আইৰ প্ৰথম ব্লাউজ পিন্ধা দিনটো

2247
  • প্ৰদীপ কুমাৰ পাটোৱাৰী

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ডাঙৰ বাইদেউ দীপালীৰ বিয়াৰ দিন থিক হ’ল  বাষষ্ঠি চনৰ বহাগ মাহত  গুৱাহাটী তেল শোধানাগাৰৰ কৰ্মচাৰী সুঠাম যুৱকৰ লগত । দূৰৰ ইষ্ট কুটুমক বাইদেউৰ বিয়ালৈ নিমন্ত্ৰণ কৰা ইতিমধ্যে হৈ গৈছে। মাথো ওচৰ চুবুৰীয়া গাওঁবাসীৰ ঘৰে ঘৰে গৈ তামোল-পাণ আগবঢ়াই নিমন্ত্ৰণ কৰা কামখিনি বাকী আছে , বিয়াৰ এদিন বা দুদিন আগতে কৰিব লাগিব ; যদিও সকলোকে এনেয়ে বিয়ালৈ মতা হৈছে ।  বিয়াৰ নিমন্ত্ৰিত অতিথিক খুউৱা-ধুউৱাৰ তালিকা আগতে প্ৰস্তুত কৰা হৈছে– দিনত দৈ-চিৰা , লগত গুৰ বা চেনী , জিলাপী আৰু বুন্দিয়া । তামোল পান বেছি কৈ লাগিব , গছৰ তামোল পান আছেই। দূৰণিবটীয়া দৰা, ৰাতি দৰাঘৰীয়াক ভাত খুউৱাব লাগিব। দালি , তৰকাৰিৰ লগত থাকিব পঠাৰ মাংস , দৈ আৰু ৰসগোল্লা।

             পিতাই ঘৰতে চাউল, চিৰা ,খৰি খেৰ প্ৰায় সকলো যোগাৰ সম্পূৰ্ণ কৰিছে ; বেন্দপাৰ্টী, ধুলীয়া , দৈ গাখীৰৰ বাবে বাইনা বা আগধন দিয়া হৈ গৈছে। পুৰোহিত থিক কৰা হৈছে।  দৰাৰ ঘৰ দূৰণী ঠাইত , ৰাস্তা ঘাট ও সিমান ভাল নহয়; গতিকে  তালৈ কইনা পঠিয়াবলৈ চৈ দিয়া ম’হৰ গাড়ী বন্দবস্ত কৰা হৈছে , গৰু গাড়ীৰে নহব । কইনাৰ কাপোৰ কানি ভৰাই লগত নিয়া চন্দুক টো ইতিমধ্যে মামা হতৰ পৰা আহিছে। ৰভা– বাহ , কলগছ আৰু কল পাতেৰে তৈয়াৰ কৰাৰ কামৰ ভাৰ ইতিমধ্যে গাঁওৰ কাম জনা মানুহৰ হাতত অৰ্পণ কৰা হৈছে। কলৰ দোণা (খোল) , পটুৱা আদি তৈয়াৰ কৰাৰ ভাৰ গাঁৱৰে কান্তেশ্বৰ আৰু পুস্প কাকাক দিয়া হৈছে। তামোল কটাৰ দায়িত্ব হদ্লা জেঠাক দিছে। বিয়াৰ আগেয়ে কৰিবলগা কাম প্ৰায় সম্পূৰ্ণ হৈছে।
            এনেতে আন এটা সমস্যাৰ হে আবিৰ্ভাৱ হ’ল- গুৱাহাটীৰ পৰা অহা চাকৰিয়াল সৰু খুড়া আৰু খুড়ীয়ে ঘৰত জনালে যে কইনাৰ মাক– মানে মোৰ আইয়ে দৰা আদৰিবলৈ যোৱাৰ সময়ত মেখেলা চাদৰৰ লগত গাত ব্লাউজ আৰু পেটী-কোট পিন্ধিব লাগিব । ব্লাউজ নিপিন্ধিলে– সমাজত বিশেষকৈ হাজো গুৱাহাটীৰ পৰা অহা  চাকৰি কৰা দৰা আৰু সম্ভ্ৰান্ত দৰাঘৰীয়াৰ আগত বেয়া দেখা বা অশুৱনি হব। এই খিনিতে এটা কথা সোৱৰাই দিব খুজিছোঁ যে তেতিয়ালৈকে মানে পঞ্চাছ ষাঠিৰ দশকৰ আৰম্ভণিতে মাখিবাহা ক্ষেত্ৰাপাৰাৰ দৰে কামৰূপ জিলাৰ আমাৰ ভিতৰুৱা গাওঁ বোৰত বয়স্ক মহিলা সকলে ব্লাউজ আৰু পেটী-কোট  পিন্ধি পোৱা নাছিল বা দেখাও নাছিল। খালি মেখেলা খন বুকুৰ ওপৰলৈ পিন্ধি তাৰ ওপৰত ওপৰপিনে চাদৰ , ৰিহা বা ডাঙৰ গামোচা হে লৈছিল। ভৰিত চেন্দেল আদি নাছিল। গতিকে আইয়েও কোনো দিন নেদেখা নিপিন্ধা ব্লাউজ আৰু পেটী-কোট পিন্ধিবলৈ অস্বীকাৰ কৰিলে ; খুড়ীয়ে বুজায় , আইয়ে নুবুজে ; পিন্ধিব নাজানো , ভাইশহুৰৰ ( আইৰ বৰজনা , আমাৰ জেঠা) আগত তেনেকৈ ওলাব লাজ লাগে —  বুলি নানান যুক্তি দেখুৱাব ধৰিলে। পিচে যেনিবা খুড়ী আৰু ডাঙৰ বাইদেউ মানে কইনাৰ বুজনিত একেৰাহে দুদিন বুজোৱাৰ পিছত আৰু দৰা ঘৰীয়াৰ আগত কইনাৰ মাক ভালদৰে সাজি কাচি ওলোৱাৰ খাতিৰত বিয়াৰ দিনা ব্লাউজ পেটী-কোট পিন্ধিবলৈ সৈমান হ’ল।

            ব্লাউজ পেটী-কোট আনি দিয়াৰ দায়িত্ব সৰু খুড়া আৰু খুড়ীয়ে লৈছিল। বিয়াৰ দুদিন আগতে ব্লাউজ পেটী-কোট আহি ঘৰ পালে আৰু সৰু খুড়ীয়ে আইক পিন্ধাই নিজে পিন্ধিব পৰাকৈ অনুশীলন কৰোৱাৰ আখৰা দিবলৈ ধৰিলে। ব্লাউজ টো ডাঙৰ হ’ল , পেটী-কোট টো দীঘল হ’ল। পিচে আমাৰ আইওঁ হাতেকামে কামজনা ভাল শিপিনী, গতিকে ব্লাউজ টো সৰু কৰি হাতেৰে চিলাই কৰি লোৱা আৰু পেটী-কোট টো চুটি কৰি লোৱাৰ দায়িত্ব নিজে লৈ কেঁচীৰ অভাৱত বঠীৰে  (মৈদা) কাটি আৰু হাতেৰে বেজি সূতাৰে চিলাই কৰাৰ কাম আৰম্ভ কৰি দিলে। বিয়াৰ আগদিনা ব্লাউজ তৈয়াৰ হৈ গ’ল। পিচে পেটী-কোটৰ ৰচি নাই , সৰু খুড়াই গুৱাহাটীৰ ফাঁচি বজাৰত নিজে বজাৰ কৰাৰ সময়ত সেইটো লক্ষ্য নকৰিলে, লগত খুড়ী থাকিলে কথাটো গম পালে হয়। দেউতাই কইনাৰ মাকৰ সমস্যা টো গম পাই মৰাপাটৰ সৰু ৰচি তৈয়াৰ কৰি দিও বুলি ভৰালৰ ভিতৰত মৰাপাট বিচাৰি গ’ল। কথাটো শুনি আইয়ে দেউতাক খং কৰি কিবা কিবি কৈ — নালাগে আপোনাৰ গৰু বন্ধা পঘা , আপোনাৰ পঘাৰে গৰু বান্ধক গৈ বুলি বাক্য বান মাৰিলে । মই নিজে নিজৰ লগা ৰচি বিচাৰি ল’ম। এই বুলি কৈ আইয়ে পুৰণি চাদৰ এখন বিচাৰি আনি তাৰ পৰা দীঘলে দীঘলে কাপোৰ ফালি দীঘলীয়া , সৰুকৈ এদাল মিহি ৰচি তৈয়াৰ কৰি ললে আৰু পেটী-কোটত পিন এটাৰে সুমুৱাই ললে। তেতিয়াহে কইনাৰ মাকৰ বিয়াৰ কাপোৰ সম্পূৰ্ণ হ’ল। বিয়াৰ দিনা আইয়ে অৱশ্যে ৰাতিপুৱা কইনাক নোৱাবলৈ পানী তোলাৰ পৰা ৰাতি সুৱাগ জাৰা লৈ, মেখেলা চাদৰৰ লগত ব্লাউজ-পেটী-কোট পিন্ধিয়েই থাকিল । দৰা আদৰিবলৈ ও তেনেকৈ ওলাবলৈ লাজ বা সঙ্কোচ বেছি কৰা নাছিল বুলি কোৱা কথা সৰু বাইদেউহতৰ পৰা জানিব পাৰিছিলো। আইৰ লগৰ ব্লাউজ নিপিন্ধা বান্ধবী বোৰে আইক বা কি কলে , নে কিবাকিবি জঁকালে গম নাপালোঁ। অৱশ্যে নামতিৰ কন্ঠত  জাউৰিয়ে জাউৰিয়ে ওলোৱা বিয়ানাম,জোৰা-নাম, খিচা-গীত আদিয়ে গোটেই বিয়া ঘৰ ৰজনজনাই আছিল।