আজমল আয়াত পাঠ কৰা নেতাৰ মুখত ৰাষ্ট্ৰ বন্দনা

1226
  • নৰেণ কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে আঞ্চলিকতাবাদত আকৰ্ষিত হৈ সাহিত্যৰ ৰাজনীতি ত্যাগ কৰি সংসদীয় ৰাজনীতিলৈ আহে । অগপ দলত কিছুদিন থকাৰ পিছতে সাহিত্যৰথী জনক আকৰ্ষিত কৰে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জন্ম দিয়া দল বিজেপিয়ে । নৰেন্দ্ৰ মোদীৰ কাম কাজত আকৰ্ষিত হৈ পৰমানন্দ ৰাজবংশীয়ে গেৰুৱা বসন পিন্ধে । ২৪ ঘন্টা সময় দলক প্ৰদান কৰি দলৰ টিকট পোৱা সাহিত্যৰথী জন নিৰ্বাচনত জয়ী হৈ বিধায়ক হয় ।
ৰূপজ্যোতি কুৰ্মীৰ দৰে ভদ্ৰতাৰ সীমা চেৰাই যোৱা ব্যক্তিজনো বিজেপি লৈ আহিল । অৱশ্যে তেওঁৰ ভদ্ৰ বা অভদ্ৰ কথা কোনেৱে চিৰিয়াচলি নলয় , মিদিয়াৰ কমেডি নায়ক হিচাপেহে তেওঁ বিখ্যাত । এই ক্ষেত্ৰত সুশান্ত বুঢ়াগোহাইৰ স্থান কিছু সুকীয়া । লাষ্ট ৱাট নট লিষ্ট ___প্ৰবল প্ৰতাপী ভু ব্যৱসায়ী আৰু বদৰুদ্দিন আজমলৰ দলৰ নেতা ফনী তালুকদাৰো বিজেপি লৈ আহিব । ফনী তালুকদাৰে পদত্যাগ কৰিলে  ভৱানীপুৰ সমষ্টিত  পুনৰ নিৰ্বাচন হব আৰু সেই নিৰ্বাচনত যদি সমষ্টিটো বিজেপিয়ে দখল কৰে তেন্তে দলৰ বাবে সাফল্যৰ কাৰক ৰূপে বিবেচিত হব । ১৯৯৬ চনত শেষবাৰৰ বাবে অগপ জয়ী হোৱা সমষ্টিটোত বিজেপিৰ জয় হ’ব ঐতিহাসিক । কিন্তু ফনী তালুকদাৰৰ দৰে নেতাই ছমাহ নৌহওতেই সমষ্টিৰ ভোটাৰক বিশ্বাসঘাটকতা কৰাৰ পিছত , বিজেপি দলক ঠগিবলৈ কিমান সময় লাগিব সেইয়া সময়লৈ এৰিলোঁ । মুঠৰ ওপৰত আজমল আয়াত পাঠ কৰা নেতাৰ মুখত শ্যামা প্ৰসাদ মুখাৰ্জী , বাজপায়ী , মোদী বন্দনা শুনিবলৈ ৰাইজে অপেক্ষা কৰি আছে ।