অফ দে ৰেকৰ্ডঃ প্ৰদ্যুত বৰদলৈ আৰু মামুন ইমদাদুল

4003
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমে জন্ম পাইছিল ২০১৮ চনৰ এপ্ৰিল মাহত। দেশহিতৰ মহান উদ্দেশ্য আগত ৰাখি জন্ম দিয়া মাহেকীয়া আলোচনীখনৰ ইতিমধ্যে ১৯ টা খণ্ড প্ৰকাশ পাইছে। প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্ত, দেবব্ৰত শইকীয়া, সমুজ্জ্বল ভট্টাচাৰ্য্য আদি কৰি অনেক নামী দামী নেতাৰ সাক্ষাৎকাৰ আমাৰ আলোচনীৰ জড়িয়তে ৰাইজে পঢ়িছে। আজি লিখিবলৈ লৈছো কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু এ.আই.ইউ.ডি.এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ লগত সাক্ষাৎকাৰৰ সময়ত হোৱা অভিজ্ঞতাৰ কথা।
প্ৰদ্যুত বৰদলৈ
‘ৰাজনীতি অসম ‘ ত প্ৰদ্যুত বৰদলৈৰ সাক্ষাৎকাৰ প্ৰকাশ পাইছিল চেপ্তেম্বৰ ২০১৯ খণ্ডত।  আগষ্ট মাহৰ শেষৰ পিনে  অবেলি প্ৰায় ৫টা মান বজাত আমি তেখেতৰ ঘৰ অভিমুখে ৰাওঁনা  হও। পাহাৰৰ টিলা এটাত অবস্থিত ঘৰটোৰ সন্মুখত খুব মনোৰম দৃশ্য। ঘৰৰ কাম কৰা মানুহজনে আমাক ড্ৰয়িং ৰুমত বহিবলৈ দিলে। খুব সুন্দৰকৈ সজাই থোৱা ড্ৰইং ৰুমটোত আছিল কিছুমান এনটিক বস্তু। ১০ মিনিটমান পিছত বৰদলৈ দেৱ আহিল।  চা-চিনাকি হৈ সাক্ষাৎকাৰ আৰম্ভ কৰিলো। প্ৰদ্যুত বৰদলৈৰ বাকপটুতাৰ কথা দুনাই কোৱাৰ প্ৰয়োজন নাই। সকলো প্ৰশ্নৰ তেখেতে খুব সুন্দৰভাবে উত্তৰ দিলে। প্ৰায় এঘন্টাৰ পিছত সাক্ষাৎকাৰ শেষ হ’ল। আমি ৰেকৰ্ডিং বন্ধ কৰিলোঁ ।  ” অসমৰ এজন মন্ত্রীয়ে আপোনাক চাহাব বুলি কৈছে” , মই লাহেকৈ ক’লো। মিচিকিয়া হাহি মাৰি বৰদলৈদেৱে ক’লে , “মই অলপ পৰিপাটীকৈ থাকি ভাল পাওঁ ।”  তেখেতে আমাৰ বিষয়ে আৰু অধিক জানিব বিচাৰিলে। আমি ক’লো যে আমি চাৰিজন বন্ধুৱে ই-মেগাজিন খন আৰম্ভ কৰিছো। ভগবানৰ কৃপাত আমি চাৰিজনেই ভাল চাকৰি কৰো। আমাৰ কাৰো পৰা একো পাবলৈ নাই, হেৰুৱাবলৈও নাই। সেয়েহে আমি নিৰ্ভীক আৰু নিৰপেক্ষ।  তাৰ পিছত প্ৰদ্যুত বৰদলৈয়ে নিজৰ লগত ঘটা ঘটনা এটা ক’লে। আমি ভাবো এই কথাখিনিয়ে বহু লোকক অনুপ্ৰাণিত কৰিব।
জে.এন.ইউত পঢ়া প্ৰদ্যুত বৰদলৈয়ে অইলত চাকৰি কৰিছিল।  তেখেতে এটা ডাঙৰ টিম মেনেজ কৰিছিল। পাঁচ বছৰমান কাম কৰাৰ পিছত নিজাকৈ কিবা কৰাৰ মন মেলিলে। ভবা মতেই কাম। অইলৰ চাকৰি বাদ দি ঘৰ পালে। মাতৃ তথা আত্মীয় স্বজন সকলো আচৰিত হ’ল। ইমান ভাল চাকৰি এৰি থৈ ব্যৱসায়ত সংগ্ৰাম কৰিবলৈ কেইজনে সাহস কৰে? গুৱাহাটীত ব্যৱসায় কৰা আৰম্ভনিৰ সময়ত তেখেতৰ এখন স্কুটাৰ আছিল। এদিন ব্যৱসায়ৰ কামত গৈ থাকোতে স্কুটাৰখন বেয়া হ’ল। ৰাস্তাত ঘামি জামি কিক মাৰি আছে। কিন্তু স্কুটাৰখন স্টাৰ্ট নহয়। এবাৰ হাতঘঁড়ীটোলৈ চায় আৰু এবাৰ কিক মাৰে। ইফালে সূৰ্য্য দেৱতাৰ কৃপাত গোটেই চোলাটো পিঠিত লিপিট মাৰি ধৰিছে। কেইবাবাৰো চেষ্টা কৰাৰ পিছতো সফল হোৱা নাই। এবাৰ ভাবিলে কোনোবা এখন দোকানৰ সন্মুখত থৈ যাব নেকি? নাই এইখনেই একমাত্র সম্বল। ৰিক্স ল’ব নোৱাৰি। হঠাৎ দেখা পালে অলপ দুৰত এখন গাড়ীত এজন চিনাকি যেন লগা মানুহ বহি আছে। দুৰৰ পৰা জীপ গাড়ী যেনেই লাগিছে। হয় গাড়ীখনৰ সন্মুখৰ চিটত বহি আছে তেখেতৰ পুৰণি সতীৰ্থ এজন। অইলত থাকোতে তেখেতে লিড কৰা টীমটোৰ বন্ধু এজন। গাড়ীখন লাহে লাহে ওচৰলৈ আহি আছে। উৎসাহত দুয়োখন হাত ডাঙি মাতিছে। বন্ধুজনে এবাৰ হালি চোৱাযেন লাগিল_ মোক চিনি পালে নে নাই ধৰিব নোৱাৰিলো। গাড়ীখন পাৰ হৈ গুছি গ’ল আৰু মই একে ঠাইতে ৰৈ থাকিলোঁ । ডাঙি থকা হাত দুখন নামি আহিল। স্কুটাৰখন পুনৰ কিক মাৰিলো সেইদিনা জীৱনৰ এটা ডাঙৰ শিক্ষা পালো।
মামুন ইমদাদুল হক চৌধুৰী
উজনি অসমৰ একমাত্র এ.আই.ইউ.দি.এফ বিধায়ক মামুন ইমদাদুলৰ । জুলাই মাহ, দুপৰীয়া সময়ত সাক্ষাৎকাৰ ল’বলৈ এম.এল.এ হোষ্টেল পালো। তেখেতৰ বহা ৰুমতে এটা বিশাল library । যুৱ বিধায়ক জন দেখাত চিনেমাৰ হিৰোৰ দৰে।বয়স ৪০ বছৰ মান হ’ব চাগে । যথা সময়ত সাক্ষাৎকাৰ আৰম্ভ হ’ল। খুব আত্মবিশ্বাসেৰে তেখেতে আমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে। বুজি পালো যে কিতাপ বোৰ libraryত এনেয়ে সজাই থোৱা নাই। তেখেতৰ  ৰাজনৈতিক জ্ঞান যঠেষ্ট আছে আৰু ৰাজনেতা ৰুপে তেখেত পৰিপক্ক। তেখেতৰ সাক্ষাৎকাৰ ইতিমধ্যে আমাৰ আলোচনীত প্ৰকাশ পাইছে। কোনো বিতৰ্কিত মন্তব্য দিয়াৰ পৰা তেখেত বিৰত থাকে।  কঠিন প্ৰশ্ন বিলাকৰো তেখেত খুব সাহসেৰে মুখামুখি হয়। এল.এল.বি পাছ কৰা মামুন ইমদাদুলৰ লগত কথা পাতি খুব ভাল লাগিল। বুজি পালো যে বিজেপিৰ চুনামিৰ সময়ত নাওবৈচাৰ ৰাইজে কিয় এজন এ.আই.ইউ.ডি.এফৰ নেতাক দিছপুৰলৈ পথাইছিল।