অতুল বৰা আউট …..জয়ন্ত দাস ইন

1911

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বিধানসভা নিৰ্বাচনলৈ মাজত প্ৰায়  ডেৰ বছৰ। ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে খদম্-দম্ লগোৱা আৰম্ভ কৰিছে। বিশেষ সুত্রৰ পৰা পোৱা খবৰ অনুসৰি বিজেপিৰ বৰ্তমানৰ বিধায়ক সকলৰ দহজনে ২০২১ ত টিকট নাপায়। তাৰ ভিতৰত প্ৰথম নামটো হ’ল দিছপুৰৰ অতুল বৰা ।  দল বিৰোধী মন্তব্য দি দলক শলথেকত পেলোৱা বৰাৰ ওপৰত শীৰ্ষ নেতৃত্ব নাৰাজ  হৈ আছে। আৰ.পি শৰ্মাৰ দৰে অতুল বৰাৰো একে দশা হ’বলৈ গৈ আছে। মন্ত্রীত্ব নোপোৱাৰ বেদনাত অতুল বৰাই দলৰ বিৰুদ্ধে যিবিলাক মন্তব্য কৰিছে তাক সহজভাবে লোৱা নাই আৰ.এছ.এছেও। ‘ কেব ‘ৰ বিৰুদ্ধে মাত মতা অতুল বৰাৰ ৰাজনৈতিক কেৰিয়াৰ ইমানতে অন্ত পৰিব পাৰে। দিছপুৰ সমষ্টিত টিকটৰ দৌৰত সকলোতকৈ আগবাঢ়ি আছে যুৱ নেতা জয়ন্ত দাস।  মুখ্যমন্ত্রী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও দাসৰ সম্পৰ্ক অতি ঘনিষ্ঠ। জয়ন্ত দাসৰ বহুদিনীয়া আশা  ২০২১ ত পূৰণ হবলৈ গৈ আছে।
পাটাছাৰকুছি সমষ্টিৰ পৰা বিজেপিৰ জয়ন্ত মল্ল বৰুৱাই টিকট পোৱাটো একপ্ৰকাৰ নিশ্চিত। ইতিমধ্যে বৰুৱাই সমষ্টিটোত নিজৰ কাম কাজ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে যোৱাবাৰ নলবাৰী বিধানসভা সমষ্টিৰ বৰা বৰুৱাক উপেক্ষা কৰি অশোক শৰ্মাক টিকট দিয়া হৈছিল। যিহেতু জয়ন্ত মল্ল বৰুৱাৰ নিজ চহৰ টিহু পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত সেয়েহে বৰুৱাই এইবাৰ নিজৰ হোম গ্ৰাউণ্ডত খেলিব। অগপ-বিজেপিৰ মিত্রতা হ’লেও ইয়াত দলদুটাই বন্ধুত্বমূলক ভাবে নিৰ্বাচনত অবতীৰ্ণ হ’ব। তেনেহলে ২০২১ত সমুখ সমৰত দেখা যাব জয়ন্ত মল্ল আৰু পবীন্দ্ৰ ডেকাক। যুঁজ খন আকৰ্ষনীয় হ’ব বুলি অনুমান কৰিব পাৰি। বিজেপিৰ আন কেইটামান সমষ্টি য’ত বৰ্তমানৰ বিধায়ক কেইজনৰ টিকট পোৱাৰ নিশ্চয়তা নাই ..সেই কেইটা হ’ল বৰখোলা, বিহপুৰীয়া, দুলীয়াজান, বটদ্ৰবা , হাজো, ৰহা, লামডিং আৰু ডিগবৈ। আৰু দুই তিনিমাহত ছবিখন অধিক স্পষ্ট হ’ব।