কংগ্ৰেছীয়ে এতিয়া বিশ্বাস কৰে যে কংগ্ৰেছ ২০২১ত ক্ষমতালৈ নাহে। সেয়েহে গন্তব্য স্থান ভাৰতীয় জনতা পাৰ্টী।