অৰ্ণৱ গোস্বামী কেৱল এটা নাম নহয় এটা ব্ৰেণ্ড: অগ্নিভ দত্ত

6382
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অৰ্ণৱ গোস্বামীয়ে ৪ বছৰ আগতে “টাইমচ নাউ” এৰি ৰিপাব্লিক টিভি খোলোতে বহুতে কৈছিল অৰ্ণৱ গোস্বামীৰ কেৰিয়াৰ শেষ ৷ কিন্তু সকলো পণ্ডিতৰ কেলকুলেচনৰ অন্ত পেলাই অৰ্ণৱ গোস্বামীৰ চেনেল ভাৰতৰ এক নং চেনেল ( টি আৰ পি) হৈয়ে নাথাকিল, বৰ্তমান অৰ্ণৱৰ চেনেলৰ মাৰ্কেট ভেল্যু প্ৰায় ১২০০ কোটি টকা ৷ এতিয়া গোস্বামী কেৱল এজন সংবাদ জগতৰ বিখ্যাত মানুহেই নহয় বৰ্তমান এজন জাকত জিলিকা বিজনেচ টাইকুনো বুলিব পাৰি অৰ্ণৱ গোস্বামীক !!
মানুহজন অক্সফ’ৰ্ডৰ পৰা পাছ কৰা ৷ ৪৬-৪৭ বছৰীয়া মানুহজন ( অৱশ্যে ৰাজনৈতিক নেতা বা ছাত্ৰ নেতাৰ হিচাবত এইয়া ফুলকুমলীয়া ল’ৰাৰ বয়স) ৷ এই মানুহজন মানে অৰ্নৱ গোস্বামী কেৱল এটা নাম নহয় এটা ব্ৰেণ্ড ৷ যিটো ব্ৰেণ্ডৰ কাৰণে এটা টিভি চেনেল চলি আছে ৷ ভাৰতৰ ৰাজনীতি হিলাই দিব পৰা এক ব্ৰেণ্ড ৷ সেই ব্ৰেণ্ডটো এদিনত হোৱা নাই,  সেই ব্ৰেণ্ড প্ৰায় দুটা দশকৰ কষ্টৰ ফল ৷ এই ব্ৰেণ্ড কোনো কংগ্ৰেছ, বিজেপি বা অসমীয়া, মাৰাঠী আদিৰ নাম লৈ বনোৱা নাই ৷ এই ব্ৰেণ্ড বনাইছে নিজৰ বল বুদ্ধিৰে ৷ গতিকে সেই ব্ৰেণ্ডটোক দুৰৰ পৰা গালি পাৰিব পৰা যায় কিন্তু এই ব্ৰেণ্ডটোক সহজে  একো কৰিব পৰা নাযাব  ৷
যিটো ব্ৰেণ্ড বনাওতে মানুহজনে কোনো ৰাজনৈতিক দল সংগঠন বা নেতা পালি নেতাৰ সহায় লোৱা নাই, যিটো ব্ৰেণ্ড বনাওতে মানুহজনে জাতি ভাষা আদিৰ সহায় ল’ব লগা হোৱা নাছিল সেইটো ব্ৰেণ্ডক গালি দিবলৈ বা সমৰ্থন কৰিবলৈ এইবোৰ আৱেগৰ বৰ এটা কাম নোহোৱাৰ দৰেই কথা ৷ এতিয়া এটা কথালৈ আহো, অৰ্ণৱ গোস্বামীহঁতৰ দৰে মানুহৰ উত্থান সম্ভৱ কেনেকৈ হ’ল বা কি পৰিস্থিতিত আজি এই ব্ৰেণ্ডটোৱে এক ভাবিব নোৱাৰা গতি লাভ কৰিলে ?
স্বাধীনতাৰ পাছৰ পৰা আমাৰ বৌদ্ধিক সমাজখন বামপন্থী বুদ্ধিজীৱি বা সেই ধৰণৰ মানুহৰ হাততেই আবদ্ধ আছিল ৷   মানুহৰ ক্ষোভ আছিল, কিন্তু তাক প্ৰকাশ কৰা বা সেই কথাবোৰক প্ৰতিনিধিত্ব কৰা মানুহ বৌদ্ধিক জগতখনত নাছিলেই ৷ নিজৰ সংস্কৃতি,ৰাষ্ট্ৰপ্ৰেম  আদিৰ কথা ক’বলৈ হ’লে হাজাৰবাৰ চিন্তা কৰিব লগা হৈছিল, কাৰণ সেইবোৰ কোৱা আছিল অপৰাধ,  সেইবোৰ কোৱা মানেই সাম্প্ৰদায়িক অথবা সেইবোৰ কথা বুদ্ধি নথকা মানুহে কোৱা কথা ৷
কিন্তু ২০১৪ চনৰ পাছৰ পৰা  কথাবোৰ সলনি হ’ব ধৰিলে ৷ নিজৰ দেশখন,নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰাটো যে অপৰাধ হ’ব নোৱাৰে সেইয়া গৌৰৱৰহে বিষয়, সেইয়া মুক্ত মনেৰে ক’বলৈ ভয় নোহোৱা হ’ল ৷ নিজকে বুদ্ধিজীৱি সজাই ৰাষ্ট্ৰপ্ৰেমী মানুহক ভেড়া বনাই থোৱা সকলৰ স্বৰূপবোৰ উদঙাই দিবলৈ ধৰিলে মানুহে ৷ সেই বুদ্ধিজীৱী টাইপ মানুহ খিনিক প্ৰশ্ন কৰিবলৈ ভয় নকৰা হ’ল ৷ সেই প্ৰশ্ন কৰা মানুহ খিনিক এইবাৰ  ইমানদিন ৰাজত্ব কৰি থকা বুদ্ধিজীৱীগণে সাম্প্ৰদায়িক বা উগ্ৰ,  সোঁপন্থী আদিৰে বিভূষিত কৰিবলৈ অপ্ৰাণ চেষ্টা চলালে ৷

মানুহৰ ক্ষোভ,আশা আকাংক্ষা, উপলদ্ধি কৰাত এই বুদ্ধিজীৱীগণৰ মেচিনেৰিটো বাৰুকৈয়ে ব্যৰ্থ হল ৷ এই  সময়তেই অৰ্ণৱহঁতৰ নিচিনা মানুহে আহি এই সাধাৰণ মানুহখিনিৰ ক্ষোভ,আশা, আকাংক্ষাক সৱলভাবে প্ৰতিনিধিত্ব কৰিলে ৷ আৰু তাৰেই পৰিণতি অৰ্ণৱহঁতে সেইসময়ৰ পৰা থমকি ৰব লগা হোৱা নাই ৷ কি ভুল কি শুদ্ধ সেইয়া সময়ে বিচাৰ কৰিব, কিন্তু অৰ্ণৱহঁতৰ উত্থানত বাৰুকৈয়ে বিচলিত হৈছে পুৰণা গেংবোৰ ৷ আৰু হয়তো সেইবোৰৰেই পৰিণতি__ অৰ্ণৱহঁতৰ দৰে মানুহক প্ৰত্যেক সময়তেই নস্যাৎ কৰাৰ প্ৰয়াস ৷ সোঁপন্থী,উগ্ৰ ব্যৱসায়ী আদি শব্দ ব্যৱহাৰ কৰি অৰ্ণব গোস্মামীৰ দৰে ব্যক্তিক মানসিক ভাবে দুৰ্বল কৰিবৰ প্ৰয়াস কৰে, কিন্তু ড্ৰয়িমৰূমৰ পৰা কমেন্ট্ৰি দিয়াসকলে বুজি নাপায় সাধাৰণ মানুহৰ আশা,আকাংক্ষা তথা ক্ষোভৰ দাবানল ৷

বিপৰীতে অৰ্ণৱ গোস্বামীহঁতে সৰ্বসাধাৰণ ক্ষোভ,আশা,আকাংক্ষা বোৰক সৱল ভাবে তুলি ধৰে আৰু দেশৰ পক্ষ ল’বলৈ কুণ্ঠাবোধ নকৰাৰ ফলশ্ৰুতিতেই এই সময়বোৰত জনসাধাৰণ ওচৰ চাপি যাবলৈ সক্ষম হৈছে ৷   জনসাধাৰণে আঁকোৱালি লোৱাৰ বাবেই গোস্বামী মানুহজন কেৱল এটা নাম হৈ থকা নাই, হৈ পৰিছে ভাৰতবৰ্ষৰ সংবাদজগতৰ লগতে সমগ্ৰ ভাৰতৰ এক অন্যতম ব্ৰেণ্ড !!


দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ৰাজনৈতিক লেখনিৰ প্ৰতিযোগিতা
অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম ‘ এ সম্পূৰ্ণ কৰিলে দুটা বছৰ। ২০১৮ চনৰ ৰঙালী বিহুৰ দিনা জন্ম গ্ৰহণ কৰা ‘ৰাজনীতি অসম ‘ এ পঢ়ুৱৈৰ সংখ্যাৰে  স্হাপন কৰিলে অভিলেখ। যোৱা দুটা বছৰত ৰাজনীতি অসম ই-আলোচনীখনৰ পঢ়ুৱৈৰ সংখ্যাই অতিক্ৰম কৰিলে ১ লাখ ৬৯ হাজাৰ। আমাৰ ফালৰ পৰা সকলোকে জনালো ধন্যবাদ। আমাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আমি ৰাইজৰ বাবে মুকলি কৰিছো ৰাজনৈতিক লেখনিৰ প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ ৫ হেজাৰ টকা। ইয়াত উপৰিও থাকিব ৫ টা আকৰ্ষনীয় পুৰস্কাৰ। প্ৰতিযোগিতাৰ নিয়ম সমূহ এনে ধৰণৰঃ
১) অসম বা ভাৰতবৰ্ষৰ ৰাজনীতিৰ লগত জড়িত যিকোনো বিষয়ৰ ওপৰত লেখিব পাৰিব।
২) অসমীয়া লিপিকাৰত লিখি rajnitiaxom@gmail.com ত পঠাই দিব লাগিব।
৩) লেখনি ১০০০ টা শব্দৰ ভিতৰত হ’ব লাগিব।
৪) লেখনি জমা দিয়াৰ শেষ তাৰিখ ৩১ মে ২০২০।
৫) নিৰ্বাচিত লেখনিবিলাক ৰাজনীতি অসমত প্ৰকাশ কৰা হ’ব।
৬) এজন মানুহে এটা লেখনি দিব পাৰিব। বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব।
৭) ইতিহাস, বৰ্তমান, খুহুটীয়া আদি যিকোনো প্ৰকাৰৰ ৰাজনীতিৰ লগত জড়িত লেখনি পঠাব পৰা যাব।
৮) পুৰস্কাৰৰ ক্ষেত্রত বিচাৰকৰ সিদ্ধান্তই শেষ সিদ্ধান্ত।