অসমত কিমানজন বিধায়কৰ টিকট কটা যাব?

2248
  • হৰকুমাৰ ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ঝাৰখণ্ডৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে মুখথেকেচা খালে ।  বিজেপিয়ে নিৰ্বাচনত আন সৰু দলৰ লগত মিত্ৰতা নকৰিলে আৰু ইয়াৰ ফলতে ভোট শ্বেয়াৰ ভাল থাকিলেও চৰকাৰ বনাব নোৱাৰিলে । ঝাৰখণ্ডৰ পৰা অসমে কি শিকিব ?
(১)
 ঝাৰখণ্ডত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ৰঘুবৰ ৰায় নিজেই পৰাজিত হ’ল  । ২০২১ ত অসমৰ ক্ষেত্ৰত কি হ’ব ? সৰ্নানন্দ সোনোৱালৰ স্থিতি দুৰ্বল । আনহাতে ‘কেব ‘ ৰ পিছত সমষ্টি মেনেজ কৰিবলৈ আগতকৈ অধিক কষ্ট কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই । কিন্তু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিলে উজনি অসমত কি প্ৰতিক্ৰিয়া হ’ব সেয়া ধাৰণা কৰা এতিয়াই টান । কিন্তু সৰ্বানন্দ সোনোৱালক প্ৰক্ষেপ কৰিলেও মিডিয়াই প্ৰচাৰ কৰিব জাতীয় নায়ক গুছি খলনায়ক হোৱা কেছেট বিলাক । অখিল গগৈ , আছুৰ কাৰণে চফ্ট টাৰ্গেট হৈ পৰিব বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী । ঝাৰখণ্ডত মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দৰে ভুল এইবাৰ বিজেপিয়ে অসমত নকৰে । এইক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ লগতে উজনি অসমৰ এটা  সমষ্টি বাচি ল’ব বুলি কিছুমান সুত্ৰই দাবী কৰিছে ।
(২)
ঝাৰখণ্ডত মিত্ৰজোঁটৰ পৰা বিজেপি ওলায় আহি ভুল কৰিলে । অতি আত্মবিশ্বাসেই কাল হ’ল । বিশেষকৈ অগপৰ লগত সমষ্টি ভাগ কৰা অংকটো বেছ ৰোমাঞ্চকৰ হ’ব ।  পাটাচাৰকুচি , কমলপুৰ , তেজপুৰ , বৰহমপুৰ , টিয়কত অগপৰ লগত বিজেপিয়ে কি আলোচনা কৰে সময়ত জনা যাব । কাৰণ পাটাচাৰকুচি , কমলপুৰ , তেজপুৰ আদিত বিজেপিৰ প্ৰাৰ্থীয়ে  অকলে জিকিব পাৰিব বা অগপতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হ’ব পাৰিব । কিন্তু এইকেইটা সমষ্টি যদি অগপক সম্পুৰ্ণকৈ এৰি দিয়া নহয় , তেন্তে জাতীয়তাবাদী ভোটাৰে আন আন সমষ্টিত বিজেপিক  বিৰোধীতা কৰিব । ২০২১ ত যোৱাবাৰৰ তুলনাত অগপক অধিক প্ৰাসংগিক কৰিব ।
(৩)
প্ৰতিষ্ঠান বিৰোধী ঢৌ অসমত থাকিব , কাৰণ লোকসভা , বিধান সভা , পঞ্চায়ত সকলোতে বিজেপিক ৰাইজে জিকালে । বিজেপিৰ ষ্ট্ৰাইক ৰেট ঝাৰখণ্ডত মাত্ৰ  ৩২ % হ’ল । কাৰণ বিধায়কসকলৰ স্বজন তোষণে সাধাৰণ জনতাক ক্ষোভিত কৰিছে ঝাৰখণ্ডত । অসমত বিজেপিয়ে এইবাৰৰ প্ৰায় ২০ -২২ জন বিধায়কৰ টিকট কাটিব । কাৰণ নতুন মুখক প্ৰাধান্য নিদিলে বিপক্ষই সুবিধা লোৱাটো খাতাং ।  ২০২১ ত আজমল আৰু কংগ্ৰেছৰ মিত্ৰতা নিশ্চিত । মিত্ৰতা সংবাদ মেলত ঘোষণা নকৰে , যদিও লোকসভাৰ দৰে ভালেকেইটা সমষ্টিত আজমলৰ দলে প্ৰতিদন্দিতা নকৰে আৰু কংগ্ৰেছেও দুৰ্বল প্ৰাৰ্থি প্ৰক্ষেপ কৰিব ,  উদ্দেশ্য পোষ্ট ইলেকচন মিত্ৰজোঁট গঠন । বাকী বিজেপি দুৰ্বল হ’লে  বিপিএফ দলে  কংগ্ৰেছৰ কাষ চাপিব ।
(৪)
বিজেপিৰ কাৰণে মুল ফেক্টৰ হ’ব কাৰ্বি আংলং পাহাৰৰ সমষ্টি কেইটা , বৰাকৰ হিন্দু অধ্যুসিত সমষ্টি কেইটা , বিপিএফৰ সফলতা , উজনিৰ চাহ জনগোষ্ঠী ভোট আৰু  মধ্য অসমৰ  সমষ্টি কেইটা ।  ২০১৯ লোকসভা নিৰ্বাচনে প্ৰমাণ কৰিছে __পুৰ্ব বংগীয় মুছলমানৰ ভোট বিভাজন  নহয় কংগ্ৰেছ আৰু এআইইউডিএফ ৰ মাজত । ২০১৬ ত বৰক্ষেত্ৰী , বটদ্ৰবা , বৰপেটাত মুছলমানৰ ভোট বিভাজন হৈছিল কংগ্ৰেছ আৰু আজলমৰ দলৰ মাজত  আৰু জয়ী হৈছিল বিজেপি আৰু অগপ দল ।  যদিহে জুবিন গাৰ্গ , দিপাংকৰ নাথ , শিল্পী দল আৰু আছুেৱে লগ লাগি দল জন্ম দিয়ে তেন্তে অসমত ২০২১ ৰ নিৰ্বাচন বিজেপিৰ কাৰণে চেলেঞ্জ হ’ব ।  উজনি অসম তেজপুৰ আদিত বৰ্ণ হিন্দু অসমীয়াৰ ভোট বিভাজনে বিপদত পেলাব পাৰে বিজেপিক ।