আগন্তুক ৫ বছৰত হিমন্ত বিশ্ব শৰ্মাৰ ৪টা প্ৰাথমিকতা

1340
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


হিমন্ত বিশ্ব শৰ্মা এজন কৌশলী ৰাজনেতা , চানক্য ইত্যাদি বিশেষণেৰে তেওঁক সম্বোধন কৰা হয় । এইজন ব্যক্তিয়েই কটন কলেজৰ ছাত্ৰ ৰাজনীতিক নতুন মাত্ৰা প্ৰদান কৰিছিল । তেওঁ পঢ়ি থকা সময়ত কলেজখনৰ ৰাজনীতিত দলীয় ৰাজনৈতিক নেতা , মন্ত্ৰীৰ প্ৰভাব আছিল লক্ষণীয় । হিতেশ্বৰ শইকীয়াৰ পৰা ৰাজনীতি শিকা হিমন্ত বিশ্ব শৰ্মাই যেতিয়া সংসদীয় নিৰ্বাচনত ভৰি দিছিল তেতিয়া কৌশলী যুবকজন পৰাজিত হৈছিল বিধান সভাৰ নিৰ্বাচনত ।  জালুকবাৰীৰ সমষ্টিৰ পৰা  পৰাজিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি পিয়ুষ হাজৰিকা , তৰংগ গগৈ , জয়ন্ত মল্ল বৰুৱা , গৌৰৱ গগৈ আদি যুব নেতাৰ তুলনা কৰা যায় তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ তুলনাত এওঁলোক সফল । পৰাজয়ৰ মুখ এওঁলোকে দেখা নাই । এজন নেতাৰ জয় পৰাজয় , সফলতা বিফলতা সকলো সময় সাপেক্ষ । ৰাজনৈতিক প্ৰেক্ষাপটত  ব্যক্তিগত ভাবে ২০২১ চনটো হিমন্ত বিশ্ব শৰ্মা  অতি সফল বছৰ । কিন্তু মুখ্যমন্ত্ৰী , প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰাৰ পিছতেই এজন ব্যক্তিৰ সফলতাৰ মাপকাঠি  সলনি হয় । ব্যক্তিজনৰ লগত জড়িত আন নেতা কৰ্মী বা নিকট ব্যক্তিসমুহৰ কাৰণে ক্ষমতা আৰু উপাৰ্জনৰ পথ পুৰ্বতকৈ অধিক ক্ষিপ্ৰ হয় । কিন্তু নতুন আসনত বহা ব্যক্তিজন আৰু তেওঁৰ পৰিয়ালৰ কাৰণে সময়বোৰ সম্পুৰ্ণ সলনি হয় । এনেকুৱা এক সময়ৰ সন্ধিক্ষণত ৰাজনেতা আৰু তেওঁৰ নিকট ব্যক্তিসকলৰ  সংযত আচৰণে দেশ বা ৰাজ্যখনৰ ভৱিষ্যতৰ লগতে ব্যক্তিজনৰো ভৱিষ্যত  নিৰুপন কৰে । ১৯৮৫ ৰ পৰা অসমত নতুন সামাজিক চৰিত্ৰ এটাই ঠন ধৰি উঠিছিল ।  ক্ষমতাৰ প্ৰকোপত এটা ৰাতিত ধনী হৈ আভিজাত্য জীৱন ধাৰণ কৰাৰ লক্ষ্যত অসমৰ যুবচাম নামি পৰিছিল আৰু সেই স্বভাবে এতিয়া চৰিত্ৰৰ ৰূপ লৈছে । অসমৰ যিকোনো ছাত্ৰ সংগঠনৰ পৰা গৈ মন্ত্ৰী ,বিধায়ক , সাংসদ হৈ ক্ষমতাৰ সোৱাদ লৈ নিজস্ব স্বাৰ্থ সিদ্ধি কৰাৰ পৰম্পৰাই অসমৰ প্ৰতিটো কোণৰ যুব সামজক মেৰিয়াই লৈছে । এনে এক পৰম্পৰাৰ প্ৰথম চিকাৰ হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত । যিটো সময়ত  জাতিপ্ৰেমীৰ লেবেল লগোৱা একাংশ সাংবাদিক ,শিক্ষাবিদ , ব্যৱসায়ী , ঠিকাদাৰ , বিষয়া আৰু অধিকাংশ অগপ নেতাৰ স্বপ্ৰেমী কাৰ্য্যপন্থাই প্ৰফুল্ল মহন্তৰ ৰাজনৈতিক ভৱিষ্যতক প্ৰায় ধ্বংস কৰি পেলালে । কিন্তু তেওঁৰ দ্বাৰা পালিত ব্যৱসায়ী , ঠিকাদাৰসকল আজিৰ তাৰিখত চৰকাৰৰ লগত থাকি চৰম সুখত নিজৰ ব্যৱসায় বিস্তাৰ কৰি আছে । প্ৰফুল্ল মহন্তৰ নেতৃত্বত অগপ কৰা নেতাসকল কংগ্ৰেছ , বিজেপি বা বিপিএফ প্ৰতিটো দলতেই শক্তিশালী ভুমিকা লৈ আছে বা  বৰণ সলনি কৰি বিধায়ক, মন্ত্ৰী হ’বলৈও সক্ষম হৈ আছে ।

হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া মিত্ৰৰ অভাব নাই । বিৰোধী দলটো মিত্ৰৰ অভাব নাই তেওঁৰ কাৰণ ক্ষমতাৰ ৰাজনীতিত তোষামোদ এতিয়া অন্যতম আহিলা ।   স্পষ্ট কথা হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত দুটা পথ আছে । মধ্যস্থান তেওঁ ল’ব নোৱাৰে । কাৰণ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি ভোট দিয়া জনতাৰ আকাংক্ষাক মধ্যস্থানে প্ৰশমিত কৰিব নোৱাৰে ।  সৰ্বানন্দ সোণোৱাল , তৰুণ গগৈ ,  হিতেশ্বৰ শইকীয়াৰ দৰে মুখ্যমন্ত্ৰীয়ে অসমত উন্নয়নৰ বাট খৰতকীয়া কৰাত বিশেষ ভুমিকা লৈছিল । কিন্তু জাতীয় সমস্যা সমাধানত বিশেষ  সফল নহ’ল । উল্লেখ্য যে হিতেশ্বৰ  শইকীয়াই চেষ্টা কৰিছিল যদিও সেই সময়ত একাংশ সাংবাদিক -বুদ্ধিজীবীৰ কুটিল খেলত শইকীয়া পৰাস্ত হয় ।হিতেশ্বৰ শইকীয়া বিফল হোৱাৰ আঁৰত এজন বিশেষ ব্যক্তিৰ নামো উচ্চাৰিত হৈছিল । সেই সময়ত কেন্দ্ৰ চৰকাৰৰ গৃহ মন্ত্ৰী তথা কাশ্মীৰৰ পিদিপি নেতা মুফতি মহম্মদ চৈয়দৰ ভুমিকাও লক্ষনীয় বুলি বিবেচনা কৰিব পাৰি । কোকৰাঝাৰ , বঙাইগাওঁ সামৰি এক বিস্তীৰ্ণ অঞ্চলত খিলঞ্জীয়া বড়োভাষী আৰু পুৰ্ব বংগীয় মুছলামানৰ মাজত চলা সংঘৰ্ষক শইকীয়া চৰকাৰে দমন কৰিব নোৱাৰিলে । কেন্দ্ৰীয় মন্ত্ৰী ৰাজেশ পাইলতে পুৰ্ব বংগীয় মুছলমানৰ হাতত অস্ত্ৰ যোগান ধৰিব বুলি ঘোষণা কৰাৰ বাতৰি বিভিন্ন কাকতত প্ৰকাশ পাইছিল ।  যিয়েই নহওক হিতেশ্বৰ শইকীয়াক বিচক্ষণ ৰাজনেতাৰ বাহিৰে আন বিশেষণেৰে সম্বোধন কৰাৰ সুযোগ অসমৰ ৰাইজে নাপালে ।
প্ৰফুল্ল মহন্তৰ সময়ত চলা দুৰ্নীতি , মন্ত্ৰী-বিষয়াৰ ব্যক্তিগত স্বাৰ্থলোভী কুটনীতি , আলফাৰ সমান্তৰাল চৰকাৰৰ লগে লগে আলফাৰ পৰিয়ালৰ ওপৰত গুপ্তহত্যাৰ ঘটনাই প্ৰফুল্ল মহন্তক ক্ষমতাচ্ছ্যুত কৰিলে । ২০০১ চনৰ নিৰ্বাচনত অগপক ৰাইজে বিদায় দিয়াৰ পিছত অগপ আৰু প্ৰফুল্ল মহন্তই আজিলৈকে ৰাজনীতিৰ পথাৰখনত মুৰ দাঙিব পৰা নাই । অসম আন্দোলনৰ সময়ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়াভাষীৰ চকুৰ মণি আৰু দুইবাৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত বৰ্তমান সময়ৰ ৰাজনীতিত কিমান প্ৰাসংগিক সকলোৱে প্ৰত্যক্ষ কৰিছে । ৮৫’ ত সুৰ্য্যৰ দৰে জিলিকি উঠা প্ৰফুল্ল মহন্তৰ ৰাজনীতিত এতিয়া চলিছে সুৰ্য্য গ্ৰহণ ।
সাধাৰণ আন দহজন মুখ্যমন্ত্ৰীৰ দৰে হিমন্ত বিশ্ব শৰ্মাও এজন মুখ্যমন্ত্ৰী হোৱাত বাধা নাই । কাৰণ কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমক সদায় গুৰুত্ব প্ৰদান কৰি থাকিব । ঐতিহাসিক ভাবে জনসংঘৰ নেতা সকলেও অসমক জিন্নাৰ কব্জাৰ পৰা উদ্ধাৰ কৰাত স্থানীয় নেতা গোপীনাথ বৰদলৈক সহায় কৰিছিল । হিমন্ত বিশ্ব শৰ্মাই যদি নিজৰ নামটোক যুগমীয়া কৰি ৰাখিব বিচাৰে তেন্তে গোপীনাথ বৰদলৈৰ পথ লব লাগিব । যুগমীয়া হৈ থাকিবলৈ দহ – পোন্ধৰ বছৰ দায়িত্বত থকাৰ প্ৰয়োজন নাই । গোপীনাথ বৰদলৈয়ে সেই সময়ত চাদুল্লাৰ কুটনীতিক বাধা দিয়াত সম্পুৰ্ণ সফল হ’ব নোৱাৰিলে, একমাত্ৰ কংগ্ৰেছৰ নেতৃত্বত থকা আবুল কালাম আজাদ আৰু জৱাহৰলাল নেহৰুৰ বাবে । অসম আৰু অসমবাসীৰ সুৰক্ষাৰ লক্ষ্যত গোপীনাথ বৰদলৈৰ আধৰুৱা হৈ থকা কামক সম্পুৰ্ণ কৰাৰ পুৰ্ণ সুযোগ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে । অন্যথা জিন্নাৰ আধৰুৱা সপোনক বাস্তৱ ৰূপ দিয়াবলৈ অসমত মৌলবাদী ইচলামিক নেতাৰ অভাব নাই আৰু জিন্নাৰ বন্ধু দেশদ্ৰোহী যোগেন্দ্ৰ নাথ মণ্ডলৰ দৰে হিন্দু ৰাজনৈতিক নেতাৰ অভাবো অসমত নাই । খিলঞ্জীয়া জনগোষ্ঠীৰ পৰ্যাপ্ত সংৰক্ষণৰ দ্বাৰা বিধান সভাত খিলঞ্জীয়াৰ সংখ্যাগৰিষ্ঠতা অটুট ৰখা, অসমত অতীজৰে পৰা বাস কৰি অহা প্ৰতিজন ভাৰতীয় মানুহে অসমৰ উন্নয়নত নিজকে সমৰ্পিত কৰিব পৰা
পৰিবেশ ৰচনা কৰা , গোহত্যা বন্ধ কৰা , সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগতে জন সংখ্যা বিস্ফোৰণ বিৰোধী কঠোৰ আইন প্ৰনয়ণৰ দৰে বিষয় সমুহ আগন্তুক ৫ বছৰত সম্পুৰ্ণ হব লাগিব । উন্নয়নৰ দিশটো তৰুণ গগৈ বা সৰ্বানন্দ সোণোৱালৰ সময়তো হৈছিল আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ থকালৈ ৰাজ্যত উন্নয়ন পথ স্তব্ধ নহয় । এইখিনি কাম যদি নহয় তেন্তে আগন্তক কালত জনতাই এইজন বিচক্ষণ নেতাক আন দহজন নেতাৰ দৰে পাহৰি যাব । মাত্ৰ এচাম তোষামোদকাৰী আৰু আত্মপ্ৰেমী ঠিকাদাৰ ,ব্যৱসায়ীৰ পৰিয়ালতেই তেওঁৰ চৰ্চা সীমাবদ্ধ হৈ থাকিব ।