অসমৰ জলন্ত সমস্যাৰ আৰম্ভণী হৈছিল স্বাধীনতাৰ আগতেই ………..

2356

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


১৮২৬ চনত ইয়াণ্ডাবু সন্ধীৰ দ্বাৰা অসমত বৃটিছে খোপনি পুতিছিল । ইয়াৰ পিছৰে পৰা খেতি আৰু অন্যান্য কৃষি কৰ্মৰ বাবে বৃটিছে পূৰ্ব বংগৰ পৰা শ্ৰমিক অনা পন্থা হাতত লৈছিল । পিছলৈ মুছলিম লীগে ৰাজনৈতিক সুবিধাৰ বাবে প্ৰব্ৰজনক উৎসাহ যোগাই । ১৯০৬ চনত ঢাকাত অনুষ্ঠিত হোৱা মুছলিম লিগৰ কেন্দ্ৰীয় সভাত পুৰ্ব বংগৰ মুছলমান মানুহক অসমত সংস্থাপিত কৰি অসমক এখন  মুছলমান প্ৰধান অঞ্চল হিচাপে গঢ়ি তুলিবলৈ প্ৰস্তাৱ ৰখা হয় । পিছলৈ ১৯৩১ চনৰ জনগণনাত এই প্ৰব্ৰজনৰ কথা উল্লেখ কৰিছিল । চৰ্দাৰ পেটেলে সুভাস চন্দ্ৰ বসুক সমৰ্থন কৰিছিল । ভবা হৈছিল নতুন চৰকাৰেখনে পূৰ্ব বংগৰ পৰা হোৱা প্ৰব্ৰজনক বাধা দিব পাৰিব । কিন্তু পিছৰ বছৰতেই কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব অৰু বৃটিছ চৰকাৰৰ মাজত দ্বিতীয় বিশ্বযুদ্ধকলৈ হোৱা  আলোচনাৰ সিদ্ধান্ত মৰ্মে সমগ্ৰ দেশতেই কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ সমুহে পদত্যাগ কৰাৰ  প্ৰস্তাৱ গ্ৰহণ কৰে । সেইমৰ্মেই  অসম প্ৰোভিন্চৰ কংগ্ৰেছ  চৰকাৰখনেও ১৯৩৯ চনত পদত্যাগ কৰিবলৈ বাধ্য হয় । যদিও সেইখিনি সময়ত সুভাস বসু আৰু চৰ্দাৰ পেটেলে অসমত চৰকাৰখন ভংগ হোৱাৰ বিৰোধ কৰিছিল তথাপি কংগ্ৰেছৰ আন শীৰ্ষ কেন্দ্ৰীয় নেতাসকলে এই দুজন নেতাৰ কথাত গুৰুত্ব নিদিলে । ১৯৩৯ চনৰ ২৯ জানুৱাৰীত সুভাস চন্দ্ৰ বসু কংগ্ৰেছৰ ত্ৰিপুৰি (জব্বলপু্ৰৰ কাষৰ এখন ঠাই) অধিবেষনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় , কিন্তু মাত্ৰ কিছু মাহ পিছতেই মহাত্মা গান্ধী অৰু নেহেৰুৰ লগত মতৰ পাৰ্থক্য হৈ সভাপতি পদৰ পৰা পদত্যাগ কৰে বসুৱে । কংগ্ৰেছৰ চৰকাৰ ভংগ কৰাৰ প্ৰস্তাৱৰ পুৰ্ণ সুযোগ গ্ৰহণ কৰে মহম্মদ আলী জিন্নাৰ মুছলীম লীগে । সেইমৰ্মে অসমত পুনৰবাৰ চৈয়দ আব্দুল্লাই চৰকাৰ গঠন কৰে ।পৰৱৰ্তী সময়ত ১৯৪২ ৰ  ভাৰত  ত্যাগ অন্দোলন আৰম্ভ হয় । অৰ্থাৎ ১৯৩৯ ৰ পৰা ৭ বছৰ পৰ্য্যন্ত চৈয়দ চাদুল্লাৰ নেতৃত্বত মুছলীম লীগে শাসনত থাকে । চাদুল্লাই অসমত নতুন ভুমি আইন ১৯৪১ প্ৰনয়ন কৰে । সেইমৰ্মে পুৰ্ব বংগৰ পৰা অহা ভুমিহীনক ৩০ বিঘাকৈ  মাটি আৱন্তণ দিয়াৰ প্ৰস্তাৱ ৰখা হয় । এইয়াই আছিল জিন্না আৰু চাদুল্লাই অসমত জনবিন্যাসৰ পৰিৱৰ্তন ঘটাই অসমক পুৱ পাকিস্থানৰ লগত চামিল কৰাৰ প্ৰথম ব্লুপ্ৰিন্ট  আৰু অসমৰ সমস্যাৰ আৰম্ভণী ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)