আছুৰ ৰিমোট ক’ন্ট্ৰোল কাৰ হাতত ?

6476
  • জয়ন্ত বড়ো

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


 অগপ ৰ পৰা অগপ ( প্ৰ) , কংগ্ৰেছৰ পৰা কংগ্ৰেছ ( এচ) , বিজেপিৰ পৰা অসম বিজেপি , আলফাৰ পৰা আলফা ( স্বাধীন )  হৈছিল । এতিয়া আছুৰ পৰা আছু ( ৫১) হ’ব বুলি বাতৰি ওলাইছে । আৰ্থিক আৰু ক্ষমতাকেন্দ্ৰীক বেমেজালিৰ বাবে  বিসম্বাদী গ্ৰুপটোৱে সময়ৰ সৎ ব্যৱহাৰ কৰি আছুৰ পৰা ফালৰি কাটি নতুন ছাত্ৰ সংগঠন খুলিবলৈ চিন্তা চৰ্চা কৰি আছে । এই গ্ৰুপটোৱে ১৯৫১ ক ভিত্তিবৰ্ষ কৰি এন আৰ চি প্ৰস্তুত কৰিবলৈ চৰকাৰক হেঁচা দিবলৈ এখন নতুন মঞ্চ গঠন কৰিবলৈ আলোচনা চলায় আছে ।  বৰ্তমান সময়ত প্ৰতিটো ছাত্ৰ সংগঠনৰ প্ৰধান অসুবিধাটো হৈছে ফান্দ দুৰ্বল হৈ অহাটো । কংগ্ৰেছৰ দৰে আজিৰ বিজেপি চৰকাৰখনে ছাত্ৰ সংগঠনক বিশেষ কেৰেপ নকৰে । নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত স্থানীয় নেতাৰ লগত বুজাবুজি কৰি যিখিনি আৰ্থিক সুবিধা পায় সেইখিনিয়েই একমাত্ৰ সম্বল । তেনেস্থলত নতুন এটা অৰাজনৈতিক ছাত্ৰ সংগঠনৰ জন্ম দিবলৈ হ’লে চৰকাৰী পক্ষৰ  সহায় অনিবাৰ্য্য । বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে ইয়াক লৈ  বিজেপি দলৰ নীতি নিৰ্ধাৰণ কমিটিয়ে ঊমৈহতীয়া সিদ্ধান্তত উপনিত হ’ব পৰা নাই । বিধায়কসকলৰ লগত ব্যক্তিগত আলোচনাতেই সীমাবদ্ধ আছে আছুৰ  বিসম্বাদী অংশটোৰ কথাবৰ্তা । সংঘই এইক্ষেত্ৰত বিজেপিক গ্ৰীন চিগনেল দিয়া নাই আৰু সৰ্বানন্দ সোণোৱালেও উৎসাহ দেখুৱা নাই । সুত্ৰৰ পৰা পোৱা খৱৰ অনুসৰী সংঘই আছুক কৃষক মুক্তি বিৰুদ্ধে ঢাল হিচাপে ব্যৱহাৰ হৈ থকাটো বিচাৰে । কাৰণ সমুজ্জ্বল ভট্টাচাৰ্য্য দুৰ্বল হোৱা মাত্ৰেই অখিল গগৈ মুৰৰ ওপৰত উঠিব । আনহাতে অখিলক সহায় কৰি থকা হিৰেণ গোহাঁই কোম্পানীটোক শক্তিশালী হোৱাটোও সংঘই বিচৰা নাই । কাৰণ হিৰেণ গোহাঁই কোম্পানী শক্তিশালী হোৱা মানেই মাদানিৰ প্ৰভুত্ব বাঢ়ি যাব ।  তথাপি  সমুজ্জ্বল ভট্টাচাৰ্য্যৰ বিসম্বাদী গ্ৰুপটোৱে আশা এৰি দিয়া নাই । আছুৰ  কেব বিৰোধী আন্দোলনৰ ফলাফল আৰু সংসদত কেব উত্থাপনৰ  পিছত  সকলো দিশ চালিজাৰি চোৱা হ’ব বুলি দিছপুৰৰ পৰা এই গ্ৰুপটোলৈ বাৰ্তা পঠোৱা হৈছে ।

 ১৯৯৯ চনৰ ১২ মাৰ্চত প্ৰকাশিত সাপ্তাহিক ‘ সাদিন’ কাকতৰ প্ৰথম পৃষ্ঠাত বাতৰি এটা প্ৰকাশ পাইছিল  ‘কৃষ্ণগুৰু’ৰ হাতত আছুৰ ৰিম’ট কন্ট্ৰল । তেতিয়া নেতৃত্বত আছিল সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য ।

আগন্তুক সময়ত কেৱ বিৰোধী আন্দোলনৰ ফলশ্ৰুতি আৰু হিমন্ত বিশ্ব শৰ্মাৰ যাদুকৰি অংকৰ  প্ৰভাব আছুৰ ওপৰত নিশ্চিত ভাবেই পৰিব ।