আকৌ এবাৰ মোদী চৰকাৰ ?

2263
  •   ৰাজেন দাস

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


আগতে নিৰ্বাচন বুলিলে দেৱাল লিখন , বেনাৰ , পোষ্টাৰ , পতাকাৰ গুৰুত্ব আছিল । এইবাৰৰ নিৰ্বাচনত বেনাৰ , পোষ্টাৰ আৰু বিশেষকৈ দেৱাল লিখন প্ৰায় নাইয়েই । হয়টো অহা কিছুবছৰত পোষ্টাৰো যে থাকিব আশা কম । মানুহে ছপা আখৰ পঢ়াৰ অভ্যাস এৰি দিছে । সকলো ডিজিটেল । সেই সুত্ৰে ডিজিটেল মাধ্যমক বিজেপি দলে আন দলৰ তুলনাত অধিক ব্যৱহাৰ কৰা চকুত পৰে । মবাইল , টিভি , ৰাস্তাই ঘাতে সকলোতে আকৌ এবাৰ মোদী চৰকাৰ গানটোৱে হয়টো পুৰ্বৰ ‘ চল গোৰী ‘ গানটোৰ জনপ্ৰিয়তাক অতিক্ৰম কৰিব । কিন্তু কথা হ’ল ডিজিটেল প্ৰচাৰে সাধাৰণ ভোটাৰক কিমান প্ৰভাব পেলাব পাৰিছে সেইটোহে মুল কথা । অসমৰ ঢৌৰ লগত কিন্তু বহু সময়ত ভাৰতৰ আন ৰাজ্যৰ ঢৌৰ পাৰ্থক্য দেখা যায় । অসমত বিজেপি আৰু অগপই অতি কমেও ৯ খন বা অতি ভাল ফলাফল ১১ খন আসন পাব বুলি ধাৰণা হয় । কিন্তু অসমৰ ১৪ খন আসনে ৰাষ্ট্ৰীয় দল এটাৰ সামগ্ৰিক ফলাফলক অধিক প্ৰভাব নেপেলায় । ভাৰতৰ ৰাজনীতিৰ বতাহৰ দিশ নিৰ্ধাৰণ কৰে উত্তৰ প্ৰদেশ- বিহাৰৰ অংকই । ২০০৪ ত বিজেপিয়ে একক ভাবে পাইছিল ১৩৮ খন আসন আৰু কংগ্ৰেছে পাইছিল ১৪৫ খন আসন । মাত্ৰ ৭ খন আসনৰ ব্যৱধান । কিন্তু চৰকাৰ গঠন কৰিলে কংগ্ৰেছে । কাৰণ এটাই উত্তৰ প্ৰদেশৰ পৰা কংগ্ৰেছৰ মিত্ৰ দল এচ পি আৰু বিএচপি দলে মুঠ ৫৫ খন আসন পায় আৰু বাওঁপন্থী দলে পায় ৪৩ খন আসন ।অৰ্থাৎ জ্যোতি বসু , মুলায়ম , মায়াবতিৰ সমৰ্থনত এখন স্থায়ী চৰকাৰ দিবলৈ কংগ্ৰেছ সক্ষম হয় । ৪ খন ৰাজ্যই বিজেপি কাল হ’ল আৰু কংগ্ৰেছৰ আশীৰ্বাদ হ’ল  । উত্তৰ প্ৰদেশ , তামিলনাডু , অন্ধ্ৰপ্ৰদেশ  আৰু গুজৰাট । ইউপিত এনডিএৰ আসনৰ সংখ্যা হ’ল ১২ খন , অন্ধ্ৰত ৫ খন , তামিলনাডুত শুন্য আৰু গুজৰাটত ১২ খন । অৰ্থ্যাৎ বিজেপিৰ মিত্ৰ দলবিলাকৰ দুৰ্বল প্ৰদৰ্শনৰ বিপক্ষে কংগ্ৰেছৰ মিত্ৰ দল চিপিআই এম , সমাজবাদী , বহুজন পাৰ্টী , ডিএমকে আদি দলৰ ভাল প্ৰদৰ্শনে মনমোহন সিংক প্ৰধানমন্ত্ৰী পাতিলে । ২০০৪ ত বাজপায়ীৰ ঢৌ যদিও মিডিয়া আৰু মানুহৰ মুখত আছিল , কিন্তু বেলট বাকচত ঢৌ আছিল কংগ্ৰেছ আৰু আঞ্চলিক দলবিলাকৰ । ২০১৯ ত আকৌ এবাৰ মোদী চৰকাৰ হোৱাত কোনে বাধা দিব ? এইবাৰ কংগ্ৰেছৰ নেতৃত্বত ছোনীয়া গান্ধী নাই আৰু বংগত জ্যোতি বসু নাই । জ্যোতি বসু বংগত নেথাকিলেও বিজেপিৰ কাৰণে বিশেষ লাভ নাই , কাৰণ বাওঁপন্থীৰ  ঠাই পুৰণ মমতাই কৰিছে । ২০০৪ ত বাওঁপন্থীয়ে বংগত ৩০খন আসন পাইছিল আৰু এইবাৰো মমতাই বাহুবল বা চৰকাৰী তন্ত্ৰ ব্যৱহাৰ কৰি হ’লেও ৩০খনৰ ওপৰত
আসন পাব । তামিলনাডুৰ পৰিস্থিতিও বিজেপিৰ পক্ষে নাই । কাৰণ ডিএমকে এতিয়া সৰ্ব শক্তিমান । জয়াললিতা অবিহনে তামিলনাডুত ডিএমকে দলে এইবাৰো ২০০৪ ৰ দৰে প্ৰায় ৩৫খন আসন পাব ।এতিয়া বাকী থাকিল দুখন ৰাজ্য । উত্তৰ প্ৰদেশ আৰু গুজৰাট ; কিন্তু ২০০৪ ৰ দৰে ২০১৯ ৰ অংক নিমিলে ।  আদৱানী- বাজপায়ীৰ যুগ এতিয়া নাই, কাৰণ সেইসময়ত এটা ভোটৰ কাৰণে চৰকাৰ ভাঙিছিল । এতিয়া মোদী-শ্বাহৰ যুগলবন্দী । অতি বেয়া হ’লেও উত্তৰ প্ৰদেশত বিজেপিয়ে প্ৰায় ৪০ খন আসন পাব আৰু ২২ খন আসন গুজৰাটৰ পৰা পাব । অৰ্থাৎ ২০০৪ তকৈ ৩৮ খন আসন বেছি । বাকী সৰু সৰু ৰাজ্যবিলাকৰ আঞ্চলিক দলৰ লগত বিজেপিয়ে চকুমুখ  চেপি হ’লেও মিত্ৰতা কৰিছে , কাৰণ ২০০৪ ৰ পুনৰাবৃত্তি অমিত শ্বাহে বিচৰা নাই । শেষত দক্ষিণৰৰ সুবিধাবাদী ৰাজনীতি আৰু উত্তৰ ভাৰতৰ জাত পাতৰ ৰাজনীতি নেওঁচি আকৌ এবাৰ মোদী চৰকাৰত মুখ্য ভুমিকা ল’ব ছোনীয়া গান্ধীৰ অনুপস্থিতি আৰু মোদীৰ লগত নিতিশ কুমাৰ উপস্থিতি ।