অসম বিজেপিত মহিলা নেত্রীৰ অভাব

2082

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


‘বেটি  বচাও ..বেটি পঢ়াও’ শ্লোগানটো বিজেপি কৰ্মীবিলাকৰ মুখে মুখে। সমাজ এখনৰ সমবিকাশৰ বাবে পুৰুষৰ লগে লগে নাৰী বিলাকেও সমানে আগবাঢ়ি যোৱাটো নিত্যান্তই প্ৰয়োজন। সেইবাবে বিধান সভা , লোকসভা আদিত নাৰীৰ বাবে ৩৩% সংৰক্ষণৰ কথা কৈ অহা হৈছে। ভাৰতৰ প্ৰধান দল দূটাই এই বিলখন সমৰ্থন কৰে তথাপিও অন্য কিছু দল যেনে সমাজবাদী, ৰাষ্ট্ৰীয় জনতা দল আদিৰ বাবে বিলখন আজিকোপতি গৃহিত নহ’ল। বিজেপি আৰু কংগ্ৰেছ দল দুটাই যদিও বিলখন সমৰ্থন কৰে তথাপিও কাৰ্য্যক্ষেত্রত তেওঁলোকে মহিলাক আসন এৰি দিয়াৰ ক্ষেত্রত যঠেষ্ট কৃপনালি কৰে। অসমৰ ক্ষেত্রত চাব গ’লে কংগ্ৰেছতকৈ বিজেপিৰ অবস্হা আৰু বেয়া।
এইবাৰ লোকসভা নিৰ্বাচনত বিজেপয়ে মাত্র এগৰাকী আৰু কংগ্ৰেছে দুগৰাকীক অসমৰ পৰা প্ৰাৰ্থীত্ব দিলে। যোৱাবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জিকিব পৰা সমষ্টি বিলাকৰ ভিতৰত মাত্র তিনিখন আসন মহিলাক এৰি দিছিল। আঙুৰলতা ডেকা আৰু সুমন হৰিপ্ৰিয়া জিকি আহিল যদিও শিবসাগৰৰ পৰা মাত্র কিছু ভোটত পৰাজিত হ’ল সুৰভী ৰাজকুমাৰী। কংগ্ৰেছৰ দিনত অন্ততঃ দুজনী মহিলাক মন্ত্রীসভাত স্হান দিয়া হৈছিল। অজন্তা নেওগ, প্ৰণতি ফুকন, বিস্মিতা গগৈ আদি কংগ্ৰেছ বিধায়িকাই তৰুণ গগৈ মন্ত্রীসভাত স্হান লাভ কৰিছিল। কিন্তু আজি ৩ বছৰে বিজেপি দলৰ কোনো এজনী বিধায়িকাই মন্ত্রীসভাত স্হান লাভ কৰিবলৈ সক্ষম হোৱা নাই। যিসময়ত কেন্দ্ৰত সুষমা স্বৰাজ আৰু নিৰ্মলা সিতাৰমনে বিদেশ আৰু প্ৰতিৰক্ষাৰ নিচিনা বিভাগ চলাই আছে সেই দলৰে অসমত এগৰাকীও মহিলা মন্ত্রী নাই। কেবল বিপিএফৰ প্ৰমীলাৰাণী ব্ৰহ্মক কেবিনেটত স্হান দি দায়িত্ব সামৰিছে।

আচলতে বিজেপিৰ বৰ্তমানৰ দুয়োজনী বিধায়িকাৰে মন্ত্রী হ’ব পৰা যোগ্যতাৰ অভাব নেকি? হ’য় আমাৰো এনেকুৱাই লাগে। বিজয়া চক্ৰবৰ্তীৰ কন্যাই যোগ্যতাৰ ভিত্তিত টিকট পাইছিলনে তাত সন্দেহ আছে। একেই কথা ক’ব পাৰি আঙুৰলতা ডেকাৰ বিষয়ে। আঙুৰলতা ডেকাৰ টিকট পোৱাৰ প্ৰধান কাৰণো আছিল তেওঁৰ বোলছবিৰ গ্লেমাৰ। স্মৃতি ইৰানীৰ দৰে নেত্রী অভিনয়ৰ জগতখনৰ পৰা আহিও ৰাজনীতিত সফল হ’ব পাৰিছে। কিন্তু অসমৰ এই দুগৰাকীৰ ক্ষেত্রত আমি সফল নেত্রী হ’ব পৰা কোনো গুণ বা সম্ভাবনা দেখা নাই। সেইবাবেই হইতো মুখ্যমন্ত্রীয়ে এওলোকক মন্ত্রীসভাত ল’বলৈ সাহস কৰা নাই ।আনহাতে কংগ্ৰেছ আৰু আজমলৰ বুজাবুজি যদি ২০২১ লৈকে থাকে তেন্তে আঙুৰলতা ডেকাই পুনৰ বটদ্ৰবাৰ পৰা জয়ী হোৱা দিনতে তৰা দেখাৰ দৰে হব । যোৱা তিনি বছৰে যেন ভাল কাপোৰ  পিন্ধি কেমেৰাত ধৰা দিয়াই এওলোকৰ লক্ষ্য আছিল । বিজেপি দলেও টিকট দিয়াৰ সময়তে এইবিলাক চিন্তা কৰিব লাগে। মেধাৰ ভিত্তিত যদি অন্ততঃ ৫-৬ জনীকো জিকি আহিব পৰা সমষ্টিৰ পৰা টিকট দিলেহেতেন তেন্তে আজি এই দশা নহলহেতেন। কোনো ৰাজনৈতিত চৰ্চা বা বিতৰ্কত অংশ লোৱা এই দুজনীক দেখা পোৱা নগ’ল। হয়তো বস্তুবিলাক আয়ত্ব ভালদৰে কৰিব পৰা নাই এতিয়াও। এটা কথা স্বীকাৰ কৰিব লাগিব যে মন্ত্রী হ’ব পৰা সকলো গুণ আছিল মিৰা বৰঠাকুৰৰ। কিন্তু যোৱা বিধানসভাত তেওঁক টিকট দিয়া নহ’ল আৰু কিছুমাহ আগতে দলৰ পৰা বহিস্কাৰ কৰা হ’ল।এই সময়ত বিজেপিৰ মহিলা নেত্রী বুলি ক’লে বিজয়া চক্ৰবৰ্তী তেখেতক বয়সৰ বাবে টিকটৰ পৰা বঞ্চিত কৰি গুৱাহাটীত প্ৰাৰ্থী কৰা হ’ল ৬৭ বছৰীয়া কুইন ওঝাক।  নতুন প্ৰজন্মৰ পৰা নেতৃত্ব দিব পৰা কোনো এজনী মহিলা নেত্রীক আমি দেখা নাই। দলে গুৰুত্বসহকাৰে এই বিষয়ে চিন্তা কৰক।