অসমত কংগ্ৰেছ কিয় পৰাজিত হ’ব

992
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


গোটেই দেশ বৰ্তমান কৰোনাৰ কৰাল গ্ৰাসত। দিল্লী, মুম্বাই, বাংগালোৰ আদি ডাঙৰ ডাঙৰ চহৰ যাক লৈ আমি গৌৰৱ কৰো তাত মানুহৰ হাহাকাৰ অবস্থা। অক্সিজেনৰ অভাবত মানুহৰ মৃত্যু হৈ আছে। হস্পিতালত বিচনাৰ অভাব। গোটেই দেশবাসী চিন্তিত। শোকত ম্ৰিয়মাণ। এনে দুখজনক অবস্থাৰ মাজতো অসমত কিছুমান ৰাজনেতাৰ কাণ্ড-কাৰখানাই জনতাক হাঁহিৰ খোৰাক দিছে। জালুকবাৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰ দিছাং ৰিজোৰ্টত উপস্থিত। কাৰণ তেওঁ ভয় কৰিছে যে জয়ী হোৱাৰ পিছত বিজেপিয়ে তেওঁক ক্ৰয়ৰ চেষ্টা কৰিব। ইতিমধ্যে চচিয়েল মিডিয়া ভৰি পৰিছে বিভিন্ন মিমেৰে। অসমত কংগ্ৰেছে বৰ্তমান যি কৰি আছে সি পৃথিবীৰ কতো নোহোৱা ঘটনা। নিৰ্বাচনী ফলাফলৰ আগতে সকলো প্ৰাৰ্থীক হৰ্চ ট্ৰেডিংৰ ভয়ত ৰিজৰ্টত বন্দী কৰি থৈছিল। তাৰ ভিতৰত বহু প্ৰাৰ্থী আছে যি অনাগত নিৰ্বাচনত শোচনীয় ভাবে পৰাজিত হ’ব। নিৰ্বাচনৰ পিছত তেওঁলোকে হয়তো মুখ লুকুৱাব ঠাই বিচাৰি নাপাব।
অসমত কংগ্ৰেছ কিয় পৰাজিত হ’ব?
ৰাজনীতিৰ সামান্য জ্ঞান থকা ব্যক্তিও জানে যে ২মেৰ ফলাফল কি হ’ব। অসমত পুনৰ বিজেপিৰ চৰকাৰ হোৱাটো প্ৰায় খাটাং। অসমৰ নিচিনা কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য এখনৰ বাবে কেন্দ্ৰ-ৰাজ্য দুয়োতে একে চৰকাৰ থকাৰ গুৰুত্ব অসমৰ ৰাইজে বুজে। সেইবাবেই ২০১১ চনত বিপুল ভোটত জয়ী হৈছিল কংগ্ৰেছ। কিন্তু ২০১৪ত কেন্দ্ৰত মোদী অহাৰ পিছত অসমলৈ বন্ধ হৈ পৰিছিল সকলো সাহায্য। ২০১৪ৰ পৰা ২০১৬লৈ আছিল অসমৰ বাবে দুৰ্যোগৰ দুটা বছৰ। সেই হিচাপে এই নিৰ্বাচনত বিজেপিৰ এদভানটেজ আগৰ পৰাই আছিল। বিজেপিক অসমত পৰাভূত কৰিবলৈ দৰকাৰ আছিল প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু কংগ্ৰেছৰ শক্তিশালী ৰাজ্যিক নেতৃত্ব। সোণোৱাল চৰকাৰৰ বিৰূদ্ধে কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখা নগ’ল। বৰঞ্চ এ.পি.এছ.চি কেলেংকাৰীৰ বিৰূদ্ধে লোৱা পদক্ষেপ, কৰোণা মহামাৰীৰ সময়ত চৰকাৰৰ কৰ্মদক্ষতাক শলাগ ললে বহুতে। তথাপিও কা, মুল্যবৃদ্ধি আদি বহু ইছু লৈ ৰাইজৰ মাজত সোমাব পাৰিলে হেতেন কংগ্ৰেছ। কিন্তু দেখা গ’ল যে কংগ্ৰেছ দলটো নিজেই কনফিউজদ। অসমত যদি ৫টা গেৰান্টি, বৰাকত মাত্র চাৰিটা। নামনিত আজমলৰ লগত মিত্রতা, উজনিক মিত্রতাক গাপ দিয়াৰ চেষ্টা। কোনো বিশ্বাসযোগ্য ৰাজ্যিক নেতাৰ অভাব। কেন্দ্ৰীয় নেতৃত্বৰ  অবস্থা আগৰ পৰাই তথৈবচ। যি ৰাহুল গান্ধীক আমাঠিৰ জনতাই প্ৰত্যাখ্যান কৰিলে তেওঁক আৰু অসমৰ মানুহে কি শুনিব? ২৩ জন শীৰ্ষ কংগ্ৰেছ নেতাই ইতিমধ্যে দলত গণতন্ত্ৰ বাহালৰ দাবী উত্থাপন কৰিছে। সেয়েহে অসমত কংগ্ৰেছ জয়ী হোৱাটো দিবাস্বপ্নত বাহিৰে একো নহয়। হয়তো বৰপেটা আৰু ধুবুৰীত কংগ্ৰেছ -আজমলে চুইপ কৰিব। কিন্তু বাকী অঞ্চলত কংগ্ৰেছৰ ভোট কমিবহে। এই কথা সাধাৰণ ৰাইজে বুজে, ৰাজনৈতিক বিশ্লেষক সকলেও বুজে। কেবল বুজি পোৱা নাই কংগ্ৰেছৰ ৰাজ্যিক নেতৃতংই। দিছাংত বিনোদনকৰাৰ পিছত যদি কৰোণাৰ সময়ত অসমবাসীক কিছু সেৱা কৰে তেন্তে কিছু হ’লেও পুণ্য অৰ্জন কৰিব পাৰিব।