অসমৰ ৰাজপথত বাজপেয়ী ডাঙৰীয়াৰ সৈতে কিছু সময়

4744
  • ৰমেন পাটগিৰি

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


৮০’ ৰ দশকৰ অগ্নিগৰ্ভা অসম । এফালে পুলিচ – চিআৰপি আৰু আনফালে পিকেটিংকাৰী । এফালে যদি দলং জ্বলিছিল আনহাতে শ্বহীদৰ  চিতা জ্বলিছিল ।  নলবাৰী হাতখোলা পুখুৰী পাৰ স্থিত খালী ঠাই খনত মিটিংৰ আয়োজন । নলবাৰী তেতিয়া জিলা হোৱাই নাই । অবিভক্ত কামৰূপৰ ভিতৰতে আছে । একেবাৰে ৰাজহুৱা মিটিং । মিটিংৰ কাৰণে এশখন চকী সন্মুখৰ পৰা পাৰি দিয়া আছে । চকীৰ অৰ্ধেক সংখ্যকো ভৰ্তী হোৱা নাই । তেতিয়াৰ বিজেপি নেতা শশি ভুষণ চৌধুৰী , ডা : চন্দ্ৰকান্ত তালুকদাৰ , অধ্যাপক ভুপেন দাস প্ৰমুখ্যে বহু নেতা ব্যস্ত মিটিংখনৰ আয়োজনত । বিজেপিৰ মিটিং বুলিলে মানুহ আহিব ভয় কৰে । সময় তেতিয়া দিনৰ প্ৰায় ১২ বাজি ৩০ মিনিট  । বগা এম্বাছেদৰ এখন হাটখোলাৰ ৰাস্তাত ৰৈ গ’ল । স্থানীয় নেতাসকল আগবাঢ়ি গৈছে । গাড়ীৰ ভিতৰৰ পৰা নামি আহিছে দুজন ব্যক্তি । এজন শান্ত মুখ অবয়বৰ অলপ মিঠাবৰণীয়া ব্যক্তি আৰু আনজন ওখ সৈনিকৰ চেহেৰাৰ হাফ চোলা পৰিহিত ব্যক্তি __ বাজপেয়ীজী আৰু যশবন্ত সিং ডাঙৰীয়া ।
কৰ্মীসকলে ‘ভাৰত মাতা কি জয় ‘ ধ্বনি দিছে  । মঞ্চত অটলজী আৰু যশবন্ত সিং ডাঙৰীয়াই আসন গ্ৰহণ
কৰিলে । হাতখোলা পুখুৰি পাৰৰ এই অঞ্চলটো ঐতিহাসিক অঞ্চল । নামনি অসমৰ বিভিন্ন গণ প্ৰতিবাদৰ সুচনাত এই ঠাইখনৰ গুৰুত্ব সৰ্বাধিক আছিল । কমিউনিষ্ট আন্দোলন, ভাষা আন্দোলন , বিদেশী বহিষ্কাৰ আন্দোলনকে ধৰি সকলো  ।  ৮০ ‘ ৰ দশক পৰ্য্যন্ত সকলো ৰাজনৈতিক দলৰে গণ সংযোগৰ মাধ্যম এই হাতখোলা পুখুৰী পাৰ । ইয়াত ভাষন দি বহু ব্যক্তি নেতা হৈছে , বিধায়ক, মন্ত্ৰী ,সাংসদৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী পৰ্য্যন্ত হ’ল । মানুহ লাহে লাহে গোট খাইছে । বাজপেয়ী দেৱে ভাষন আৰম্ভ কৰিছে । মিটিং স্থলত মানুহৰ সেৰেঙা উপস্থিতি । কিন্ত সকলোকে আচৰিত কৰি মিটিংৰ কাষৰ সংলগ্ন ৰাস্তাটোত মানুহে ভিৰ কৰিছে । কোনোবাই চাইকেল ৰখাই আৰু কোনোবাই থিয়হৈ ভাষন শুনিছে  । বিভিন্ন পক্ষৰ ভাবুকিত বিজেপিৰ সভাত উপস্থিত থকাৰ সাহস গোটাব নোৱাৰি বহু ৰাইজে ৰাস্তাৰ পৰাই অটল বিহাৰী বাজপেয়ীজীৰ ভাষণ শুনিলে । যথাসময়ত মিটিং শেষ হ’ল । ডা: চন্দ্ৰ কান্ত তালুকদাৰ দেৱৰ নিৰ্দেশ মৰ্মে আমি অতিথি দুজনৰ বাবে জলপানৰ ব্যৱস্থা কৰো । মিটিং স্থলৰ পৰা আমাৰ ঘৰ প্ৰায় ৩০০ মিটাৰ মান দুৰত্বত । সকলো নেতা কৰ্মীৰ লগত একেলগে খোজকাঢ়ি দুয়োজন নেতাই  দুপৰিয়া প্ৰায় ৩  বজা মানত উপস্থিত হয় অধিবক্তা আৰু সমাজসেৱক হৰিচৰণ পাঠকৰ ওকালতিৰ চেম্বাৰটোত । উপস্থিত থকা সকলো নেতা, কৰ্মী , বিভিন্নজন সমাজসচেতক ব্যক্তিসকলৰ লগত দুয়োজন নেতাই এটা ঘৰুৱা পৰিবেশত কথা বাৰ্তা পতাৰ পিছত জলপান গ্ৰহণ কৰে । আপেল , কল , বুটমাহ গ্ৰহণ কৰি জলপান সামৰে । সাক্ষাৎ ভগৱান উপস্থিত হৈ ভোজন  গ্ৰহণ কৰাই  দৰেই লাগিছিল সেই সময়বোৰ । শেষত একেবাৰে শান্ত – সৌম্য আৰু ভাৱহীন বাজপেয়ীজীয়ে সকলো কৰ্মীকে ধন্যবাদ জ্ঞাপন কৰি প্ৰস্থান কৰে বৰপেটাৰ দিশলৈ ।