অসমত বানপানী….আহিছে নে মোদীৰ চকুত চকুপানী ?

1952
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


এজন কানাড়া লৰা। নাম মঞ্জু গুৰুলিংগপ্পা। মোৰ লগত একেলগে বাংগালোৰত কৰ্মৰত। মোক আহি কলে যে সি অসমৰ বানপানীৰ ওপৰত অধ্যয়ন কৰিছে। তাৰ মনটো বেয়া লাগিছে আৰু সি মোক সমবেদনা জ্ঞাপন কৰিছে। আচলতে তাৰ ছোৱালীজনী ৩য় শ্ৰেনীত পঢ়ে আৰু স্কুলৰ পৰা নিৰ্দেশ আছিল যে তাই বাতৰি কাকতত প্ৰকাশ পোৱা যিকোনো এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰি স্কুলত এটা বক্তৃতা দিয়ে। তাই আৰু দেউতাকে বাচি ল’লে অসমৰ বানপানী। বাংগালোৰৰ সকলো বাতৰি কাকতত অসমৰ বানপানীৰ বিষয়ে অতি গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে। লাখ লাখ মানুহৰ ঘৰ বাৰী ধংস হৈছে, খেতিপথাৰ নষ্ট হৈছে , বহু মানুহৰ লগতে জীৱ জন্ত্তৰ মৃত্যু হৈছে।। অন্য ৰাজ্যৰ সাধাৰণ নাগৰিক এজনেও মনত কষ্ট পাইছে। মুখ্যমন্ত্রীৰ আহ্বানত আমিও মুখ্যমন্ত্রী ৰিলিফ ফাণ্ডলৈ যথাসাধ্য বৰঙণি পঠাইছো। কিন্তু প্ৰশ্ন হয় ভাৰতৰ প্ৰধানমন্ত্রীজনে অসমৰ এই দুৰ্যোগৰ সময়ত অসমলৈ কিয় নাহিল?। গুজৰাটত যেতিয়া বানপানী হৈছিল যাৰ প্ৰাবল্য অসমৰ তুলনাত বহুত কম আছিল, তেতিয়াও মোদী ডাঙৰীয়াই গুজৰাটলৈ গৈ বানৰ খবৰ লৈছিল। কেৰেলাৰ দুৰ্যোগৰ সময়ত সকলোৱে মুক্ত হস্তে দান আগবঢ়াইছিল। আনকি কেইমাহমান আগতে হোৱা উৰিষ্যাৰ ঘুৰ্ণীবতাহৰ সময়তো প্ৰধানমন্ত্রীয়ে ব্যক্তিগত ভাবে নবীন পাটনায়কৰ লগত আলোচনা কৰি সাহায্য আগবঢ়াইছিল। কিন্তু অসমৰ বেলিকা কেন্দ্ৰীয় ৰিলিফ ফাণ্ডৰ ২২৪ কৌটি টকা মুকলি কৰিয়ে নিজৰ দায়িত্ব সামৰিব বিচাৰিছে।
হয়তো ৩০৩ খন আসন পোৱাৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত অসমৰ দৰে সৰু ৰাজ্যৰ কোনো মুল্য নাই। কেন্দ্ৰীয় কেবিনেটতো আমাৰ প্ৰতিনিধি শুন্য। নিৰ্বাচনৰ সময়ত সততে অষ্টলক্ষীৰ কথা কোৱা মোদী ডাঙৰীয়াৰ অসমৰ এই প্ৰলয়ংকাৰী বানৰ সময়ত চকুপানী নোলোৱাটো দুৰ্ভাগ্যজনক।
কংগ্ৰেছৰ দুজনমান নেতাই বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰুপে ঘোষণা কৰাৰ বাবে দিল্লীত প্লেকাৰ্ড প্ৰদৰ্শন কৰিছে। যিটো দলে ৫০ বছৰ শাসন কৰি বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰুপে অন্তৰ্ভুক্ত নকৰিলে সেই দলৰ এনে ঘৰিয়ালৰ চকুপানী হাস্যকৰ। সৰ্বানন্দ সোণোৱালৰো এতিয়া চিন্তা কৰিবৰ সময় আহি পৰিছে_সদায় মোদীৰ ভৰষাত নিৰ্বাচনত জয়ী হোৱাৰ আশা পালি থাকিব নে নবীন পাটনায়ক বা মমতা বেনাৰ্জীৰ দৰে নিজকে এজন ৰাষ্ট্ৰীয় স্তৰৰ শক্তিশালী নেতা ৰুপে গঢ় দিব?