অসম ত্ৰিপুৰা , কাশ্মীৰ নে চিলেট হ’ব ?

1555
  • জয়শংকৰ ভড়ালী

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


“নাৰা-এ-তকবীৰ, আল্লাহু আকবৰ ;  জনতা আমাৰ, কিন্তু নেতা সিহঁতৰ , কানায়া কুমা্ৰ দৰে নেতাই আমাৰ মানুহৰ সমদলৰ আগত থাকি ফটো উঠি গুচি আহে । অসমক মূল ভাৰতৰ পৰা বিছিন্ন কৰি আমাৰ শক্তি দেখুওৱাব লাগিব ; কাৰণ ‘চিকেনছ নেক’ত মুছলমানৰ সংখ্যাই বেছি । অসমত ‘কা ‘ আইন  প্ৰয়োগ হৈ গৈছে , তাত মুছলমানৰ অৱস্থা বেয়া হোৱা আৰম্ভ হৈ গৈছে ” , ছাৰ্জিল ইমাম,  ছাহিনবাগ কা বিৰোধী আন্দোলনৰ হাৰ্ট থ্ৰোব ।
অসমক বাংলাদেশৰ লগত সামৰি এখন বৃহত্তৰ ইছলামিক ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনা কৰিছিল জিন্না আৰু চাদুল্লাই । অসমৰ ক্ষেত্ৰত বিফল হ’লেও ছিলেটক পাকিস্তানৰ লগত চামিল কৰাত মুছলিম লীগ সফল হৈছিল । অসম চুক্তি কৰি নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১চন আৰু আব্দুল মুহিব মজুমদাৰে বনোৱা আইএমডিটি অাইনে জিন্নাৰ  অসম্পুৰ্ণ সপোনক বাস্তৱ হোৱাত সহায় কৰিলে । কিন্তু নাগৰিকত্ব সংশোধনী ২০১৬ ই  সকলোবোৰ হিচাপ নিকাচ উল্টা পুল্টা কৰি দিলে । যিটো সময়ত বড়ো সশস্ত্ৰ বা ছাত্ৰ সংগঠনবোৰে নৰেন্দ্ৰ মোদীৰ  লগত আলোচনা কৰি বিটিএডিৰ কাৰণে নতুন চুক্তি স্বাক্ষৰ কৰিলে , তেনে ক্ষেত্ৰত  অসমৰ তথাকথিত জাতীয় সংগঠনবোৰে অসমীয়া ভাষিক জাতীয়তাবাদৰ নামত কৰা আন্দোলনে প্ৰত্যক্ষ ভাবে সহায় কৰিলে  ইছলামিক মৌলবাদী সংগঠন কিছুমানক । ইয়াৰ লগত ৰাজ্যৰ বামপন্থী সংগঠনবোৰ আৰু বুদ্ধিজীৱী এচামে পথপ্ৰদৰ্শকৰ কাম কৰি আছে । কেৱল দুটামান টকা আৰু বঁটাৰ বাবেই ৰাজ্যখনক ইছলামিক আগ্ৰাসনকাৰীৰ হাতত সমৰ্পণ কৰিব বিচাৰিছে । বাংলাভাষী মুছলমানক অসমীয়াৰ মিত্র হিচাবে প্ৰতিষ্ঠা কৰাই এই জাতীয় সংগঠনবোৰৰ লক্ষ্য । শেহতীয়াকৈ বদৰুদ্দিন আজমলক  সাহিত্য সভাই ভাষা ৰক্ষাৰ বাবে আকোৱালি লোৱাটো এই পৰিকল্পনাৰে অংশ বুলি বহুতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ধৰ্মনিৰপেক্ষতাৰ চোলা পিন্ধি ৰাহুলে ,  নাস্তিকতাৰ চোলা পিন্ধি বামপন্থীয়ে আৰু জাতীয়তাবাদৰ চোলা পিন্ধি ছাত্ৰ সংগঠনে আৰু মানবতাবাদীৰ চোলা পিন্ধি বুদ্ধিজীৱিবোৰে অসমীয়াক বিপথে পৰিচালিত কৰি অসমক পুনৰ চাদুল্লাৰ উত্তৰাধিকাৰীৰ হাতত যোৱাৰ অভিসন্ধিত লিপ্ত হৈছে । অসম ত্ৰিপুৰা হব নে কাশ্মীৰ হ’ব এইবিলাকত লাগি থাকোতেই অসম চিলেট হৈ যাব বুলি হে বহুতে শংকা ব্যক্ত কৰিছে ।