অসম আৰক্ষীৰ হাল্লা বোল

1141
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


হোমগাৰ্ড __ গৃহৰক্ষী বাহিনীয়ে নিজৰ চাকৰি নিয়মীয়াকৰণ , দৰমহা বৃদ্ধি আদি বিভিন্ন দাবীৰে আন্দোলন কৰা ঘটনাবোৰ দৈনিক বাতৰি কাকত সমুহৰ নিয়মীয়া খৱৰ । সাধাৰণ মানুহৰ কাৰণে হোমগাৰ্ড মানে কি ? মন্ত্ৰী বা আৰক্ষী বিষয়াৰ ঘৰত ডিউটি দিয়া খাকী পোচাক পিন্ধা এজন ব্যক্তি । দেখিবলৈ পুলিচ যেন লাগিলেও তেওঁ পুলিচ নহয় । উল্লেখ্য যে ডিউটিত থকা হোমগাৰ্ডক শাৰিৰীক ভাবে অপদস্থ কৰা বহু শক্তিশালী ব্যক্তিয়ে কিন্তু জেলৰ ভাত খাবলৈ বাধ্যও হৈছে । বৰচিং বে , এনে এজন গৃহৰক্ষীৰ জোৱান যিজনে  তেওঁৰ ওপৰৱালাৰ নিৰ্দেশ পালন কৰি গাড়ী – মটৰ সমুহ নিৰীক্ষণ কৰি আছিল ।  কৰ্তব্যৰত এইজন গৃহৰক্ষী জোৱানৰ চকুত পৰিছিল বাচ এখনত থকা ড্ৰাগচৰ মোনা এখনত । বাচৰ ড্ৰাইভাৰে   জনে বৰচিং বে’ক লক্ষাধিক টকাৰ ঘোচ দি ঘটনাটো গাপ দিবলৈ কোৱাত জোৱানজন বিচলিত  নহ’ল আৰু বিসংগতিৰ বিষয়ে তালাচীত থকা শীৰ্ষ বিষয়াক অৱগত কৰে । ড্ৰাগচ জব্দ হ’ল আৰু ড্ৰাগচ ধৰাত বিশেষ ভুমিকা লোৱা জোৱানজনক চৰকাৰে কনিষ্টবল পদত নিযুক্তি দিয়ে । একেটা বিভাগতে কাম কৰা বহু অসৎ বিষয়াক ৰাইজে প্ৰত্যক্ষ  কৰে  লগতে পিকে দত্তৰ দৰে একাংশ আৰক্ষীৰ সম্পত্তি আৰু দুৰ্নীতি দেখি ৰাইজ আচৰিত হয় । ৰাকেশ পালৰ দৰে দগাবাজ ব্যক্তিক লাখ লাখ টকা উপঢৌকন দি মেজিষ্ট্ৰেট , ডিএচপিৰ নিযুক্তি লৈ জেলৰ ভাত খোৱা  যুবক যুবতীৰ লিষ্টখনো কম দীঘলীয়া নহয় ।  এতিয়া খৱৰ ওলাইছে যে ২০১৩ চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ কিছু উত্তৰবহীৰো ফৰেনচিক হব ।
২০২১ ৰ দ্বিতীয় ঢৌৰ লগে লগে আৰম্ভ হোৱা আৰক্ষীৰ হাল্লা বোলক লৈ সাধাৰণ ৰাইজ উৎফুল্লিত । গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছতেই আৰক্ষীয়ে মুক্ত মনেৰে দুৰ্নীতি , ড্ৰাগচ , অবৈধ সুৰাৰ বিৰুদ্ধে নামি পৰিছে । খোদ আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই একাংশ দুৰ্নীতিত লিপ্ত পুলিচৰ মানুহ । বলিউদৰ সিংঘম চিনেমাৰ আৰক্ষীৰ দৰেই অসম আৰক্ষী গৰজি উঠিছে ।সমান্তৰাল ভাবে আৰক্ষী চকীৰ পৰিবেশ আৰু বহুত ভাল হবৰ প্ৰয়োজন আছে । এজন শিক্ষক , ডাক্তৰ , কৃষক , শ্ৰমিকেও থানাৰ ভিতৰত সোমাই সুৰক্ষিত আৰু সৌহাৰ্দ পৰিবেশ অনুভৱ কৰিব পাৰিব লাগিব। ৰাইজ যিমানেই আৰক্ষীৰ ওচৰত থিয় হব সিমানেই অপৰাধী সমুহ কাৰায়ত্ত হৈ থাকিব ।