২০২১: আজমল আগবাঢ়িছে

1793

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ক’ৰোনাৰ সন্ত্রাসৰ মাজত ৰাজনীতিৰ কথা বাৰ্তা বেছি চলা নাই। আশা কৰিব পাৰি কেইমাহমানৰ পিছত দেশৰ পৰিস্হিতি স্বাভাবিক হ’ব। তাৰ পিছতেই আৰম্ভ হ’ব অসমৰ ২০২১ নিৰ্বাচনৰ কুচ-কাবাজ। কংগ্ৰেছ দলে ইতিমধ্যে আজমলৰ দলৰ লগত মিত্রতা কৰাৰ ইংগিত দিছে। তেনে হ’লে ৰাজ্যৰ ৰাজনীতিৰ সমীকৰণ সলনি হৈ যাব নেকি? কাৰ আসন বাঢ়িব; কাৰ কমিব? এই প্ৰশ্ন আমি কৰিছিলো যোৱা মাহৰ অ’পিনিয়ন প’লত।
 ৩৯.১% লোকৰ মতে কংগ্ৰেছ-আজমলৰ মিত্রতাৰ ফলত বিজেপিৰ আসনৰ সংখ্যা বাঢ়িব। ৩৪.৮% লোকৰ মতে কংগ্ৰেছৰ লাভ হ’ব। ২৬.১% লোকৰ মতে আজমলৰ এ.আই.ইউ.দি.এফৰ আসন বাঢ়িব।
আমাৰ দ্বিতীয় প্ৰশ্নটো আছিল যে এই মিত্রতাৰ ফলত কোনটো দলৰ আসনৰ সংখ্যা কমিব। আজমলৰ আসনৰ সংখ্যা কমিব বুলি কোনেও নাভাবে। ৫৬.৫% লোকৰ মতে কংগ্ৰেছৰ আসন কমিব আৰু ৪৩.৫% লোকৰ মতে বিজেপিৰ আসনৰ সংখ্যা কমিব।
এই অ’পিনিয়ন প’লৰ পৰা এটা কথা স্পষ্ট যে আজমলৰ দলে মিত্রতাৰ ফলত কোনো আসন হেৰুওৱাৰ সম্ভাবনা নাই। তেওঁলোকৰ আসনৰ সংখ্যা ১২ খন। কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা নকৰাৰ ফলত এই ১২খনত তেওঁলোকৰ জয় নিশ্চিত। ইয়াৰ উপৰিও আশা কৰিব পাৰি যে কংগ্ৰেছে তেওঁলোকক ২০ খন মান আসন এৰি দিব। এই ২০খনৰ সৰহ সংখ্যকত তেওঁলোক জয়ী হ’ব বুলি আশা কৰিব পাৰি। কংগ্ৰেছৰ লগত মিত্রতাই আজমলক এইবাৰ আসনৰ সংখ্যা ২০ৰ ওপৰলৈ লৈ যোৱাত সহায় কৰিব।
আনহাতে কংগ্ৰেছ-বিজেপিৰ মাজৰ ৰণত এই মিত্রতাই উজনি অসমত কংগ্ৰেছক ক্ষতি কৰিব। কংগ্ৰেছে উজনি অসমত হেৰুৱাল পৰা সমষ্টি মাত্র ৬ টা। সেই কেইটা হ’ল ডুমডুমা, নাজিৰা, শিৱসাগৰ,মৰিয়ণি, গোলাঘাট আৰু সৰুপথাৰ। তাৰ ভিতৰতো নাজিৰা আৰু গোলাঘাটত কংগ্ৰেছ যঠেষ্ট শক্তিশালী। নামনি আৰু মধ্য অসমৰ বটদ্ৰবা , হাজো, বৰপেটা, বিলাসীপাৰা পূব, গোলকগঞ্জ আৰু বৰক্ষেত্রী এই মিত্রতাৰ ফলত বিজেপি-অগপৰ হাতৰ পৰা ওলাই যাব পাৰে। বৰাকত এই মিত্রতাই কি প্ৰভাব পেলায় তাক কোৱাটো কঠিন যদিও সোনাই আৰু বৰখোলাত বিজেপি পৰাজয় হোৱাৰ সম্ভাবনাই বেছি। এই দুখন আসনক পুৰ কৰিবলৈ বিজেপিয়ে জোৰ দিব কৰিমগঞ্জ উত্তৰ আৰু লক্ষীপুৰ সমষ্টি দুটাত। বড়োভূমিত এই মিত্রতাই আজমলক দুখনমান অতিৰিক্ত আসন দিব পাৰে। কাৰ্বি আংলত বিজেপিৰ শক্তি অটুট আছে।
মুঠৰ ওপৰত কংগ্ৰেছ -আজমলৰ মিত্ৰতা হ’লে অসমত ধৰ্মীয় মেৰুকৰণ হ’ব। কংগ্ৰেছ আৰু বিজেপিৰ আসনৰ সংখ্যাৰ যে বিশেষ কোনো পৰিবৰ্তন হ’ব সেয়া আমাৰ অ’পিনিয়ন প’ল আৰু বিশ্লেষণৰ পৰা স্পষ্ট। দুয়োটা দলৰ আসন কিছু কমিব পাৰে। আজমলৰ দলৰ আসনৰ সংখ্যা বৃদ্ধি পালে আচৰিত হ’বলগীয়া নাই।