ধৰ্মান্তকৰণ: হিন্দু সমাজৰ একাংশই এনে সিদ্ধান্ত লৈছে কিয়?

747
  • বিশ্বজিত নাথ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ধৰ্মান্তকৰণ ৷ এই বিষয়টোক লৈ কোন কাহানিবাৰ পৰাই বিতৰ্কৰ শেষ হোৱা নাই ৷ মূলত: এই অসম মূলুকত এই বিষয়টোৱেই সম্ভৱত অতিজৰে পৰা অধিক চৰ্চিত হৈ আহিছে ৷ কিয়নো ৰাজ্যখনৰ হিন্দু সমাজৰ বহুলাংশ সদস্য ইতিমধ্যে খ্ৰীষ্টান আৰু ইছলামত দিক্ষিত হৈ ধৰ্মান্তৰিত হৈছে ৷ এই ধৰ্মান্তৰিত হিন্দু সমাজৰ সদস্যসকলে কেৱল ইছলাম বা খ্ৰীষ্টানৰ ধৰ্ম- দৰ্শনৰ প্ৰতি অনুৰক্ত হৈয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছেনে!  নহয় ৷ মূলত হিন্দু সমাজত থকা প্ৰৱল উচ্চ- নীচ আৰু আৰ্থ- সামাজিক নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিয়েই হিন্দু সমাজৰ একাংশ সদস্যই এনে সিদ্ধান্ত লবলৈ বাধ্য হোৱাটো একপ্ৰকাৰ অপ্ৰিয় সত্য ৷ দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰে পৰা খ্ৰীষ্টান মিছনেৰী সকলে অতি সংগোপনে ৰাজ্যখনৰ বিভিন্ন ঠাইত নিজৰ কাৰ্যসূচী বিস্তাৰ কৰাৰ কাম আৰম্ভ কৰে ৷ তেওঁলোকে কোনো দিনাখনেই আৰ্থিক ভাৱে গজগজীয়া হিন্দু সমাজৰ সদস্যক টাৰ্গেট কৰা নাই ৷ তেওঁলোকৰ সদায়ে চফ্ট টাৰ্গেট হৈ আহিছে সমাজৰ পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে অনগ্ৰসৰ হিন্দু সমাজৰ সদস্য সকল ৷ সেয়ে ৰাজ্যৰ অধিকাংশ জনজাতীয় বসতিপ্ৰধান ঠাইত এতিয়া তেওঁলোকৰ সুদৃঢ় ভেটি ৷ গাৰোৰ গোৱিন্দ আতৈ, নগাৰ নৰোত্তমক একগোট কৰি মহাপুৰুষ গুৰুজনাই যি ঐক্যতান গঢ়িছিল সেয়া তেওঁৰ অনুগামী সকলেই পৰবৰ্তী সময়ত ধংস কৰি দিয়াটো অপ্ৰিয় সত্য ৷ এই অসমীয়া জাতি ধ্বংসৰ গুৰিবঠাদাল ধৰিছে আকৌ খোদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰাধিকাৰ সকলেই ৷ স্বয়ং শংকৰদেৱ গুৰুজনাইও নিজকে কেতিয়াও গুৰু হিচাবে পৰিচয় কৰাই থৈ নগল ৷ তেনেক্ষেত্ৰত আজি অসমত সত্ৰাধিকাৰ সকলে নিজৰ নামৰ আগত ” প্ৰভূ”, ” শ্ৰীশ্ৰী” ইত্যাদি বিশেষণ লগোৱাৰ উপৰিও   যিখন গামোচাক আমি সন্মান আৰু আদৰৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰো সেই গামোচাক খনকো গচকি বীৰত্ব(!), প্ৰভূত্ব(!) দেখুৱাব পৰা হ’ল ৷ আটাইতকৈ ডাঙৰ কথাটো কি জানেনে তেওঁলোকে শংকৰদেৱেই বিশ্বত প্ৰথম প্ৰতিষ্ঠা কৰা গণতন্ত্ৰক ধংস কৰি পেলালে ৷ সত্ৰাধিকাৰৰ পুতেক হে সত্ৰাধিকাৰ হ’ব পাৰিব ৷ এনে এক নোহোৱা- নোপোজা নিয়ম প্ৰৱৰ্তন কৰি ৷ স্বয়ং শংকৰদেৱ গুৰুজনায়ো নিজ ধৰ্মৰ ভাৰ নিজ পুত্ৰক প্ৰদান নকৰি মাধৱ পুৰুষৰ হাতত প্ৰদান কৰিছিল ৷ এয়াই আজি গুৰুজনাৰ অনুগামীৰ স্বৰূপ ৷ ইয়াৰোপৰি ৰাজ্যৰ সত্ৰই- সত্ৰই থকা উচ্চ- নীচৰ ব্যাপক ব্যৱস্থা ৷ ইয়াৰ বাবে এটা সৰু উদাহৰণ দিম ৷ আজিৰ পৰা প্ৰায় দুই দশক পূৰ্বে মই শুৱালকুছিলৈ গৈছিলো ৷ তাতে থকা এখন সত্ৰত প্ৰৱেশ কৰিছিলো ৷ সত্ৰাধিকাৰ জনৰ সৈতে বিভিন্ন আলাপ কৰাৰ পিছত তেওঁৰ অৰ্দালী জাতীয় লোক এজনে মোৰ উপাধী সুধিলে ৷ মই নিজ উপাধী ব্যক্ত কৰাৰ পিছত তেওঁ হাতত লৈ থকা কটা তামূল- পান মোলৈ হাত মেলিবলৈ দি ওপৰৰ পৰা পেলাই দিলে ৷ মোৰ বুজিবলৈ বাকি নাথাকিল যে মোৰ জাতিৰ সকল এওলোকৰ দৃষ্টিত এতিয়াও অস্পৃশ্য ৷ এয়াই আছিল নেকি গুৰুজনাৰ আদৰ্শ ! সেই কাৰণেই হয়তো আজি মাজুলীৰ দৰে হিন্দু ধৰ্মৰ পীঠস্থানত শতাধিক গীৰ্জাৰ দলদোপ হেন্দোলদোপ অৱস্থা ৷ মিছনেৰী সকল যে তেওঁলোকৰ উদ্দেশ্যত সফল হৈছে তাৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে তেওঁলোকে ধৰ্মান্তকৰণৰ যোগেদি সমাজৰ অনগ্ৰসৰ শ্ৰেণীক আৰ্থ- সামাজিক নিৰাপত্তা দিবলৈ সক্ষম হৈছে ৷ কিন্ত হিন্দু সংগঠন সমূহে কি কৰিছে ! ভোকত কম্পিত আৰ্তজনকো শ্ৰীৰাম,শ্ৰীকৃষ্ণৰ বাণী শুনাবলৈ গৈছে ৷ আৰে ভাতৃসকল আপোনালোকে কিয় পাহৰি গৈছে প্ৰথমে চাউল কথা,পিছতহে হৰিৰ কথা ! এতিয়া আহো ইছলামিক মহলে তেওঁলোকৰ নিজ সম্প্ৰদায়ৰ উন্নয়নৰ কাৰণে কি কৰিছে ৷ বিভিন্ন অনগ্ৰসৰ ঠাইত মধ্য প্ৰাচ্যৰ দৰে বিভিন্ন ইছলামিক দেশৰ পৰা অহা ধন বিভিন্ন সংগঠনৰ দ্বাৰা নিজ সম্প্ৰদায়ৰ আৰ্থ- সামাজিক উন্নতিৰ কাৰণে ব্যৱহাৰ কৰিছে ৷ সকলোৱে বুজি উঠিছে আৰ্থ- সামাজিক ভেটিতো সুদৃঢ় নহলে পৰিবৰ্তীত সমাজ ব্যৱস্থাত নিজকে কোনোপধ্যেই থিয় কৰি ৰখাটো সম্ভৱ নহয় ৷ কিন্ত হিন্দু সমাজত কি হৈছে ৷ গাৱঁলৈ যাওক দেখিব এটা নামঘৰ বাৰটা খেল ৷ “কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম” বুলি চিঞৰি থকা মানুহখিনিয়েই উচ্চ- নীচৰ একোখনকৈ বিৰাট প্ৰাচীৰ থিয় কৰাইছে!  বাতৰি কাকতৰৰ পাত্ৰ- পাত্ৰী সন্ধানীৰ পৃষ্ঠাত চকু ফুৰালে দেখা পাব
” চিকিৎসক অথবা অভিযন্তা পাত্ৰৰ বাবে অমুক জাতৰ,অমুক গোত্ৰৰ পাত্ৰীৰ প্ৰয়োজন ” ৷ এই খনেই হিন্দু সমাজ ৷ বিদেশত উচ্চ শিক্ষিত পাত্ৰকো অমুক জাতৰ পাত্ৰীৰ প্ৰয়োজন!  এচামেতো এতিয়া এনেকুৱা পৰ্যায় পাইছেগৈ যে তেওঁলোকৰ অৱস্থা দেখি হাহিঁবৈ নে কান্দিবই ৷ কাতি বিহুত তুলসিৰ তলত মিঠাতেলৰ চাকি গছি দিবলৈ লাজ পাই অথচ বৰদিনত খ্ৰীষ্টমাছ বৃক্ষত বৈদুতিক পোহৰ লগাবলৈ কি তৎপৰতা !