অৰ্ণৱ গোস্বামীক অসমৰ নিউজ চেনেলে চিনি নাপায় …..

1375
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এফ আই আৰ দিছে । অকল অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধেই নহয় , ৰিপাব্লিক টিভিৰ প্ৰায় এক হাজাৰ  কৰ্মীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ তৰিছে । গণতান্ত্ৰীক দেশত আৰক্ষী যিহেতু স্বতন্ত্ৰ নহয় সেয়ে প্ৰতিটো গোচৰৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ওপৰত থাকিব । ৰিপাব্লিক টিভিয়ে মহাৰাষ্ট্ৰ চৰকাৰখনক কঠোৰ সমালোচনা কৰিছে । এইখিনিতে এটা কথা স্পষ্ট যে অৰ্ণৱ গোস্বামীৰ  দ্বাৰা প্ৰচাৰিত বাতৰিয়ে হিন্দু সাধুৰ হত্যাৰ বিৰুদ্ধে  জনজাগৰণ সৃষ্টি কৰাৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰ শলঠেকত পৰিছিল , কংগ্ৰেছ চৰকাৰ আৰু চোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰচাৰিত বাতৰিয়ে বিজেপিক সহায় কৰিছিল । যদি ধৰা যায় যে অৰ্ণৱ গোস্বামীয়ে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সমৰ্থন কৰি বাতৰি পৰিবেশন কৰে , তেন্তে এই সমৰ্থনৰ বিৰুদ্ধে তেওঁৰ ওপৰত মহাৰাষ্ট্ৰ চৰকাৰে ইংৰাজৰ দিনৰ কলা আইন জাপি দিয়াটো জানো উচিত হৈছে ?  অসমৰ বহু কেইটা নিউজ চেনেলে বিজেপি চৰকাৰক বিৰোধ কৰিব গৈ হিন্দু মানুহৰ আস্থাৰ ভগৱান শ্ৰীৰামকো উপলুঙা কৰি নিউজ পৰিবেশন কৰা ৰাইজে দেখিছে ।  সংসদত গৃহিত হৈ ৰাষ্ট্ৰপতিৰ চহী হোৱা  নাগৰিকত্ব বিধেয়ক আইনত পৰিণত হোৱাৰ পিছতো অসমৰ নামোজ্জলা নিউজ এংকৰ আৰু জাৰ্নেলিষ্ট কিছুমানে আইনখনকলৈ অসমত অশান্ত পৰিবেশ সৃষ্টি কৰাৰ চেষ্টাত আজিও লাগি আছে । এনেকুৱা নিউজ পৰিবেশন জানো সাংবিধানিক ?   সংবিধানৰ চতুৰ্থ স্তম্ভৰ কাণ্ডৰী বিলাকে জানো সংবিধানকেই অপমান কৰা নাই ? মুম্বাই উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক  আগতীয়া জামিন প্ৰদান কৰিছে । উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰে  উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে । উচ্চতম ন্যায়ালয়ত মহাৰাষ্ট্ৰ চৰকাৰৰ হৈ কংগ্ৰেছ নেতা মনু সিংঘবীয়ে যুক্তি দৰ্শায়ছে আৰু অৰ্ণৱ গোস্বামীৰ পক্ষত থিয় হৈছে পাকিস্তানত বন্দী হৈ থকা কুলভুষণ যাদবৰ অধিবক্তা হৰিচ চালভেই । উচ্চতম ন্যায়লয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ আৰ্জি খাৰিজ কৰিছে আৰু সাংবাদিক এজনক এখন চৰকাৰ আৰু ৰাজ্যৰ আৰক্ষীয়ে কৰা ব্যৱহাৰত আশ্বৰ্য্য ব্যক্ত কৰিছে । মুখ্য ন্যায়াধিশে মনু সিংঘবীক প্ৰশ্ন কৰিছে যে , ” অৰ্ণৱ গোস্বামীৰ পৰা অস্ত্ৰ উদ্ধাৰ হৈছে নেকি ? যদি অস্ত্ৰ উদ্ধাৰ হোৱা নাই তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কি প্ৰয়োজন আছে ? ” শুনানীৰ শেষত দুয়োপক্ষক সংযমী হবলৈ আহ্বান কৰে আৰু দুসপ্তাহৰ ভিতৰত দুয়োপক্ষক নিজৰ নিজৰ পক্ষ পুনৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।  অতি আচৰিত ভাবে ভাৰত আৰু বিশেষকৈ অসম প্ৰদেশৰ গৰিষ্ঠ সংখ্যক সাংবাদিক মৌন হৈ আছে । গুৱাহাটীয়া সংবাদ গোষ্ঠীৰ সবজান্তা কাণ্ডৰীৰ অধিকাংশই মৌণ ।  অৰ্ণৱ গোস্বামী যদি গেৰুৱা দলৰ প্ৰচাৰক বুলি আন সাংবাদিকসকল মৌন হৈ আছে তেন্তে ইয়াৰ পিছত কলপতীয়া দলৰ প্ৰচাৰক বুলি  আন সাংবাদিকসকল অত্যাচাৰৰ সন্মুখিন হ’ব পাৰে । অৰ্থাৎ লোকচান কিন্তু চতুৰ্থ স্তম্ভৰেই ।বৰ্তমান সময়ত কংগ্ৰেছ – শিবসেনা  মিত্ৰ চৰকাৰে অৰ্নব গোস্বামীৰ ওপৰত কলা আইন জাপি দিয়া কাৰ্য্যই কলা আইনৰ বাট মুকলি কৰি দিলে গেৰুৱা দলৰ নেতৃত্বত থকা চৰকাৰসমুহৰ কাৰণে । সেয়ে আগন্তুক আজি মৌনতা অৱলম্বন কৰা  বামপন্থী  সাংবাদিকসকলৰ কাৰণেও একেপাত অস্ত্ৰই যে ব্যৱহাৰ নহ’ব তাক দাথি কোৱা টান ।