অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদানে সমীকৰণ সলনি কৰিব

1348

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


হাগ্ৰাম মহিলাৰীৰ  নেতৃত্বত থকা বিটিচি পৰিষদ খনৰ বিৰুদ্ধে প্ৰধান অভিযোগ উত্থাপন হৈছে দুৰ্নীতিৰ । বিৰোধী দলৰ অভিযোগ বহু পৰিমানে অসত্যও নহয় । কিন্তু প্ৰশ্ন হয় দুৰ্নীতি অকল হাগ্ৰামা মহিলাৰীয়ে কৰিছে নেকি ? তৰুণ গগৈৰ চৰকাৰৰ দিনত এপিএছচিত মুক্ত দুৰ্নীতি হোৱা নাছিল নে ? বিপিএফৰ লগত মিত্ৰজোঁটত থকা বিজেপিৰ শুন্য সহনশীল  চৰকাৰৰ শ্লোগান বোৰক পিএনআৰডি , জনসংযোগ নিযুক্তি আদিয়ে  সেমেকা কৰি পেলোৱা নাইনে ?  দুৰ্নীতিৰ বাহিৰে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কিবা অন্য গভীৰ অভিযোগ আছেনে ? আজিৰ পৰা ২০ বছৰ আগত বৰ্তমানৰ বিটিচি অঞ্চলত থকা ভয়ৰ পৰিবেশ এতিয়া নাই । গোষ্ঠী সংঘাত প্ৰায় শুন্য বুলি ক’ব পাৰি । সাধাৰণ জনতাই বিটিচি অঞ্চলত ফুৰিব বা পিকনিক খাবলৈ বেছি প্ৰাধান্য দিয়ে । কাৰণ আন অঞ্চলৰ তুলনাত বিটিচিৰ অঞ্চল বিলাকত পৰ্যতকে সুৰক্ষিত অনুভৱ কৰে । এটা সময় আছিল মানুহে বিটিচি  এৰি গুৱাহাটীত আশ্ৰয় লৈছিল । কিন্তু বৰ্তমান সময়ত বিটিচি অঞ্চলত বড়ো জনগোষ্ঠীৰ মানুহৰ লগতে আন জনগোষ্ঠীৰ মানুহেও দুমহলীয়া ঘৰ বান্ধি থাকিবলৈ উৎসাহ পাইছে । স্কুল, কলেজ, বিশ্ব বিদ্যালয় বোৰে বিটিচিক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ইউপিপিএল দলত প্ৰমোদ বড়োৱে যোগদান কৰিছে । আবছুৰ পৰা ৰাজনীতিৰ পথাৰত প্ৰবেশ কৰা প্ৰমোদ বড়োৰ জনপ্ৰিয়তা হাগ্ৰামা মহিলাৰীত কৈ কোনো গুনে কম নহয় । কিন্তু প্ৰমোদ বড়োক বিটিচিৰ জনতাই ভোটৰ ৰাজনীতিত কেনেদৰে  আকোৱালি লয় সেয়া সময়ত দেখা যাব ।  বিপিএফত অঞ্জলী দৈমাৰীৰ যোগদানে নিৰ্বাচনৰ বহু সমীকৰণ সলনি কৰিন বুলি বিভিন্ন সুত্ৰই দাবী কৰে । বিপিএফৰ লগত বড়োভাষী ভোটাৰ থকাৰ তুলনাত আন ভাষা- ভাষীৰ সমৰ্থন অধিক আছিল বিগত নিৰ্বাচন বোৰত ।  একমাত্ৰ লোকসভা নিৰ্বাচনত  বিপিএফক অধিকাংশ ভোটাৰে প্ৰধান্য নিদিয়ে । কাৰণ লোকসভাত চাংচুমা বিছমুতিৱাৰিৰ পৃথক বড়োলেণ্ডৰ প্লে কাৰ্ড বিলাক ৰাইজে পাহৰা নাই । ২০১৪ ত প্ৰাক্তন আলফা নেতা  নব শৰনীয়াই ৰাজনীতিত প্ৰবেশ কৰি পৃথক ৰাজ্যৰ দাবীক বিৰোধীতা কৰি ৰাইজক সংগঠিত কৰাৰ পিছত কোকৰাঝাৰ লোকসভা আসন খন বিপিএফ বা ইউপিপিএল দলে লাভ কৰিব পৰা নাই । লোকসভাত নব শৰনীয়াক ভোট দিয়া অধিকাংশ ভোটাৰে কিন্তু বিধানসভা আৰু পৰিষদীয় নিৰ্বাচনত আন দলকহে সমৰ্থন দিয়ে ।  এইবাৰো বিটিচি নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু ভোটাৰে জয় পৰাজয় নিৰ্ধাৰণ কৰাত বিশেষ ভুমিকা ল’ব ।  কোঁচ ৰাজবংশী ভোটৰ বিভাজন হ’ব ইউপিপিএল আৰু বিপিএফৰ মাজত , অসমীয়া ভাষী ভোট বিপিএফ , বিজেপি , ইউপিপিএল মাজত বিভাজিত হ’ব । বঙালী ভাষীৰ ভোটক লৈ বিপিএফ আত্ম বিশ্বাসী ।  ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ ওপৰত বদৰুদ্দিন আজমলৰ নিয়ন্ত্ৰণ আছে , সেয়ে উৰ্খা গৌড়া ব্ৰহ্মই আজলমৰ লগত বুজাবুজি কৰি কিছু লাভবান হ’ব । বড়ো ভাষী ভোটৰ ওপৰত আবছু আৰু ইউপিপিএলৰ প্ৰভাব আছে । আজিৰ ৰাজনীতি ঐকিক অংকৰ নিয়মত নচলে , আজিৰ ৰাজনীতি চলে ৰসায়ন বিজ্ঞানৰ নিয়মত ।  বিটিচিত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ ফলত  নব শৰনীয়া দল তীব্ৰ চাপত থাকিব ।নিৰ্বাচনী বতাহ তুংগত থকা অৱস্থাত পুনৰ বাৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিছি গঠন হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । শেষত ৬-৭ খন আসন কম হ’লে বিজেপি বা ইউপিপিএলৰ সমৰ্থন নেপাব বুলি আজিতে কৈ দিব নোৱাৰি ।