অটল বিহাৰী বাজপেয়ীৰ পৰাজয়ৰ কাৰণ

819

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


কংগ্ৰেছ তথা আন বিৰোধী দলবোৰে এজন বিজেপি নেতাৰ প্ৰায়ে প্ৰশংসা কৰে। তেখেত হ’ল ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্রী অটল বিহাৰী বাজপেয়ী। ভাৰতৰ প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্রী যিগৰাকীয়ে ৫ বছৰৰ অধিক কাল দেশত শাসন কৰিছিল। তেখতৰ দেশপ্ৰেম তথা বাগ্মীতা আছিল অসাধাৰণ। তেখেতৰ সময়তে ভাৰতে কাৰগিলত পাকিস্তানৰ ওপৰত বিজয় সাব্যস্ত কৰে, ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হয়, দেশত ৰাষ্ট্ৰীয় ঘাইপথৰ বিশাল প্ৰকল্প আৰম্ভ হয়। প্ৰায়বোৰ অ’পিনিয়ন প’লত কোৱা হৈছিল যে বাজপেয়ী ডাঙৰীয়া ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত সহজতে জয়ী হ’ব। তেতিয়া ইণ্ডিয়া টুডেত লেখ প্ৰকাশ হৈছিল “Landslide for Atal”। বিজেপিয়ে নিৰ্বাচন ৬ মাহ আগুৱাই আনিলে। কিন্তু ভবামতে ফলাফল নহ’ল, বাজপেয়ী চৰকাৰৰ পতন ঘটিল আৰু ভাৰতবৰ্ষত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ল। নিকা ভাবমুৰ্তিৰ অটল বিহাৰী বাজপেয়ী পৰাজিত হোৱাৰ কাৰণ কি? তাৰ ব্যাখ্যা বিভিন্নজনে বিভিন্ন ধৰণে কৰিছে। বহুতে কয় যে India Shining কেম্পেইনৰ বাবে বিজেপি পৰাজিত হৈছিল। কিন্তু আমাৰ মতে পৰাজয়ৰ কাৰণ আছিল অন্য। বিজেপিৰ সহযোগী দলবিলাকৰ দুৰ্বল প্ৰদৰ্শন আৰু দুখন ৰাজ্য উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশে সকলো উলট-পালট কৰি দিয়ে। ২০০৪ চনৰ ফলাফলত দেখা যায় যে বিজেপিয়ে কংগ্ৰেছতকৈ মাত্র ৭ খন আসন কমকৈ লাভ কৰে। কংগ্ৰেছে ১৪৫খন আসন পোৱাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল ১৩৮খন আসন। বিজেপিৰ সহযোগী দল প্ৰায়বোৰৰ ফলাফল বেয়া আছিল। বিজেপিৰ নিজা অস্তিত্ব নাছিল তামিলনাডু, পশ্চিমবংগ আৰু অন্ধ্ৰ প্ৰদেশত। তামিলনাডুত বিজেপিয়ে শেষ মুহুৰ্তত জয়ললিতাৰ লগত বন্ধুত্ব কৰে। জয়ললিতাই নিৰ্বাচনত এখনো আসন লাভ নকৰিলে। পশ্চিমবংগত বিজেপিৰ সহযোগী তৃণমূল ধূলিসাৎ হয়। মমতাই পশ্চিমবংগত নিজৰ আসনখনৰ বাহিৰে আন এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। এই দুখন ৰাজ্যত অবশ্যে কংগ্ৰেছ শক্তিশালী নাছিল। কংগ্ৰেছৰ সমৰ্থক ডিএমকে আৰু বাওঁ দলবিলাকে দুইখন ৰাজ্যতে বুজন সংখ্যক আসন লাভ কৰে। টাৰ্নি পইন্ট আছিল অন্ধ্ৰপ্ৰদেশ। ইয়াত প্ৰতিদ্বন্দ্বিতা হৈছিল কংগ্ৰেছ আৰু বিজেপিৰ সহযোগী তেলেগু  দেশম পাৰ্টীৰ মাজত। কংগ্ৰেছে ২৯খন আসন লাভ কৰাৰ বিপৰীতে চন্দ্ৰবাবু নাইডুৰ দলে লাভ কৰে মাত্র ৫ খন আসন।ইয়াত এখনো আসন লাভ নকৰা বিজেপিৰ পৰা কংগ্ৰেছে ২৯খন আসনৰ অগ্ৰগতি লাভ কৰে। বিহাৰতো বিজেপি তথা তেওঁলোকৰ সহযোগী জনতা দলৰ ভুল নীতিৰ বাবে লালুপ্ৰসাদে ২২খন আসন লাভ কৰিবলৈ সক্ষম হয়। এন.দি.এ লাভ কৰে মাত্র ১১খন আসন। বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি মোক্ষম আঘাত আহে উত্তৰ প্ৰদেশৰ পৰা। ৮০খন আসন থকা উত্তৰ প্ৰদেশত বিজেপিৰ গ্ৰাফ ডাল লাহে লাহে নামিবলৈ আৰম্ভ কৰিছিল। ৫০ৰ ওপৰত আসন লাভ কৰা বিজেপিয়ে ১৯৯৯ চনত ইয়াত  ২৯খন আসন পাইছিল। এছ.পি, বিএছপিৰ জাতিগত সমীকৰণৰ ফলত বিজেপিৰ শক্তি কমি আহিছিল। কিন্তু কোনেও ভবা নাছিল যে উত্তৰ প্ৰদেশত বিজেপিয়ে ২০০৪ত মাত্র ১০খন আসন লাভ কৰিব। এয়াই আছিল বাজপেয়ী ডাঙৰীয়া পৰাজিত হোৱাৰ প্ৰধান কাৰণ। উত্তৰ প্ৰদেশৰ ভোটাৰক আকৰ্ষন কৰাৰ বাবে বিশেষ কোনো কৌশল অৱলম্বণ কৰা নাছিল বিজেপিয়ে। ১৯৯৯ চনত বিজেপিয়ে যিহেতু নিজাকৈ সংখ্যাগৰিষ্ঠতা পোৱা নাছিল সেয়েহে ধৰ্ম-নিৰপেক্ষ সহযোগী দলবিলাকৰ ওপৰত বিজেপি নিৰ্ভৰশীল আছিল। হজ যাত্রাত আসন বৃদ্ধি কৰা, কাশ্মীৰত হুৰিয়তৰ লগত কথা পতা আহি নৰমপন্থী চৰিত্রৰে দলটোৱে নিজৰ হিন্দুত্ববাদী ভোটাৰবিলাকক নিৰাশ কৰিছিল। ফলত উত্তৰ প্ৰদেশৰ শোচনীয় পৰাজয় তথা নতুন কোনো প্ৰদেশত বিজেপিয়ে নিজৰ আসন বৃদ্ধি কৰিব নোৱাৰিলে। ভাৰতৰ ইতিহাসৰ অন্যতম সফল প্ৰধানমন্ত্রী অটল বিহাৰী বাজপেয়ী পৰাজিত হ’ল।