আজমলেৰে মিত্রতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

1554

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এটা ব্যক্তিগত টি.ভি চেনেলত অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত আজমলেৰে হাত মিলোৱাৰ পোষকতা কৰে। এসময়ত “হু ইজ বদৰুদ্দিন ” বুলি কৈ অসমৰ মুলসুতিৰ মানুহৰ সমৰ্থন আদায় কৰা তৰুণ গগৈয়ে পৰিবৰ্তিত ৰাজনৈতিক পৰিবেশত আজমলৰ লগত মিত্রতা কৰাটো একো অস্বাভাবিক নহয়। ৰাজনীতিত শত্ৰুৰ শত্ৰুক সদায় মিত্র বুলি গণ্য কৰা হয়। গগৈ আৰু আজমলৰ দুয়োজনৰে যিহেতু প্ৰধান শত্ৰু  বিজেপি সেয়ে এই মিত্রতা দেখাত খুবেই স্বাভাবিক। কিন্তু প্ৰশ্ন হয় এই মিত্রতাৰ ফলত কোন লাভবান হ’ব? এই মিত্রতাই সকলোতকৈ বেছি লাভ দিব আজমলক। আজমলে হয়টো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ২০-৩০ টা সমষ্টি পাব আৰু ৯০% সমষ্টিত তেওঁলোক জয়ী হ’ব। কিন্তু ইয়াৰ বাবে চিৰকাললৈ অসমত ক্ষতিগ্ৰস্হ হ’ব কংগ্ৰেছ দল। এই দাগ মছিবলৈ  কংগ্ৰেছ দলক বহু বছৰ লাগি যাব। এই চেগতে বিজেপিয়ে অসমত মেৰু বিভাজন কৰিবলৈ সক্ষম হ’ব। ইতিমধ্যে বিজেপিয়ে চ’চিয়েল মিডিয়াত কংগ্ৰেছক ঘেৰাৰ ব্যাপক  পৰিকল্পনা কৰিছে। ফেচবুক -হোৱাটছাপত কংগ্ৰেছ নেতাক আজমলৰ লগত মিত্রতাৰ বাবে কৰিব তীব্ৰ আক্ৰমন।। একেদৰে আজমলক গৃহমন্ত্রী দি বাংলাদেশী অনাৰ চেষ্টা চলিব বুলিও প্ৰচাৰ কৰিব বুলি জনা গৈছে। । কংগ্ৰেছ- অজমলৰ মিত্রতাৰ ফলত হ’বলগীয়া মেৰুকৰণৰ সুফল ভোগ কৰিব বিজেপিয়ে। যেতিয়াই কোনো নিৰ্বাচনত মেৰুকৰণ হয় তেতিয়াই লাভান্নিত হয় বিজেপি।সেয়েহে আজমলৰ লগত মুকলি মিত্রতাতকৈ গোপন মিত্রতা কংগ্ৰেছৰ বাবে লাভজনক। ৰাইজক দেখাকৈ আজমলক গালি পাৰি তলে তলে মিত্রতা কৰিলেহে কংগ্ৰেছৰ কিছু আশা আছে। আসন এৰি দিয়াতকৈ দুৰ্বল প্ৰাৰ্থী দি কংগ্ৰেছে ২০২১ত বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিব পাৰে।