অসম জাতীয় পৰিষদ কাৰ বাবে?

1290
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


সদৌ অসম ছাত্ৰ সন্থা ( আছু)ৰ মজিয়াৰ পৰা জন্ম হোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদ ( অজাপ) ৰ নেতা লুৰিণ জ্যোতি গগৈয়ে দৰংত চৰকাৰে অবৈধ বেদখল উচ্ছেদ কৰা কাৰ্য্যক গৰিহণা দিছে । দুদিন আগলৈ আছুৰ সম্পাদকৰ আসনৰ পৰা কেব বিৰোধী মিটিংত গৰম ডাইলগ আৰু কবিতা আবৃত্তি কৰা লুৰিণ জ্যোতি গগৈৰ ভাষ্য সলনি হৈছে নেকি নে আগৰ জনেই হৈ আছে ?   সদৌ অসম ছাত্ৰ সন্থাও অসমৰ আন বহু জাতিৰ ছাত্ৰ সন্থাৰ দৰেই এক ছাত্ৰ সন্থা।  অসমত বহুতো জাতীয় সত্বা আছে আৰু প্ৰায় সকলো জাতি সত্তাৰ এক বা একাধিক ছাত্ৰ সংগঠন আছে ।
বড়ো,কাৰ্বি,তিৱা,ৰাভা,দেউৰী,গোৰ্খা,মিছিং,চাহ জনজাতি আদি বিভিন্ন  জাতি সত্তাৰ মানুহে নিজৰ নিজৰ জাতিৰ পৰিচয়ৰে ছাত্ৰ সন্থা খুলি বহিছে ; তেনে ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই খোলা “জাতীয়” ৰাজনৈতিক দলটো কোন জাতিৰ ? ব্ৰহ্মপুত্ৰ উপত্যকাৰ বামুন, কলিতা, কোঁচ, কেওঁট, নাথ-যোগী, হীৰা, কৈৱৰ্ত, কায়স্থ গৰিয়া , মৰিয়াৰ লগতে আৰু কোন কোন জাতি মিলায় এই জাতীয় পৰিষদটো হৈছে ? সদৌ অসম ছাত্ৰ সন্থাই খোলাৰ দৰে বাকীবোৰ ছাত্ৰ সন্থায়ো যদি জাতীয় পৰিষদবোৰ খুলি বহে তেন্তে  অসম জাতীয় পৰিষদৰ দৰে  বড়ো জাতীয় পৰিষদ, ৰাভা জাতীয় পৰিষদ আদি অজস্ৰ পৰিষদ জন্ম নহ’বনে ?
এই স্পৰ্শকাতৰ জাতীয়তাবাদটোৱেই বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ বৃহৎ অন্তৰায়। খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নকৰাকৈ খিলঞ্জীয়াৰ নামত চুক্তি কৰি অহা সকলে এইবাৰ “জাতীয়”ত ধৰিছে।  কোনো কথাৰ গভীৰতালৈ যাব নোৱাৰা শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত থাকি অধ্যয়নত ব্ৰতী হোৱাতকৈ খবৰ কাকতৰ উতনুৱা আবেগ সৰ্ব্বস্ব সম্পাদকীয় পঢ়ি “বক্তৃতা বাজ”হ’বলৈ বিচৰা এটা চৰিত্ৰই অসমক বহু পিছুৱাই নিলে । এতিয়া অন্তত: অসমৰ জনতাই আগৰ  নাটক খনৰ নতুন ৰিমেক খনক প্ৰাধান্য নিদিব ।