আজমল মুখ্যমন্ত্রী হবনে?

1073

এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কজিত ভূঞা নামৰ মানুহজনে আজমলক মুখ্যমন্ত্রী হব লাগে বুলি কোৱা বাতৰি প্ৰকাশ পালে। লগে লগে খঙত টিঙিৰি-তুলা মানুহজন। তেওঁৰ কথা খিনি হেনো কাটি মাজে মাজে দেখাইছে। তেওঁ হেনো তেনেকৈ কোৱা নাছিল। এটা বাতৰি চেনেলে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছে। নিজৰ চাফাই গাবলৈ ভূঞা উপস্হিত হ’ল বিভিন্ন চেনেলৰ দূৱাৰে দূৱাৰে।
কতনু ভূঞাঃ এজন ভূঞাই যাচিছো আন এজন ভূঞাক প্ৰণাম।
কজিত ভূঞাঃ ভূঞাই হওক বা আজমলে হওক ; মই সকলোকে জনাও প্ৰণাম। শংকৰ আজান ভাই ভাই; ভূঞা আজমল ভাই ভাই।
কতনু ভূঞাঃ আপুনি আজমল মুখ্যমন্ত্রী হ’ব লাগে বুলি কিয় ক’লে?
কজিত ভূঞাঃ অসভ্য কিছুমানে এনেই এইবিলাক দেখাই আছে। কিন্তু আজমল মুখ্যমন্ত্রী হ’লে অসুবিধা ক’ত?
কতনু ভূঞাঃ তাৰমানে আজমল মুখ্যমন্ত্রী হ’লে আপোনাৰ আপত্তি নাই।
কজিত ভূঞাঃ মইটো তেনেকে কোৱা নাই। কিন্তু মুছলমান সকলক লঠিয়াব নালাগে। তেওঁলোকে নিজৰ ভাষা অসমীয়া বুলি কৈছে। আজমল মুখ্যমন্ত্রী হ’লে অসুবিধা কি?
কতনু ভূঞাঃ তাৰমানে আজমল মুখ্যমন্ত্রী হ’লে আপোনাৰ অসুবিধা নাই।
কজিত ভূঞাঃ কথাটো তেনেকুৱা নহয়। তেওঁ আমাতকৈ কম অসমীয়া নহয়। কিয় মাত্র মুছলমান হোৱা বাবে তেওঁক আক্ৰমণ কৰি থাকে? তেওঁ ভাৰতীয় নাগৰিক। মই তেওঁ মুখ্যমন্ত্রী হোৱাৰ পক্ষপাতী নহয়  কিন্তু মই প্ৰশ্ন কৰিব খোজো আমি কিয় তেওঁক মুখ্যমন্ত্রী পাতিব নোৱাৰো।
কতনু ভূঞাঃ বুজিলো যে আপুনি আজমলক মুখ্যমন্ত্রী পাতিব নোখোজে কিন্তু পাতিব নোখোজাসকলক প্ৰশ্নও কৰিব খোজে। আপুনি আজমলক কিয় ইমৰাণ শ্বাহ আৰু আব্দুল মালিকৰ লগত তুলনা কৰিছিল?
কজিত ভূঞাঃ এই বিলাক মিছা কথা। টিভিত মোৰ মাতটো দি কাৰোবাৰ দ্বাৰা দাবিং কৰাইছে। ই এটা মোৰ বিৰূদ্ধে ষড়যন্ত্র।
কতনু ভূঞাঃ তাৰমানে আপুনি আজমলক শ্বাহ বা মালিকৰ সমকক্ষ বুলি নাভাবে।
কজিত ভূঞাঃ মই তেনেকৈ কোৱা নাই। শ্বাহ আছিল অসম সাহিত্য সভাৰ সভাপতি। কিন্তু আজমলো হোজাই সাহিত্য সভাৰ অধিবেশনত সভাপতিৰ কাষৰ চকীতে বহিছে।
কতনু ভূঞাঃ আজমলৰ আৰবী ভাষাৰ বেনাৰকলৈ কি হ’ব?
কজিত ভূঞাঃ এইটো একো ইছুৱেই নহয়। আৰবী ভাষাটো অলপ অধ্যয়ন কৰিব ছোন। ইমান মিঠা ভাষা পৃথিবীৰ কতো বিচাৰি নাপাব।
কতনু ভূঞাঃ এই ঘটনাটোৰ পৰা আপোনাৰ ইমেজ নষ্ট হোৱা নাই যানো?
কজিত ভূঞাঃ এটা নিউজ চেনেলে অহৰহ মোৰ ইমেজ নষ্ট কৰিবলৈ উঠি পৰি লাগিছে। তেওঁলোকে পাহৰি গৈছে সাংবাদিকতাৰ ধৰ্ম।
কতনু ভূঞাঃ তেখেতসকলে আপোনাৰ পৰাই টিউচন লৈছিল নেকি?
কজিত ভূঞাঃ এই ভূঞাই আজিলৈকে কাকো টিউচন দিয়া নাছিল এতিয়া বাধ্যত পৰি বিজেপিক উৎখাত কৰিবলৈ আজমলক টিউচন দিয়া আৰম্ভ কৰিছো।
কতনু ভূঞাঃ আপোনাৰ আজমল প্ৰেমৰ আৰৰ ৰহস্য কি?
কজিত ভূঞাঃ আচলতে ক’ব গলে মই জাতিয়তাবাদ কৰিছিলো। জাতি গঠন কৰিবলৈ গৈ মই সংসাৰ গঠন কৰিবলৈ পাহৰি গলো। বিনিময়ত পালো কি? কি অগপ কি বিজেপি কোনেও মোক মৰম নকৰে। আজমলৰ জহতহে মই দিল্লী দেখা পালো। আজমলক ভাল নেপাই মই কি মোদীক ভাল পাম নেকি?
কতনু ভূঞাঃ ধন্যবাদ ভূঞা দা। আশাকৰো প্ৰতি ৬ বছৰৰ মুৰে মুৰে আপুনি এনেদৰে আজমলৰ মৰমত দিল্লী যাত্রা কৰি থাকক।