অতুল বৰা এণ্ড কোম্পানীয়ে কেব সমৰ্থন কৰাৰ বিকল্প নাই

2228

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


১৯৮৫ চন ,  অক্টোবৰৰ ১২,১৩ আৰু ১৪ ; স্থান গোলাঘাট ৷ অসম চুক্তি দিল্লীত ইতিমধ্যে স্বাক্ষৰ  হৈছে ৷ নিৰ্বাচন খেলিবলৈ এটা আঞ্চলিক ৰাজনৈতিক দলৰ দৰকাৰ  হ’ল ৷ গোলাঘাটত  বহিছে ৰাজনৈতিক অভিৱৰ্ত্তন ৷ অসম আন্দোলনৰ প্ৰতিটো পক্ষ গোট খাইছে ৷ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ বাবে আন্দোলনকাৰী পক্ষৰ  একোজনকৈ নেতাক লৈ সভাপতি মণ্ডলী গঠন কৰা হ’ল ৷ ৰাজনৈতিক অভিবৰ্ত্তন শেষ , অগপৰ জন্ম হ’ল  ৷ বাতৰি কাকতত নাম ওলাল দলটোৰ মুখ্য সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত ৷ দলত মুখ্য সভাপতিযে থাকিব সেইটো অভিবৰ্ত্তনৰ প্ৰস্তাৱ নাছিল ৷ অভিবৰ্ত্তনে প্ৰস্তাৱ গৃহীত কৰিছিল কেৱল সভাপতি মণ্ডলীৰ ৷
অগপৰ নেতাৰ নিজা নিজা অংক সদায় আছিল আৰু আছে ;  দলটো জন্মৰ বহু পূৰ্বৰে পৰা ৷ নেতাৰ অংকত বহিৰাগত বহিষ্কাৰ আন্দোলন ৰূপান্তৰ হৈ  বিদেশী বহিষ্কাৰ আন্দোলন হ’ল । বহু জন চফল যুবকৰ মৃত্যু হ’ল , বহুজন পংগু হ’ল , আন্দোলন বিৰোধীক আক্ৰমন কৰাৰ  নামত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ’ল , দলং জ্বলিল । চেটেলমেন্ট চুক্তিত ভাৰতীয়ৰ সংজ্ঞা অসমত সলনি কৰি ১৯৭১ মানি ল’লে । ১৯৫১ ক’ত হেৰাল কিয় হেৰাল কোনো তথ্য নাই ।  অসমীয়া জাতীয়তাবাদৰ পিতামহ স্বৰূপ নিবাৰণ বৰাক ১৯৭১ ৰ  স্বাৰ্থত পৰিকল্পিত ভাবে এলাগী কৰা হ’ল । নিবাৰণ বৰা , হিৰণ্য ভট্টাচাৰ্য্য থকা স্বত্তেও কুমুদ শৰ্মাক দোভাষী কৰি দিল্লীলৈ নিয়া হ’ল । অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল । বড়ো ভাষীৰ মাজত জন্ম হ’ল উপেন্দ্ৰ নাথ ব্ৰহ্মৰ । একমাত্ৰ প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা পোৱা দুৰ্ব্যবহাৰে জন্ম দিলে বড়ো আন্দোলনৰ । উপেন্দ্ৰ নাথ ব্ৰহ্মই দেখুৱা বাটেৰে বড়ো আন্দোলনৰ ফলশ্ৰুতিত বিটিচি গঠন হ’ল । ত্ৰিশ শতাংশ বড়ো ভাষী থকা বিটিচি এলেকাত নতুন ৰাজনীতিৰ আবিৰ্ভাব হ’ল বড়ো – অবড়ো ৰাজনীতিৰ ।
প্ৰফুল্ল মহন্তক পৰিত্যক্ত কৰা ৰাজনীতি অগপৰ জন্মলগ্নৰ পৰা আৰম্ভনী হৈছিল যদিও সফল হ’ব পৰা নাই ।  কাৰণ যিসকলৰ পৰা প্ৰফুল্ল মহন্তৰ ভয় আছিল সেইসকলক মহন্তই প্ৰথমেই বাহিৰ কৰি আহিছে। ভৃগু ফুকন আতৰি গৈছিল  , দিনেশ গোস্বামী আতৰি গৈছিল  , ভৰত নৰহ , অতুল বৰা জেষ্ঠ , সৰ্বানন্দ সোণোৱাল , চন্দ্ৰ পাটোৱাৰী লানি নিচিগা লাইন   । ১৯৯৯ চনৰ ১০ ডিচেম্বৰত নিত্য বৰাই ‘সাদিন ‘ কাকতত লেখিছিল ,  ‘ এফালে ভ্ৰষ্টাচাৰী মহন্ত আনফালে মতলবী বহুৱা ‘ ।  দ্বিগেন বৰাক হাথিয়াৰ কৰি ভৃগু ফুকনে কৰা প্ৰফুল্ল হাতাও অভিযান আছিল সেইসময়ত ৰাইজৰ কাৰণে  অপ্ৰাসংগিক । অসমীয়া জাতীয়তাবাদৰ ঘীউ মৌ খাই চৰ্বী হোৱা নেতাৰ পৰা ৰাইজে আশা কৰিব পৰা একো নাছিল । প্ৰফুল্ল মহন্তৰ কাৰ্যকলাপে ৰাইজক অতিষ্ঠ কৰিছিল আৰু ৰাইজেও বিচৰা নাছিল প্ৰফুল্ল মহন্তৰ কাৰ্যকাল দীৰ্ঘজীবী হওঁক । তথাপি প্ৰফুল্ল বেয়া মানেই দিগেন ভাল , প্ৰফুল্ল ভ্ৰষ্টাচাৰী মানেই অতুল – ভৃগু নিকা এইবিলাক কথা ৰাইজে চিন্তা কৰিবলৈ এৰি দিছিল । কংগ্ৰেছে অগপৰ বিসম্বাদী গ্ৰুপটোক সমৰ্থন কৰিছিল । কিন্তু সদৌ শেষত প্ৰফুল্ল মহন্তই পৰিস্থিতি মেনেজ কৰি চৰকাৰ চলাই গৈছিল । চৰকাৰে যদিও পাঁচটা বছৰ সম্পুৰ্ণ কৰিলে , পিছৰটো নিৰ্বাচনত মুখ থেকেচা খালে । নিজৰ বিসম্বাদীক প্ৰফুল্ল মহন্তই ছাত্ৰ অবস্হাৰ পৰা আৰম্ভ কৰি আজিলৈকে পৰাস্ত কৰাত সফল হৈ আহিছে । কিন্তু এইবাৰ ঘড়ীৰ কাটা ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে । এইবাৰ মহন্ত বিৰোধীৰ লগত আছে বিজেপি দল , হিমন্ত বিশ্ব শৰ্মা , সৰ্বানন্দ সোণোৱাল । হিমন্তৰ এখন নিৰ্বাচনী সভাই জয় পৰাজয়ৰ অংক সলনি কৰে । পৱিন্দ্ৰ ডেকাৰ দৰে নেতাই হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে খোজ লোৱা দৃশ্য  ৰাইজে প্ৰত্যক্ষ কৰিছে । দল চলাবলৈ যিখিনি টকা পইচাৰ প্ৰয়োজন সেইখিনিৰ কাৰণে এতিয়া মহন্তই একমাত্ৰ পথ নহয় । অগপই বিজেপিৰ পৰা নিৰ্বাচনী পুজি প্ৰতিটো নিৰ্বাচনত পাই আহিছে ।
সময়ৰ উচিত ব্যৱহাৰ কৰি  অতুল বৰাই জন্ম দিলে অগপৰ ছাত্ৰ সংগঠন । ছাত্ৰ সংগঠন জন্ম দিয়াৰ উদ্দেশ্যই হ’ল আছুৰ পৰা দুৰত্ব সৃষ্টি কৰা । প্ৰফুল্ল মহন্তৰ কেব বিৰোধীতা হৈছে প্ৰেষ্টিজ ইচ্ছ্যু , যিটোৰ পৰা তেওঁ মুক্ত হ’ব নোৱাৰে । কিন্তু কেব বিৰোধ কৰি অগপৰ যে একো লাভ নহয় তাৰ প্ৰমাণ পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনে কৰিছে । কংগ্ৰেছে বৰাকত কেব সমৰ্থন কৰিব আৰু উজনি আৰু মধ্য অসমত বিৰোধ কৰিব । উজনি আৰু মধ্য অসমত কেব বিৰোধৰ যদি কিবা ৰাজনৈতিক লাভা লাভ হয় তেন্তে সেই লাভ অগপই ল’ব নোৱাৰে । কাৰণ ধৰ্মীয় সংখ্যালঘুৱে অগপক বিশ্বাসত নল’ব আৰু বাকী অসমীয়াভাষী মানুহখিনিৰ মাজত  ৰাস্তা ঘাট উন্নয়ন , ব্যৱসায়ৰ উন্নতি ,আৰ এছ এছ আৰু  হিন্দুত্বৰ  প্ৰভাবত কেবক বিৰোধীতা কৰা মানুহ অতি নগণ্য । দিনক দিনে  অগপৰ পৰিধি সীমিত হৈ গৈ আছে  । ৯৬ ‘ ৰ নিৰ্বাচনত বৰাকত অগপৰ ভেটি শক্তিশালী আছিল । আজমলে দল খুলিলে বৰাকত অগপ অপ্ৰাসংগিক হৈ গ’ল । খিলঞ্জীয়া জনগোষ্ঠীসকলৰ দাবীত গঠিত স্বায়ত্ব শাসিত এলেকা সমুহত অগপৰ ভেটি ৰাতিৰ ভিতৰতে শেষ হৈ গ’ল । কাৰণ ক্ষমতা আৰু অৰ্থ সৰ্বস্ব ৰাজনীতিত কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল হৈ গ’ল স্বায়ত্ত-শাসন থকা এলেকাবোৰ । বাকী থাকিল উজনি অসম আৰু নামনি অসমৰ বিটিএডিৰ বাহিৰত থকা অঞ্চলখিনি । নামনিৰ ধৰ্মীয় মুছলমান অধ্যুষিত অঞ্চলবিলাক কংগ্ৰেছ আৰু আজমলৰ মাজতে সীমাবদ্ধ হ’ল । উজনিৰ  চাহবাগানখিনি এতিয়া বিজেপিৰ দখলত , আগন্তুক সময়ত বিজেপি বাগানত দুৰ্বল যদি হয়ও সেই দুৰ্বলতাৰ সুবিধা কংগ্ৰেছেহে ল’ব ।  ‘ কেব ‘ বিৰোধ কৰি অগপৰ মন্ত্ৰী ফনীভুষণ চৌধুৰী ট্ৰেইনত উঠি বঙাইগাওঁ পাইছিল । কান্দি কান্দি প্লেটফৰ্মত কৰ্মীক সাৱতি ধৰিছিল । কিন্তু অগপই  ‘ কেব ‘ ক বিৰোধ কৰিলে আগন্তুক নিৰ্বাচনত প্ৰথম চিকাৰ হ’ব ফনীভুষণ চৌধুৰী । কেবক বিৰোধ কৰিলে জানো ধুবুৰীৰ ভোটাৰে অগপক জিকাব নে জনীয়াৰ ভোটাৰে অগপক জিকাব ?  কোকৰাঝাৰত অগপৰ হাতী এতিয়া আই চি ইউত আৰু কোনোকালে আইচইউৰ পৰা ওলাব নোৱাৰে । বৰাকৰ কথা কৈ লাভেই নাই । কেব বিৰোধ কৰি অগপই আজমলৰ লগ লাগিব যিদৰে নোৱাৰে একদৰে কংগ্ৰেছৰ লগতো যাব নোৱাৰে ।  পাহাৰ আৰু ৬ ষ্ঠ অনুসূচী এলেকাত থকা আঞ্চলিক দল সমুহৰ ক্ষমতা কেন্দ্ৰীক ৰাজনীতিত অগপ অপ্ৰাসংগিক আৰু বিশ্বাসযোগ্য নহয় । তেনেস্থলত অগপৰ থিংক টেংক একাংশ নেতাই ভাবে যে অগপই কেব সমৰ্থন কৰিলে যিখিনি ক্ষতি হ’ব তাতকৈ  অধিক লাভ হ’ব প্ৰফুল্ল মহন্তক আঁতৰ কৰি নতুন নেতা মন্ত্ৰীসকলে নিৰ্ভয় ভাবে দল চলাবলৈ পালে । সকলো জল্পনা কল্পনা শেষ হ’ব আগন্তুক সময়ত ।