আঙুৰলতাৰ পৰাজয়, নিশ্চিত বিজয়ৰ দিশে সুমন !

17669

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০২১ বিধানসভা নিৰ্বাচনলৈ মাজত দুটা বছৰতকৈও কম সময়। সেইবাবে ৰাজনীতি অসমে আৰম্ভ কৰিছে সমষ্টিভিত্তিক অ’পিনিয়ন প’ল। আমি প’ল কৰিম সেইকেইটা সমষ্টিত যত শাসক বিৰোধীৰ মাজত যুঁজ তীব্ৰ হ’ব বুলি ধাৰণা কৰা হৈছে। যোৱা মাহত আমি বাচি লৈছিলো বাটদ্ৰৱা আৰু হাজো সমষ্টি দুটা। ঐতিহ্যমণ্ডিত এই সমষ্টি দুটা বৰ্তমান প্ৰতিনিধিত্ব কৰিছে দুগৰাকী মহিলা বিধায়িকাই।
বোলছবি জগতৰ লগত জড়িত আঙুৰলতা আৰু সুমনৰ জয়ৰ ব্যবধান ২০১৬ চনত খুব বেছি নাছিল। আনহাটে ২০১৯ লোকসভা নিৰ্বাচনত দুয়োগৰাকী নেত্রী নিজ নিজ সমষ্টিত পিছ পৰি আছে। ইতিমধ্যে খবৰ ওলাইছে যে বিধায়িকা দুগৰাকীয়ে ২০২১ত পুনৰ টিকট নাপাবও পাৰে। যিহেতু বিজেপিৰ মহিলা বিধায়িকা মাত্র দুগৰাকী সেয়েহে এওঁলোকৰ টিকট কটা হাইকামাণ্ডৰ বাবে সহজ নহ’ব।
যোৱা মাহৰ আমাৰ অ’পিনিয়ন প’ললৈ ৰাইজে জনাইছে ব্যাপক সহাৰি। ৰাইজৰ মনত সুমন হৰিপ্ৰিয়াৰ বিজয়ৰ ক্ষেত্রত কোনো সন্দেহ নাই। ৬৯.৪% লোকৰ মতে সুমন জয়ী হোৱাটো খাটাং । কংগ্ৰেছৰ পক্ষত পৰে ২৪.৫%  ভোট আৰু অন্যই লাভ কৰে ৬.১% ভোট।
সেই একেখিনি ৰাইজে কিন্তু বটদ্ৰবাত আঙুৰলতাৰ বিজয়কলৈ শংকা ব্যক্ত কৰে। আঙুৰলতাৰ পক্ষত পৰে ৪৯.৭% ভোট। কংগ্ৰেছৰ পক্ষত ৪২.২% আৰু অন্যই লাভ কৰে ৮.২% ভোট। বটদ্ৰবা বিধানসভা সমষ্টিত ২০১৬ বিধানসভা নিৰ্বাচনত বিজেপিৰ আঙুৰলতা ডেকাই পাইছিল ৪৬,৩৪৩ টা ভোট। কংগ্ৰেছৰ গৌতম বৰাই ৪০,৪৫৮ আৰু এ.আই.ইউ.দি.এফৰ নাজিৰ উদ্দিন আহমেদে পাইছিল ৩৩,০২২ টা ভোট। ২০২১ নিৰ্বাচনৰ সময়ত ভোট প’লাৰাইজ হোৱাৰ সম্ভাবনা প্ৰবল। তেনেক্ষেত্রত কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ ভোট যদি একলগ হৈ যায় তেন্তে ইমানতে অন্ত পৰিব বাৰে আঙুৰলতাৰ ৰাজনৈতিক কেৰিয়াৰ। যোৱা লোকসভা নিৰ্বাচনত ইয়াৰ আভাস পোৱা গৈছে