আনন্দ মিশ্ৰৰ প্ৰেৰণাৰে আৰম্ভ হওক গৃহ বিভাগৰ সংস্কাৰ

939
  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ধুবুৰীৰ পৰা সদ্য বদলিকৃত SP আনন্দ মিশ্ৰক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা আৱেগিক বাতাবৰণে চচিয়েল মিডিয়াত খলকনি তুলিছে । বৰ্তমান যুগৰ মুখ্য প্ৰচাৰ মাধ্যমত চচিয়েল মিডিয়াত চলা ট্ৰেণ্ডৰ লগত সংগতি তথাকথিত মুলসূতীৰ মিডিয়া গোষ্ঠী সমুহেও আৰক্ষী বিষয়াজনৰ বিষয়ে নিউজ দেখুৱাইছে ।  সততাৰো যে এক সুকীয়া স্থান আৰু মূল্য থাকে,তাক যেন ধুবুৰীবাসী ৰাইজে আমাক সকলোকে আকৌ এবাৰ মনত পেলাই দিলে । ধুবুৰীৰ ৰাইজ  সেইবাবেই আমাৰ ধন্যবাদৰ পাত্ৰ ।  গণতান্ত্ৰীক দেশ এখনত আৰক্ষী স্বতন্ত্ৰ অনুষ্ঠান নহয় । ৰাজ্য চৰকাৰ অধীন ; ৰাজ্য এখনৰ অধীন , একমাত্ৰ দিল্লী আৰক্ষী কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকে ।  আৰক্ষীৰ নিজস্ব নীতি নাথাকে । জনতাৰ দ্বাৰা নিৰ্বাচিত ৰাজনৈতিক দলৰ চৰকাৰ এখনৰ নীতিয়েই আৰক্ষীৰ নীতি । তেনেস্থলত আৰক্ষীৰ কাম কাজৰ জবাৱদাহী হৈছে চৰকাৰ ।
মিডিয়া আৰু ৰাজনৈতিক ব্যক্তি সকলে এইবিলাক সকলো কথা জানে কিন্তু একমাত্ৰ ব্যক্তিগত মুনাফাৰ কাৰণে আৰক্ষীক টাৰ্গেট কৰি লয় । ইয়াৰ ফলত সমাজত বেয়া মেচেজ এটা যায় , ভাল কাম কৰি থকা আৰক্ষী এজনো অপৰাধীৰ সমালোচনা শুনিবলৈ বাধ্য হয় । গুলজাৰ হুছেইন , ভাস্কৰ কলিতাৰ দৰে শ শ জন শ্বহীদ হৈ গ’ল একমাত্ৰ নিজে কৰা চাকৰিটোৰ দায়িত্ব পালন কৰি । চোৰ, ডকাইত ,সন্ত্ৰাসবাদী , আইন ভংগকাৰীৰ বিৰুদ্ধে যিদৰে আৰক্ষীয়ে দায়িত্ব পালন কৰিব লগা হয় , সেই একেখিনি আৰক্ষী মহামাৰী কৰ’নাৰ বিৰুদ্ধেও যুঁজিব লগা হয় ।  আশী বা নব্বৈ দশকত ভাৰতীয় সেনাক অসমৰ একাংশ সংবাদ পত্ৰ আৰু বুদ্ধিজীবীয়ে দখলদাৰী বুলি ঘোষণা কৰি বিদেশী ৰাষ্ট্ৰৰ এজেণ্ডাক সহায় কৰিছিল সেই একেধৰণৰ কাৰ্য্য বৰ্তমান সময়ত একাংশ বুদ্ধিজীবী আৰু ৰাজনীতিবিদে কৰি আছে । দেশৰ অভ্যন্তৰীণ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীক  দুৰ্বল কৰাৰ প্ৰয়াস চলি থাকে । আৰক্ষীৰ দোষ গুনৰ বিচাৰ মিডিয়া  বা নেতাৰ কাৰ্যলয়ত হোৱাতো বন্ধ হ’বনে ?  সংবিধানে দিয়া অধিকাৰ অনুসৰি প্ৰতিখন আৰক্ষী চকী যিহেতু এজন এজন জুদিচিয়েল মেজিষ্ট্ৰেটৰ সন্মুখত জৱাবদাহী সেয়ে কিবা অভিযোগ থাকিলে ন্যায়ালয়ৰ সহায় লোৱা হওক ।
এই ক্ষেত্ৰত চৰকাৰ আৰু আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়া সকলৰো গাফলতি আছে । শিক্ষক , ডাক্তৰ বা এজন কৃষকে যদি কামৰ সময়ত মদ খাই উদভণ্ডালী কৰিব পাৰে তেন্তে সেই একেটা দোষ আৰক্ষীৰ লোক এজনৰ দ্বাৰাও সংগটিত হব পাৰে ।  কলেজ বা বিশ্ব বিদ্যালয়ৰ বিশিষ্ট শিক্ষাবিদ এজনে যদি অধ্যক্ষৰ চকীত বহি ঘোচখোৰ হৈ উঠিব পাৰে তেন্তে এজন আৰক্ষীৰ কাৰণে ঘোচ খোৱাটো জানো আচৰিত ? ছাত্ৰ সংগঠনৰ নেতাই যদি ছাত্ৰ অৱস্থাতে শ কৌটি টকাৰ সম্পত্তি কৰিব পাৰে তেন্তে আৰক্ষীৰ লোক এজনৰ ক্ষেত্ৰতো এই স্বভাব থকাটো একেবাৰেই স্বাভাবিক । ঘোচখোৰ আৰক্ষী বা উদণ্ড আৰক্ষী এজনৰ শাস্তি হোৱাটো নিতান্তই প্ৰয়োজন কিন্তু ঘোচখোৰ আৰক্ষী জনক কৰায়ত্ত কৰিবলৈ একেই আৰক্ষী বিভাগটোৱে লগত মিডিয়াক লৈ যোৱা দৃশ্যই শোভা নাপায় । সেনাৰ দৰে কোৰ্ট মাৰ্চেল হওক কিন্তু মিডিয়া ট্ৰাইল নহওক । কাৰণ মিডিয়া ট্ৰাইলে  আৰক্ষী বিভাগটোকে বদনামি কৰে আৰু লাভ হয় অপৰাধীৰ । আনন্দ মিশ্ৰক  সন্মান আৰু মৰম দিছে ধুবুৰীৰ জনতাই , তেনে ঘটনা ধুবুৰীতেই প্ৰথম হোৱা নাই । আগতেও বহু সময়ত বহু স্থানত ৰাইজে আৰক্ষীৰ বিষয়া বা জোৱান এজনক মৰম দিছিল । এতিয়া যিহেতু চচিয়েল মিডিয়া শক্তিশালী সেয়ে এই ঘটনাটোৰ প্ৰচাৰ অধিক হৈছে । তথাপি ধুবুৰীৰ ঘটনাৰ পৰা চৰকাৰ আৰু খোদ আৰক্ষীৰ বিভাগে শিক্ষা লওক । দায়িত্ব সুচাৰু ৰূপে পালন কৰা আৰক্ষীক ৰাইজৰ মাজত চিনাকী কৰাই দিয়ক আৰু গাফলতি কৰা আৰক্ষীৰ ওপৰত মিডিয়াক ব্যৱহাৰ নকৰি ব্যৱস্থা লওক ।