অভিজিৎ বেনাৰ্জী

1437
  • ৰাজধীৰ অল্যমান

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


স্বদেশ বিৰোধ  বাওঁপন্থীৰ  ফেশ্বন । ফেশ্বনৰ নামত নিজ দেশক প্ৰতাৰণা কৰা হয় । জনতাক বিভ্ৰান্ত কৰিব খোজা  এই ফেশ্বনৰ নাম  হৈছে ভুৱা প্ৰগতিশীল ৷ এনে ভুৱা প্ৰগতিশীল ফেশ্বনৰ এখন মুখ আছিল অভিজিৎ বেনাৰ্জী । আচলতে মুখা নহয় ‘ কান্ধ ‘ বুলিহে ক’ব লাগিব । কাৰণ এইবিলাক কান্ধত বন্দুক থৈ ভাৰত বিৰোধীয়ে বন্দুক চলায় ।  অভিজিৎ বেনাৰ্জীয়ে প্ৰতিষ্ঠা কৰা সন্থাটোৰ নাম আব্দুল লতিফ জামিল ফাউণ্ডেশ্বন । পত্নী ফ্ৰান্সৰ আৰু নিজে বেনাৰ্জী উপাধি ব্যৱহাৰ কৰা মানুহজনৰ প্ৰতিষ্ঠানটোৰ নামটো ইচলামিক  ।  ইন্দিৰা গান্ধীৰ প্ৰতিটো কামক বিৰোধিতা কৰিছিল এটা সময়ত আৰু  ২০১৪ৰ পৰা নৰেন্দ্ৰ মোদীৰ বিৰোধিতা অভিজিৎ বেনাৰ্জীৰ  বায়োডেটা  ৷ কিন্তু এনেকুৱা ব্যক্তি মৌণ থাকে যেতিয়া কমুনিষ্ট শাসিত দেশত প্ৰতিবাদ কৰে জনতাই ।   যেতিয়া কোনো কমিউনিষ্ট দেশত চৰকাৰ বিৰোধী গুঞ্জন উঠে, তেতিয়া ইয়াৰ সংজ্ঞা নিৰূপণ কৰা হয় প্ৰতিক্ৰিয়াশীল চক্ৰ বুলি৷ ইতিহাস সাক্ষী আছে যেতিয়া চীনৰ টিয়ানামমেন স্কোৱেৰত ১৯৮৯ চনত বুলডেজাৰেৰে চেপি হত্যা কৰা হৈছিল গণতন্ত্ৰ বিচৰা ১০ হাজাৰ ছাত্ৰক৷ ফেশ্বন সাময়িক , জীৱন ক্ষণস্হায়ী কিন্তু দেশৰ সাৰ্বভৌমত্ব ক্ষণস্হায়ী হ’ব নোৱাৰে । ২০১৬ চনত দিল্লীৰ জে এন ইউ ত কানাইয়া কুমাৰ কাণ্ডৰ সময়ত চৰকাৰলৈ প্ৰত্ৰ লিখিছিল অভিজিৎ বেনাৰ্জীয়ে কাৰণ তেওঁ নিজেই জে এন ইউৰ ছাত্ৰ আছিল । বাক স্বাধীনতা খৰ্ব হোৱা বুলি সমালোচনা কৰিছিল  তেতিয়া । এতিয়া তিনিবছৰ পিছত তেওঁ পুনৰ চৰ্চালৈ আহিছে কাৰণ নোৱেল বঁটা পাইছে । একাংশ বাওঁপন্থীয়ে তেওঁক নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছিল । কিন্তু ভবা মতেই কাম নহ’ল । অভিজিৎ বেনাৰ্জীয়ে ভাৰতত পদাৰ্পণ কৰিয়েই সাক্ষাৎ কৰে মোদীক । মোদীক সাক্ষাৎ কৰাৰ পিছত এম আই টি কলেজত মিডিয়াৰ মুখামুখি হয় । মিডিয়াক তেওঁ কয় যে , ” আপোনালোকক নৰেন্দ্ৰ মোদীয়ে চাই আছে । প্ৰধানমন্ত্ৰীয়ে মোক জনাইছে যে আপোনালোকে মোক তেওঁৰ বিৰুদ্ধে প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰিব ।”
সাংবাদিকৰ দুই এটা প্ৰশ্নৰ উত্তৰ দিয়েই সমাপ্ত কৰে আলোচনা । মিডিয়া , বাওঁপন্থীক নিৰাশ কৰি তেওঁ কথা পাতে তেওঁৰ প্ৰকাশিত কিতাপবিলাকৰ । উল্লেখ্য যে দিল্লীৰ ইংৰাজী তথাকথিত লিবাৰেল মিডিয়াত হেনো চৰ্চা হৈছে যে অমিত শ্বাহে অকল কাশ্মীৰৰ পৰিবেশ সলনি কৰাই নহয় , অভিজিৎ বেনাৰ্জিকো সলনি কৰিলে ।