অৰ্ণৱ গোস্বামীৰ ৰাজহুৱা স্বীকাৰোক্তি দেখি মনলৈ আহিছে এই প্ৰশ্ন

1140
  • ৰঞ্জন লাল শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সত্য কি-অসত্য কি সময়ে নিশ্চয় প্ৰমাণ কৰিবই। ক’ব খুজিছোঁ অৰ্ণৱ গোস্বামীৰ কথা। অৰ্ণৱ গোস্বামীক লৈ বিতৰ্কৰ শেষ নাই। শেহতীয়া বিতৰ্ক BARC ৰ  ভূতপূৰ্ব পদাধিকাৰী পাৰ্থ দাসগুপ্তৰ এক স্বীকাৰোক্তিক লৈ। পাৰ্থ দাসগুপ্তৰ কি সেই স্বীকাৰোক্তি সেই কথা সংবাদ মাধ্যমৰ সামান্য খা-খবৰ ৰখা সকলে  জানিছেই।
BARC ( Broadcast Audience Research Council ) হৈছে এটা বেচৰকাৰী কোম্পানী বা অনুষ্ঠান । এই কোম্পানীটোৱে দেশৰ বিভিন্ন টিভি চেনেলৰ দৰ্শকৰ হিচাপ ৰাখে । সাধাৰণ অৰ্থত কোনটো টিভি চেনেলৰ কোনটো অনুষ্ঠান অধিক জনপ্ৰিয় তাৰ আনুমানিক হিচাপ এটা এই কোম্পানীটোৱে ৰাখে আৰু এই কোম্পানীৰ পৰা তথ্যৰ ওপৰত ভিত্তি কৰি বিজ্ঞাপন ব্যৱসায় খন চলে । পাৰ্থ দাসগুপ্তই আৰক্ষীক স্বীকাৰোক্তি দিছে  যে অৰ্নব গোস্বামীয়ে তেওঁক লক্ষাধিক টকাৰ উপঢৌকন দিছে একমাত্ৰ নিজৰ চেনেলৰ টিআৰপি ৰেটিং বেছি বুলি তথ্য দিয়াৰ কাৰণে । টিআৰপি হৈছে চেনেলৰ বিলাকৰ দৰ্শকৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ৰেটিং লিষ্ট । কোনটো চেনেল দৰ্শকৰ ভিত্তিত এক নম্বৰত বা কোনটো দুই নম্বৰত ইত্যাদি। পাৰ্থ দাসগুপ্তই আৰক্ষীক দিয়া স্বীকাৰোক্তিক লৈ দেশজুৰি ধুমুহা বলিছে। নিশাৰ ভিতৰতে অৰ্ণৱ গোস্বামী হৈ পৰিছে ভিলেইন। ধনৰ বিনিময়ত TRP মেনুপুলেট কৰাৰ দৰে ভয়ংকৰ কাণ্ডত জড়িত থকাৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে। সেয়ে কৈছোঁ – সত্য কি-অসত্য কি সময়ে প্ৰমাণ কৰিবই। কিন্তু, অৰ্ণৱ-পাৰ্থৰ কথা-কাহিনীক লৈ এতিয়া দেশজুৰি অনেকে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আৰম্ভ কৰিছে চৰম বিষোদগাৰ। কেবাখনো প্ৰসিদ্ধ কাকত-পত্ৰিকা আৰু সাংবাদিক-সম্পাদকে আৰম্ভ কৰিছে অৰ্ণৱ বিৰোধী অভিযান। দেশজুৰি বিয়পাইছে অৰ্ণৱ-বিদ্বেষ। ছছিয়েল মিডিয়া ভৰি পৰিছে অৰ্ণৱ-ঘৃণাৰে। ফেচবুক-টুইটাৰ চাবই নোৱাৰি। এককথাত আজিৰ তাৰিখত দেশৰ সবাতোকৈ হট এণ্ড হিট ট্ৰেণ্ডিং – অৰ্ণৱ-বিদ্বেষ, অৰ্ণৱ-ঘৃণা, অৰ্ণৱ-নিন্দা। ইণ্টাৰেষ্টিং কথাটো হ’ল- অৰ্ণৱৰ গৃহৰাজ্য হিচাপে ব্যতিক্ৰম নহয় এই ৰাজ্য অসমো। এই ৰাজ্যতো এতিয়া অৰ্ণৱ-নিন্দাত পিছ পৰি ৰোৱা নাই একাংশ সাংবাদিক-সম্পাদক। কোনো কোনোৱে অৰ্ণৱ-পাৰ্থৰ হোৱাটচএপ চাটিঙৰ শ শ পৃষ্ঠা পঢ়িছে বুকাৰ বিজয়ী উপন্যাসৰ দৰেই। তাৰ পিছত সেই চাটিঙৰ পাঠোদ্ধাৰ বিলাবলৈ উদ্বাউল হৈ পৰিছে সেইসকল অৰ্ণৱ-নিন্দুকে। ঠিক আছে- অৰ্ণৱ-নিন্দা কৰক, ঘৃণাৰে ওপচাই দিয়ক অৰ্ণৱ গোস্বামী নামৰ সাংবাদিক-সম্পাদক জনক।
কিন্তু প্ৰশ্নটো হ’ল- এই যে অৰ্ণৱ গোস্বামীয়ে নিজৰ টেলিভিচন ষ্টুডিঅ’ত বহি দেশৰ কোটি কোটি দৰ্শকক উদ্দেশ্যি নিজৰ উপাৰ্জনৰ তথ্য ব্লেক এণ্ড হোৱাইট দাঙি ধৰিব পাৰে  সেই কামটো অসমৰ কেইজন অৰ্ণৱ-নিন্দুক সাংবাদিক-সম্পাদকে কৰিব পাৰে? পাৰিবনে?? পাৰিব ??? তেনেই অৰ্ডিনেৰী উপাৰ্জনৰ পিতৃৰ পুত্ৰই গুৱাহাটীলৈ আহি কেৱল সাংবাদিক হোৱাৰ যহতে বিপুল বিলাস-বৈভৱৰ গৰাকী হ’ব পাৰিছে? কেনেকৈ হ’ব পাৰিছে নিজৰ আয়-উপাৰ্জনৰে সংগতি নথকা বিশাল ধন-ঐশ্বৰ্য্যৰ গৰাকী? পাৰিবনে এয়া ৰাজহুৱা কৰিব? অৰ্ণৱ গোস্বামীৰ আজি ৰাজহুৱা স্বীকাৰোক্তি দেখি মনলৈ আহিছে এই প্ৰশ্ন। কোনোবাই বেয়া পালেও নোকোৱাকৈ থাকিব নোৱাৰিলোঁ এই কথা।