অসম অান্দোলনৰ তৃতীয় পৰ্যায়, ১৯৮৩ – ৰ নিৰ্বাচন অাৰু হিতেশ্বৰ শইকীয়া চৰকাৰৰ ভুমিকাঃ
কনকসেন ডেকা

অবৈধ বিদেশী অনুপ্ৰৱেশ অাৰু বহিৰাগতৰ হেচাঁই অসমীয়া সমাজৰ সম্মুখত এদিন অস্তিত্ব সংকটৰ প্ৰশ্ন তুলিব বুলিয়েই সুদীৰ্ঘ কাল ধৰি শংকা কৰি অহা হৈছিল । এইলৈ বিশেষকৈ কুৰি শতিকাৰ তৃতীয় দশক মানৰ পৰাই অসমৰ প্ৰতি অনুৰাগ থকা সকল সচেতন অাছিল । অসমে যে বহিৰাগতৰ স্বাভাৱিক প্ৰক্ৰিয়াক অাদৰি নলয় তেনে নহয়, বৰঞ্চ এই ঠাইক বিভিন্ন জনগোষ্ঠীৰ মিলনভুমি বুলিহে কোৱা হয় । ইয়াত মংগোলইড, অষ্ট্ৰিক আৰ্য্য অাৰু নেগ্ৰিটো জনগোষ্ঠীৰ লোকে সুদীৰ্ঘ কাল বসবাস কৰি অাহিছে । সেয়েহে বড়ো, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা, তিৱা, মৰাণ, মটক, চুতীয়া, তাই অাহোম, অালপাইন কলিতা, বামুণ, কায়স্থ, কৈৱৰ্ত প্ৰভৃতি অসংখ্য গোষ্ঠী বৰ্ণ সম্প্ৰদায়ৰ লোকে যুগ যুগ ধৰি সম্প্ৰীতিৰে বসবাস কৰি অাহিছে । কান্বকুব্জৰ পৰা কায়স্থসকল, নৱদ্বীপৰ পৰা ব্ৰাহ্মণসকল অাৰু সুদূৰ অাৰৱৰ পৰা ইছলামধৰ্মী অাজান ফকিৰ অাৰু পৰৱৰ্তী কালছোৱাত তেওঁৰ অনুগামীসকলে এই ভূমিকেই কৰ্মভূমি কৰি লৈছিল । এই অঞ্চলটোত জনসংখ্যা অাছিল কম, প্ৰাকৃতিক সম্পদ অাছিল অপৰ্যাপ্ত । সেই হেতুকে এই ভুমিখণ্ডলৈ দূৰ দূৰণিৰ পৰা মানুহ অাকৰ্ষিত হৈছিল । সকলোৱে এই ভূখণ্ডৰ বায়ু পানীকেই অাপোন কৰি লৈ সম্প্ৰীতিৰে বসবাস কৰি অাছিল । ফলস্বৰুপে ৰক্তৰ সংমিশ্ৰণ ঘটিছিল ।এই লোকসকলৰ ভিন ভিন ভাষা সংস্কৃতি থাকিলেও ইয়ালৈ অহাৰ পাছত এক উমৈহতীয়া ভাষা সংস্কৃতি গ্ৰহণৰ জৰিয়তে এখন সমাজৰ অংশীদাৰ হৈ উঠিছিল ।

কিন্তু ১৮২৬ খ্ৰীষ্টাব্দৰ পাছত বৃটিছৰ অাগমণৰ লগে লগে বহিৰাগতৰ অাগমণৰ স্বাভাৱিক প্ৰক্ৰিয়াৰো সামৰণি পৰে অাৰু দলে দলে বহু সংখ্যক লোক অাহিবলৈ ধৰাত থলুৱা লোকসকল শংকিত হৈ পৰে । ইতিমধ্যে অসমত ৰেল, জাহাজৰ চলাচল অাৰম্ভ হয় । সূচনা হয় ঔদ্যোগিকৰণৰ । এইবোৰ পৰিচলনাৰ বাবে বাহিৰৰ পৰা অভিজ্ঞ লোকৰ অাগমণ হয় । সন্দেহ নাই যে অসমৰ অৰ্থনীতি, সাহিত্য সংস্কৃতিত এই সকলৰ অৱদান অপৰিসীম অাৰু তাৰ স্বীকৃতি সেইসকলক নিদিয়াটো অজ্ঞতাৰ পৰিচায়ক হ’ব ।

কিন্তু অসমীয়াৰ মনত ভীতিৰ সঞ্চাৰ হোৱাৰ উৎস উদঘাটন কৰাটো তেনেই সহজসাধ্য নহয় । উদাহৰণ স্বৰুপে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কথাকেই অাঙুলিয়াব পাৰি । ইউৰোপৰ এচাম লোক গৈ সেই দেশৰ উন্নয়নত প্ৰভূত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত কাৰোৱেই দ্বিমত নাই। এইসকল লোকৰ অৰিহণা অবিহনে অামেৰিকা অাজিও এক অনুন্নত পিছপৰা অঞ্চলত পৰিণত হৈ থাকিলহেঁতেন, কিন্তু এচাম থলুৱা ৰেড ইণ্ডিয়ানে ইয়াক অাজিও স্বীকাৰ কৰি লোৱা নাই । এতিয়াও ঠায়ে ঠায়ে ৰেড ইণ্ডিয়ানৰ এই ধৰণৰ প্ৰাচীৰ পত্ৰ পোৱা যায় – You are not wanted here, go back । পশ্চিমীয়া যন্ত্ৰশিল্পৰ চেপাত মেক্সিকো অাৰু কানাডাকে ধৰি বিভিন্ন অঞ্চলৰ প্ৰাচীন সভ্যতা সংস্কৃতি নিশ্চিহ্ন হ’ল, ৰেড ইণ্ডিয়ানসকলৰ পৰম্পৰাগত সংস্কৃতি সভ্যতাৰ অৱসান ঘটোৱা হ’ল । সেই দেশত ক্ৰমাৎ ৰেড ইণ্ডিয়ানৰ সংখ্যা হ্ৰাস পাই গৈ ইমানেই নগণ্য হৈ পৰিল যে প্ৰবল ইচ্ছা থাকিলেও অাগ্ৰাসী ভুমিকা লৈ দখলকাৰীসকলৰ বিৰুদ্ধে যুঁজ কৰাৰ সামৰ্থ্য এতিয়া তেওঁলোকৰ নাই । একোখন দেশৰ সভ্যতা সংস্কৃতিক কিদৰে বহিৰাগতৰ অাগমনে ধ্বংস কৰি পেলায়, ইয়েই তাৰ জলন্ত প্ৰমাণ । দ্বিতীয়তে ইউৰোপৰ সভ্যতা অাৰু ৰেড ইণ্ডিয়ানৰ সভ্যতাৰ মাজত কোনটো উচ্চ সি বিচাৰ্য বিষয় নহয়, কিন্তু ৰেড ইণ্ডিয়ান সকলৰ ঐতিহ্য পৰম্পৰাক যে ধ্বংসৰ মুখলৈ ঠেলি দিয়া হ’ল তাত দ্বিমত নাই । এই প্ৰসঙ্গতে অামি চুবুৰীয়া ত্ৰিপুৰা ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিলৈ অাঙুলিয়াব পাৰো । ত্ৰিপুৰীসকলৰ ভাষা সংস্কৃতিৰ সংকোচন বা বিলুপ্তি ঘটাবলৈ বিচৰা কাৰ্যক তেওঁলোকে মানি লোৱা নাই অাৰু ফলস্বৰুপে ত্ৰিপুৰী অত্ৰিপুৰীসকলৰ মাজৰ সংঘৰ্ষই নিদাৰুণ অবাঞ্চিত পৰ্যায়ত উপনীত হৈছে । এনে পৰিস্থিতি সামগ্ৰিকভাৱে মানৱ জাতিৰ বাবেই ক্ষতিকাৰক । অামি দ্ব্যৰ্থহীনভাৱে কব খোজোঁ যে মানুহৰ অাগমন অাৰু বহিৰ্গমন স্বাভাৱিক প্ৰক্ৰিয়া । কিন্তু সেই প্ৰক্ৰিয়া হ’ৱ লাগে স্বাভাৱিক । উদাহৰণস্বৰুপে দাঙি ধৰিব খুজিছো যে কান্বকুব্জৰ পৰা অহা কায়স্থসকলৰ ভাষা অসমীয়া নাছিল, নৱদ্বীপৰ পৰা অহা সকলৰ ভাষাও অসমীয়া নাছিল, কিন্তু তেওঁলোকেই পিছলৈ অসমীয়া ভাষা সংস্কৃতিৰ গুৰি ধৰোতা হ’ল অাৰু বহিৰাগতৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে তীব্ৰ অান্দোলনতো অংশ গ্ৰহণ কৰিলে । সেইসকলে এতিয়া নিজকে অসমীয়াৰ বাহিৰে অান বুলি পৰিচয় নিদিয়ে । তেনেদৰে ৰাজস্থানৰ পৰা অাহি কিছু সংখ্যক লোক কিদৰে এইখন সমাজত মিলি গৈ হাড়ে হিমজুৱে থলুৱা হৈ পৰিছে তাৰ নিদৰ্শন হৰিবিলাস অাগৰৱালৰ পৰিয়ালেই দাঙি ধৰিছে । ইয়েই প্ৰমাণ কৰে যে প্ৰব্ৰজন এক স্বাভাৱিক প্ৰক্ৰিয়া; কিন্তু তাৰ গতি অবাধ হলে প্ৰতিক্ৰিয়া গুৰুতৰ হোৱাটোৱেই স্বাভাৱিক ।

ইংৰাজৰ অাগমনৰ পাছত এই অঞ্চলতো প্ৰব্ৰজনৰ গতি তীব্ৰতৰ হোৱা হেতুকে খিলঞ্জীয়া লোকসকলৰ মনত ঐতিহ্য সংস্কৃতি হেৰুৱওৱাৰ শংকাৰ ভাৱ উদয় হৈছে অাৰু তাৰেই ফলস্বৰূপে সময়ে দ্বন্দ্বৰো সৃষ্টি হৈছে । দৰাচলতে প্ৰব্ৰজনৰ গতি ১৯৩৫ খ্ৰীঃ মানৰ পৰাই তীব্ৰতৰ হৈছিল আৰু স্বাধীনতাৰ উত্তৰ কালতো সেই গতি অব্যাহত অাছিল । কিন্তু বিভিন্ন ৰাজনৈতিক দল অাৰু বিশেষকৈ কংগ্ৰেছ দলে অনুপ্ৰৱেশৰ সমস্যাটোক ভোটলাভৰ চেষ্টাৰে অাওকাণ কৰি থাকিবলৈ বিচাৰিছিল । তদুপৰি বাওঁপন্থী দলসমূহেও সমাজৰ বাষ্তৱ ছবিখনৰ ওপৰত দৃষ্টিপাত কৰাৰ সলনি অাদৰ্শগত দিশটোৰ ওপৰত ভেজা দিয়েই অনুপ্ৰৱেশৰ সমস্যাটোৰ ক্ষেত্ৰত উটপক্ষীৰ দৰে বালিত মুৰ গুজি থাকিবলৈ ভাল পাইছিল । এহাতে প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ অাৰু আনহাতে বাওঁপন্থীদলসমুুহে অনুপ্ৰৱেশৰ সমস্যাটোৰ গুৰুত্ব দি সমাধানৰ পথ উলিওৱাত সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱা হেতুকে অসমীয়া সমাজে অান এক বিকল্পৰ সন্ধান কৰিবলৈ বাধ্য হৈছিল । এই সুযোগেই গ্ৰহণ কৰিলে তেতিয়াৰ সম্পূৰ্ণভাৱে অৰাজনৈতিক সংগঠন সদৌ অসম ছাত্ৰ সন্থাই । মংগলদৈ সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পাছত সেই সমষ্টিত ভোটাৰ তালিকা যুগুতোৱাত দেখা গ’ল যে বহুতো অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে ।

অাছু অাৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলা অান্দোলন গান্ধীজীৰ সত্যাগ্ৰহৰ সৈতে তুলনা কৰা হৈছিল । ১৯৭৯ ৰ পৰা ১৯৮২ লৈকে তিনিবছৰীয়া অসম অান্দোলন কিছু পৰিমানে শান্তিপূৰ্ণ অাছিল বুলি কোৱা হয় যদিও এই সময়ছোৱাতে ১৫০ জন লোকৰ মৃত্যু ঘটিছিল। সমদলকাৰী অাৰু সত্যাগ্ৰহীসকলৰ ওপৰত পুলিচে লাঠিচালনা কৰাৰ ফলস্বৰূপে মৃতকৰ সংখ্যা তিনি হাজাৰতকৈও অধিক হয়গৈ ।

১৯৮৩ ৰ নিৰ্বাচনত প্ৰকৃতাৰ্থত এটা সাধৰণ নিৰ্বাচনৰ কোনো চৰিত্ৰ দেখিবলৈ পোৱা নাযায়। সাধৰণ অৰ্থত অামি নিৰ্বাচন বুলিলে এনে এক সুস্থ পৰিৱেশ থকাটো বিচাৰো য’ত প্ৰাৰ্থীয়ে নিজৰ ইচ্ছা অনুসৰি মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে, প্ৰাৰ্থী অাৰু সমৰ্থক সকলে ৰাইজৰ মাজত প্ৰচাৰ চলোৱাৰ অনুকুল পৰিবেশ লাভ কৰিব পাৰে অাৰু কোনো প্ৰকাৰৰ ভীতিগ্ৰস্ত নোহোৱাকৈ ভোটদান কৰিব পাৰে । এইবোৰৰ এটাও ১৯৮৩ ৰ নিৰ্বাচনত নাই । অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে বিদেশী নাগৰিকৰ নামহীন এখন শুদ্ধ ভোটাৰ তালিকাৰ অাধাৰত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে । ই নিশ্চয় কোনো জগৰৰ কথা নহয়, কিয়নো অাজিৰ পৃথিৱীত এনে কোনো দেশ নাই, য’ত বিদেশী নাগৰিকৰ অবাধ অনুপ্ৰৱেশ ঘটে অাৰু সেইসকলেই নিৰ্বিবাদে ৰাজনৈতিক অধিকাৰ লাভ কৰে । প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে অসমত অবৈধ অনুপ্ৰৱেশ হোৱাৰ অভিযোগ সুদীৰ্ঘ কাল ধৰি উত্থাপিত হৈ অাহিছিল যদিও বিশেষকৈ সেই সকলৰ ভোট লাভৰ অাশাতেই কংগ্ৰেছ দলৰ চৰকাৰে নীৰৱতা অৱলম্বন কৰি থাকে, কিন্তু গোলাপ বৰবৰা নেতৃত্বাধীন জনতা চৰকাৰৰ কাৰ্য্যকালতেই এই সম্পৰ্কত বিভিন্ন মহলৰ দৃষ্টি অাকৰ্ষিত হয় অাৰু তাৰ ভিত্তিতে এক ঐতিহাসিক গণ অান্দোলনৰ সূচনা হয় ।

আগলৈ