অশোক শৰ্মাই কিমান ভোট পাব?

235
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অৱশেষত অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিলে। তেওঁ নিশ্চয়কৈ ২০২৬ত কংগ্ৰেছৰ টিকট পোৱাৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। ইতিমধ্যে নলবাৰীত দুবাৰকৈ পৰাজিত হোৱা কংগ্ৰেছৰ নেতা প্ৰদ্যুত ভূঞাৰ ইয়াত আপত্তি নাথাকিব চাগে। নলবাৰী হ’ল হিন্দুত্বৰ কাৰখানা আৰু কংগ্ৰেছ ইয়াত দুৰ্বল। তেওঁলোকেও বুজে যে ইয়াত অশোক শৰ্মাক বাদ দি তেওঁলোকৰ গত্যন্তৰ নাই।

অশোক শৰ্মা জয়ী হ’ব পাৰিবনে?

২০২৬ত নলবাৰীত অশোক শৰ্মা বনাম জয়ন্ত মল্ল বৰুৱা হ’বলৈ গৈ আছে। জয়ন্ত মল্ল বৰুৱা এজন কেবিনেট মন্ত্রী তথা মুখ্যমন্ত্রীৰ সকলোতকৈ ঘনিষ্ঠ ব্যক্তি। সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত নলবাৰীৰ কিছু হিন্দু  অধ্যুসিত অঞ্চল বৰক্ষেত্রীক দিয়া হ’ল আৰু বৰক্ষেত্রীৰ কিছু মুছলমান বহুল অঞ্চক নলবাৰীত যোগ কৰিলে।সকলোবোৰ মুছলমানে কংগ্ৰেছক ভোট দিয়াটো খাটাং যদিও হিন্দুসকলৰ ভোট ভাগ হ’ব। বৰ্তমান সময়ত নলবাৰীত বিজেপিৰ প্ৰায় ১ লাখ ভোট আছে আৰু কংগ্ৰেছৰ আছে প্ৰায় ৬০ হাজাৰ। যদি প্ৰদ্যুত ভূঞা কংগ্ৰেছৰ প্ৰাৰ্থী হ’লহেতেন তেতিয়া হয়তো জয়ন্ত মল্ল ইয়াৰ পৰা প্ৰায় ৪০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’লহেতেন। কিন্তু অশোক শৰ্মা ইয়াৰ স্থানীয় লোক। ভূঞা আৰু বৰুৱাক নলবাৰীৰ ৰাইজে ২০১১ চনৰ পৰাহে দেখা পাইছে। আনফালে অশোক শৰ্মাই নলবাৰীত ১৯৯০ চন মানৰ পৰাই সামাজিক ভাবে জড়িত হৈ আছে। কৃষি, বহুমুখী প্ৰকল্প, নলবাৰী হৰিমন্দিৰ, ৰাষ্ট্ৰীয় স্বয়ম স্বেবক সংঘ আদিৰ লগত জড়িত হৈ তেখেতে ৰাইজৰ সেৱা আগবঢ়াই আছে। বিধায়ক থকা বা নথকা যিকোনো সময়তে তেওঁক নলবাৰীত দেখা পোৱা যায়। আনফালে জয়ন্ত মল্ল বৰুৱাও এজন শক্তিশালী নেতা। তেওঁৰ বাকপটুটা আৰু কৰ্মদক্ষতাক স্বীকাৰ কৰিবই লাগিব। নলবাৰীৰ নলা নৰ্দমা আৰু ফুটপাথৰ কামৰ বাবে ৰাইজে তেওঁৰ শলাগ লৈছে। নলবাৰীৰ ঐতিয্যমন্দিত গৰ্ডন স্কুলক তেওঁ নতুন ৰূপ দিছে। কিন্তু বৰুৱাৰ প্ৰধান সমস্যা হৈছে সময়। তেওঁ মন্ত্রী, অভিভাবক মন্ত্রীৰ লগতে দলৰো কাম কৰিব লগা হৈছে। ফলত সমষ্টিৰ মানুহৰ ফোন ধৰিবলৈ বা সমষ্টিৰ মানুহক লগ কৰিবলৈ তেওঁৰ সময় নাই। তেওঁৰ সোঁৱে বাওেঁ থকা মানুহকেইজন বহুত অংহকাৰী বুলি ৰাইজে সততে অভিযোগ কৰা। ইয়ে জয়ন্তমল্লৰ ভোট কিছু কৰ্তন কৰিব। আমি পোৱা খৱৰ অনুসৰি অশোক শৰ্মাই বিজেপিৰ প্ৰায় ১০ হাজাৰ ভোট নিজৰ ফালে আনিবলৈ সক্ষম হৈছে। এতিয়া দুয়োজনৰ মাজত ব্যৱধান মাত্র ২০ হাজাৰৰ। নিৰ্বাচনলৈ এতিয়াও দেৰ বছৰমান আছে। যদি অশোক শৰ্মাই আৰু ১০ হাজাৰ ভোট টানিব পাৰে তেন্তে শৰ্মা পুনৰ ২০২৬ত বিধায়ক হৈ যাব পাৰে। অবশ্যে বহু কথা নিৰ্ভৰ কৰিব অশোক শৰ্মাৰ নিৰ্বাচন ষ্ট্ৰেটেজীৰ ওপৰতো।