হালধীয়া সাংবাদিকতাৰ দিন চমু চপাই আনিব পাৰে নিউজ পৰ্টেলে

1512
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কুলদিপ নায়াৰৰ পৰা অজিত ভুঞা , স্বপন দাসগুপ্তাৰ পৰা কুমাৰ কেটকাৰলৈ ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰায় হাজাৰ জন সাংবাদিকে ৰাজ্যসভাৰ সাংসদ পদত অধিষ্ঠিত হৈছে ।ৰাজ্যসভাৰ এখন আসনৰ বাবে এজন ৰাজনীতি কৰা মানুহে জীৱনত কিমান ত্যাগ কৰিব লগা হয় তাৰ কোনো লেখ নেথাকে । কিন্তু একেই আসন খনত বহু সাংবাদিক বা বুদ্ধিজীৱীয়ে একো বিশেষ কষ্ট নকৰাকৈ সন্মানীয় আসন খন ৰাজনৈতিক দলৰ আশীৰ্বাদত পায় । বিজেপি,অগপ,সমাজবাদী, কংগ্ৰেছ আদি সকলো দলৰ পৰাই বুদ্ধিজীৱী সকলক ৰাজ্যসভালৈ নিয়া হয় । বিজেপিক বিৰোধ কৰি অজিত ভুঞাই আজমল আৰু তৰুণ গগৈৰ হাতত ধৰি ৰাজ্যসভা যোৱাৰ বহু আগতে পাইঅনিয়াৰ কাকতৰ লগত জড়িত চন্দন মিত্ৰই বিজেপিৰ সমৰ্থনত ৰাজ্যসভাৰ সাংসদ হৈছিল । ডাঙৰ ডাঙৰ নিউজ হাউচৰ বুদ্ধিজীৱী সকলে সময়ে সময়ে ৰাজনৈতিক দলৰ সমৰ্থনত ৰাজ্যসভাৰ আসন খন লাভ কৰি আছে । সংবাদ মাধ্যমে নিৰপেক্ষ বুলি দাবী কৰা বাক্যষাৰ ৰাইজে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে । যিটো সময়ত ইনটাৰনেট নাছিল , চ’চিয়েল মিডিয়া নাছিল ,সেই সময়ছোৱাত এখন কাকতে জনমত সৃষ্টি কৰাত বিশেষ ভুমিকা ল’ব পাৰিছিল । পাঠকৰ কাৰণে কাকতত নিবন্ধ লিখা মানুহবোৰৰ কথাবোৰ বেদৰ বানীৰ দৰে আছিল । বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো মাধ্যম উপলব্ধ নাছিল আৰু বুদ্ধিজীৱী সকলৰ ব্যক্তিগত জীৱনৰ বিভিন্ন তথ্যৰ বিষয়ে অৱগত হোৱাৰ সুযোগ নাছিল ।
ৰাজপথৰ আন্দোলনৰ হুংকাৰ দিয়া কাকতৰ সম্পাদকৰ পুত্ৰ দিল্লী , পুনাত পঢ়ি আছিল সেই বাতৰি পাঠকৰ হাতত পৰা নাছিল । দহ হাজাৰ কপি বাতৰি কাকত বিক্ৰি নোহোৱা কাকতৰ সম্পাদকৰ বিলাসী অট্টালিকাৰ ফটো মানুহে দেখা নাছিল , খৱৰ নাছিল সম্পাদকৰ পত্নীয়ে মন্ত্ৰীৰ অনুগ্ৰহত চাকৰি পোৱা জীয়া কাহিনী । ৰাজনৈতিক দলে মিডিয়াক মেনেজ কৰিবলৈ ইচ্ছা কৰাটো স্বাভাবিক আৰু সেই সুবাদতেই মিডিয়াৰ বুধিয়ক মানুহখিনিয়ে মাছৰ তেলেৰে মাছচ ভাজিবলৈ চেষ্টা কৰিবই । আজিৰ দিনটোত অসমত চলি থকা ভালেকেইটা ইলেকট্ৰনিক মিডিয়াৰ লগত ৰাজনৈতিক ব্যক্তি বা দলৰ লগত থকা সম্পৰ্ক দৰ্শকৰ মাজত প্ৰায় স্পষ্ট ৰূপত ধৰা পৰিছে ।
প্ৰায় প্ৰতিটো চেনেলে কেব আন্দোলনৰ সময়ত নাগৰিকত্ব বিধেয়ক খনৰ বাতৰি প্ৰচাৰ কৰোতে বিধেয়ক খনক জাতিধ্বংসী বুলি লেবেল লগায় দিছিল । ধাৰা ৩৭০ ভংগৰ ক্ষোভক একাংশ মৌলবাদী সংগঠনে অসমত একাংশ অসমীয়া ভাষীয়ে কৰা আন্দোলনৰ সুযোগ লৈ মধ্য প্ৰদেশ , দিল্লী , উত্তৰ প্ৰদেশ অশান্ত কৰিলে । অসমত এই আন্দোলনক নেতৃত্ব দিয়া মিডিয়াৰ মানুহ ৰাজ্যসভাৰ সাংসদ হৈ গ’ল । ক’ৰনাৰ সময়ত চলা লকডাউনৰ প্ৰভাবত বহু মেধা সম্পন্ন যুবকে জীবিকাৰ দিশ সলাবলৈ বাধ্য হ’ল আৰু যাত ফলশ্ৰুতিত জন্ম ল’লে অজস্ৰটা নিউজ প’ৰ্টেল । প্ৰতিটা নিউজ পৰ্টেলৰ দৰ্শক সমান নহয় । কিন্তু প্ৰতিটো নিউজ প’ৰ্টেলে সময়ত যিকোনো এটা খৱৰ ভাইৰেল কৰাৰ ক্ষমতা ৰাখে । এতিয়া কিন্তু ৰাজনৈতিক নেতা বা ডাঙৰ ডাঙৰ জাৰ্নেলিষ্ট সকলে নিউজ পৰ্টেল বিলাকৰ দায়িত্ব বোধ আৰু নিউজৰ গুণগত মাণদণ্ডক প্ৰশ্ন কৰিব । যিসকলে প্ৰশ্ন কৰিব সেই সকল জানো ধোৱা তুলসীৰ পাত ? চেনেলত বহি মানুহক প্ৰৰোচনা কৰি ষ্টুডিঅৰ পৰা সংসদ পোৱা চেনেলৰ সাংবাদিক অসমৰ ৰাইজে দেখিছে , ৰাইজে দেখিছে নেতাৰ দল পৰিৱৰ্তন হোৱাৰ পিছত নেতাৰ পত্নীৰ মালিকাধীন চেনেলৰ বাতৰিৰ কন্টেন্ট সলনি হোৱা , গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি দাবী নিউজ এংকৰে গণতান্ত্ৰীক নিয়মত আইনলৈ ৰূপান্তৰ হোৱা নাগৰিকত্ব আইনক বিৰোধ কৰা ইত্যাদি । নিউজ চেনেল ৫-৬ টাত সীমাবদ্ধ থকা ( বাতৰি কাকতক বাদ দিয়া হৈছে , কাৰণ অসমীয়া বাতৰি কাকতৰ প্ৰচলন এতিয়া অতি নগণ্য) অসমত এতিয়া পাঁচশৰ পৰা হাজাৰটা নিউজ পৰ্টেল আছে । সেয়ে হাজাৰটা পৰ্টেলক মেনেজ কৰিবলৈ ৰাজনৈতিক নেতা সক্ষম নহয় আৰু দুৰ্ণীতি পৰায়ন ব্যক্তি সকলেও হাজাৰটা পৰ্টেলক মেনেজ কৰিব নোৱাৰে । দুটা পৰ্টেল যদি মেনেজো হৈ যায় তেন্তে বাকী ৯৯৮ টা মেনেজ নোহোৱাকৈ থাকি যাব । যাৰ ফলশ্ৰুতিত মেনেজ কৰাৰ ফল শুন্য প্ৰমানিত হ’ব । অসমত আৰু অধিক নিউজ পৰ্টেলৰ প্ৰয়োজনীয়া আছে ।
হালধীয়া সাংবাদিকতা একমাত্ৰ চাকৰি , পদৱী, ঠিকা আদিতেই সীমাবদ্ধ নেথাকে । বহু সময়ত এই ধৰণৰ সাংবাদিকতাক হাথিয়াৰ কৰি লয় ৰাষ্ট্ৰ বিৰোধী চক্ৰই । দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বক ক্ষতি কৰা সাংবাদিকতা কোনো ক্ষেত্ৰতেই সহজ ভাবে লোৱা উচিত নহয় ।