চচিয়েল মিডিয়াৰ প্ৰকোপত বন্ধ হ’ব নেকি বহু নিউজ হাউচ?

1576

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


চচিয়েল মিডিয়া , ফেচবুক , নিউজ পোৰ্টেল ___ এটাৰ লগত আনটোৰ অস্তিত্ব জড়িত হৈ আছে ।চচিয়েল মিডিয়া অৰ্থাৎ সামাজিক মাধ্যম জনগণৰ মাজত যোগাযোগ, চিন্তা-চৰ্চা,প্ৰতিভা ,মনোৰঞ্জন ,তথ্য,সংবাদ,সুখ-দুখৰ ভাগবতৰা কৰিব পৰা এক উমৈহতীয়া বিশ্ব মঞ্চ । চচিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰা ডিজিটেল আহিলাসমূহ হ’ল মোবাইল, আইফোন,কম্পিউটাৰ ,লেপটপ ইত্যাদি । এই সমূহ আহিলাত ইণ্টাৰনেট সংযোগৰ লগে লগে  একাউণ্টৰ মাধ্যমেৰে  এজন মানুহে বিশ্বৰ লগত প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি উঠে । চচিয়েল মিডিয়াৰ বহল পৃথিৱীখনৰ  ফেচবুক, টুইটাৰ, লিংকড ইন, ইনষ্টাগ্ৰাম,স্নেপচাট,পিন্টাৰেষ্ট,ৰেড্ডিট ইত্যাদি ।চাবলৈ গ’লে দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকেই চচিয়েল মিডিয়া ব্যৱহাৰ কৰে ।  শ্ৰমিকৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী , ৰাষ্ট্ৰপতিলৈকে সকলোৱে ফেচবুকৰ দৰে জনপ্ৰিয় সামাজিক গণ মাধ্যমৰ ব্যৱহাৰকাৰী ।

ৰাজনৈতিক দলৰ নিৰ্বাচনী  প্ৰচাৰৰ এক আশীৰ্বাদ স্বৰূপ হৈ পৰিছে চচিয়েল মিডিয়া । চৌবিশ ঘণ্টাই প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰি  এই আধুনিক তথা কম খৰছী গণ মাধ্যমটোৰ লাভালাভ ভালকৈয়ে উঠাইছে ৰাজনৈতিক দলৰ নেতাসকলে । ফলত ফেচবুক, টুইটাৰ আদিত ৰাজনৈতিক পৰিৱেশ এটাই বাৰুকৈয়ে বিৰাজ কৰিব ধৰিছে । নিৰ্বাচনৰ সময়ছোৱাত ইয়াৰ প্ৰকোপ বাঢ়ে ।চচিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে যিকোনো বিষয়ত  মুক্ত মনে নিজৰ মন্তব্য ,সমৰ্থন বা বিৰোধিতা আগবঢ়াব পাৰে । এক অৰ্থত বাক স্বাধীনতাৰ মুক্ত প্ৰকাশ ঘটে সামাজিক মাধ্যমত । যিকোনো বিষয়ত ব্যৱহাৰকাৰীয়ে  ততালিকে নিজৰ  প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সুবিধা আছে গণমাধ্যমত । সেয়েহে সম্প্ৰতি ই অধিক সক্ৰিয় আৰু জনপ্ৰিয় হৈ উঠিছে ।
বাতৰি কাকতৰ স্থান লৈছিল টিভিৰ নিউজ চেনেলে, যিদৰে এসময়ত ৰেডিঅৰ স্থান লৈছিল দুৰদৰ্শনে । পিছলৈ চৰকাৰী দুৰদৰ্শনৰ স্থান লৈছিল ব্যক্তিগত মালিকাধীন চেনেল বিলাকে । টিভিত হিন্দী চিনেমাৰ স্থান ল’লে তামিল, তেলেগু ডাবিং চিনেমাই । এটা সময়ত চিনেমা হ’লৰ স্থান লৈছিল টিভিয়ে আৰু এতিয়া টিভিৰ স্থানত আহিল মোবাইল । মোবাইলে যেতিয়া গণ মাধ্যমৰ মুল আহিলা ৰূপে পৰিগণিত হ’ল তেতিয়া নতুন নতুন সংযোজন হৈ থাকিল এইটো মাধ্যমত । মবাইলত কেমেৰা থাকে , সেই কেমেৰাৰ সহায়ত ভিডিঅ বনাব পৰা হ’ল । ছবিয়ে কথা কয় , ভিডিঅ বিলাক খৱৰলৈ পৰিৱৰ্তন হ’ল । নিউজ চেনেল এটাৰ মালিকে নিউজ ৰিডাৰ , কেমেৰা মেন , ফিল্ডত ঘুৰি থকা সাংবাদিক , এটা ষ্টুডিঅ , যান বাহনৰ খৰচৰ মোকাবিলা কৰিবলৈ ৰাজনীতিত নামিব লগা হ’ল । ৰাজনীতি কৰা ব্যক্তিৰ আশিষ ধৈন্য হৈ বিয়াগোম ব্যৱসায়ীয়ে নিজৰ নাম আৰু প্ৰভুত্বৰ খাতিৰত নিউজ চেনেল আৰম্ভ কৰিলে । যিটো সময়ত বাতৰি কাকত এখনে ৰাজনৈতিক ভুমিকা বা চৰকাৰী বিজ্ঞাপনৰ দ্বাৰা চলি আছিল সেই একে উপায় লৈছিল নিউজ চেনেল বিলাকে । লাহে লাহে সময় সলনি হ’ল । নৰেন্দ্ৰ মোদীয়ে চ’চিয়েল মিডিয়াক ভিত্তি কৰি নিৰ্বাচনী প্ৰচাৰ চলালে , কাৰণ ভাৰতৰ বাতৰি কাকত আৰু নিউজ চেনেল বিলাকৰ অধিকাংশই বাওঁপন্থী আৰু বিদেশী ৰাষ্ট্ৰৰ অধিনত কাম কৰে । চ’চিয়েল মিডিয়াৰ সফল প্ৰয়োগ আৰু internet data সুলভ মুল্যই ৰাজনীতিত এটা নতুন উপাদান দিলে । ইয়াৰ ফলত ৰাজনৈতিক দল তথা মন্ত্ৰী-বিধায়ক সকলে নিউজ চেনেল বা বাতৰি কাকতৰ প্ৰতি গুৰুত্ব কমাই দিলে আৰু নিউজ হাউচক মেনেজ কৰিবলৈ  লাহে লাহে এৰি পেলালে । দৰ্শক নোহোৱা নাটকত ভাওঁ ল’বলৈ এৰি পেলালে প্ৰভাৱ শালী ৰাজনৈতিক ব্যক্তি সকলে । যাৰ ফলত খুব কম বিনিয়োগ কৰি জন্ম দিয়া নিউজ পোৰ্টেল বিলাক জনপ্ৰিয় হৈ পৰিল । এই বিলাকত নেতাৰ গুৰুত্ব বাঢ়িল আৰু ডাঙৰ ডাঙৰ নিউজ হাউচৰ মালিকৰ নিজৰ চেনেলৰ প্ৰতি গুৰুত্ব কমিল । তৎস্বত্তেও বহু সংখ্যক চেনেল বন্ধ হৈ গ’লেও দুই এটা চেনেল বাচি থাকিব ৰাজনৈতিক নেতাৰ প্ৰত্যক্ষ সহযোগত ।