অমিত শ্বাহে পাৰিব নে কাশ্মীৰক ঠাণ্ডা কৰিব ?

1903
‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


কাশ্মীৰত বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদীসকলৰ কাৰ্যকলাপক পাকিস্তানে  অস্ত্ৰ-শস্ত্ৰ দি সহায় কৰি আহিছে । একে সময়তে  পাকিস্তানী গণতন্ত্ৰও জীয়াই আছে সেই দেশৰ জনসাধাৰণৰ মাজত কাশ্মীৰকেন্দ্ৰিক ভাৰত-বৈৰী আৱেগৰ জোৱাৰ তুলিয়েই। ভাৰত বিৰোধ হৈছে পাকিস্তানী শাসকৰ একমাত্ৰ অস্ত্ৰ । সেয়ে পাকিস্তানী চৰকাৰে কাহানিও নিবিচাৰে যে কাশ্মীৰ শান্তিত থাকক।
পাকিস্তানৰ উচতনিৰ পিছতো ভাৰতে পাকিস্তানৰ লগত সৰ্বাত্মক যুদ্ধত অৱতীৰ্ণ হোৱা নাই। ভাৰতে এতিয়াও আলোচনাৰ পথেৰে আৰু কূটনৈতিক বিচক্ষণতাৰে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ প্ৰচেষ্টা চলাই আহিছে।
এই পথেৰে সন্ত্ৰাসবাদী ৰাজনীতিৰ পৃষ্ঠপোষক পাকিস্তানক চিহ্নিত আৰু এঘৰীয়া কৰাত ভাৰত ৰাষ্ট্ৰই বহুখিনি সফলতা অৰ্জনো কৰিছে। সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কূটনৈতিক তৎপৰতা  প্ৰশংসাৰ যোগ্য। জম্মু-কাশ্মীৰত আৰু ছমাহৰ বাবে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বঢ়োৱা হৈছে।
তাৰ আগতে কেন্দ্ৰীয় গৃহ দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচী লৈ কাশ্মীৰৰ পৰিস্থিতি অধ্যয়ন কৰি আহিছিল। সংবাদ মাধ্যম আৰু সংসদত গৃহ মন্ত্ৰীজনে  স্পষ্টভাৱে কৈছে যে বিচ্ছিন্নতাবাদীসকলৰ লগত কোনো আলোচনাৰ প্ৰশ্ন উঠিব নোৱাৰে। সংসদৰ জম্মু-কাশ্মীৰৰ বিষয় লৈ হোৱা বিতৰ্কৰ প্ৰত্যুত্তৰত অমিত শ্বাহে স্পষ্ট কৰি দিয়ে যে যিয়ে দেশক খণ্ডিত কৰাৰ কথা ক’ব, তেওঁলোকক সেই ভাষাতেই উত্তৰ দিয়া হ’ব।  তেওঁ কাশ্মীৰ ভ্ৰমণৰ সময়তো আৰক্ষী, সামৰিক বাহিনীৰ উচ্চস্তৰীয় বিষয়াবৰ্গ আৰু ৰাজ্য প্ৰশাসনৰ মুৰব্বীসকলৰ বাদে কোনো ৰাজনৈতিক দল-সংগঠনৰ লগত আলোচনাত নবহিল।
ৰাজ্যসভাত অমিত শ্বাহে কাশ্মীৰ নীতিৰ বিষয়ে স্পষ্ট ধাৰণা এটা প্ৰকাশ কৰিলে । জমুৰিয়ট , ইনচানিয়ট আৰু কাশ্মীৰীয়ত __ জমুৰিয়ট মানে এনেকুৱা গণতন্ত্ৰ নহয় য’ত মাত্ৰ তিনিটা পৰিয়ালে কাশ্মীৰক শাসন কৰি থাকিব , ইনচানিয়ট মানে এইটো নহয় যে কাশ্মীৰী হিন্দু পণ্ডিতক পলাবলৈ বাধ্য কৰা হ’ব আৰু কাশ্মীৰীয়ত এইটো নহয় যে কাশ্মীৰত চুফী গায়কৰ ওপৰত অত্যাচাৰ সহ্য কৰা হব ।
অমিত শ্বাহে ঘোষণা কৰে যে কাশ্মীৰত এনেকুৱা পৰিবেশ সৃষ্টি হ’ব য’ত দেশদ্ৰোহীয়ে ভয়ৰ সন্মুখিন হব লাগিব ।
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ কাশ্মীৰ নীতিক কতাক্ষ কৰি তেওঁ কয় যে , ‘ আজিৰ কাশ্মীৰ সমস্যাৰ মুল ব্যক্তিজন হৈছে নেহেৰু ।  ১৯৪৯ চনত যেতিয়া ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাস্ত কৰি খেদি পঠাবলৈ সক্ষম হৈছিল , সেই সময়তে নেহেৰুৱে যুদ্ধবিৰতি ঘোষণা কৰে আৰু সেইবাবেই তিনি ভাগৰ এভাগ অংশ কাশ্মীৰ এতিয়াওঁ পাকিস্তানৰ দখলতেই থাকি গ’ল । ‘
স্পষ্ট নীতি অমিত শ্বাহে লৈছে । কাশ্মীৰৰ দেশপ্ৰমী যুবকক সেনাত যোগ দিয়াৰ বাবে কাশ্মীৰত সেনাই পৰীক্ষা পাতিছে আৰু সন্ত্ৰাসবাদত জড়িতসকলৰ বাবে লোকসভাত সন্ত্ৰাসবাদ বিৰোধী আইনবিলাকৰ সংশোধন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।