কালাপানী চেলুলাৰ জেলত হিন্দুবাদ বিৰোধী সাৱৰকৰ

1894
  • পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


৪ জুলাই ১৯১১ চনত পঞ্চাছ বছৰ কাৰাদণ্ডৰে দণ্ডিত হৈ বিনায়ক দামোদৰ সাৱৰকৰ আন্দামানৰ চেলুলাৰ জেলত প্ৰবেশ কৰে । কলিকতাৰ পৰা আঠশ মাইল দুৰত আন্দামান নিকোবৰ দ্বীপপুঞ্জ ।  জেইলৰ ‘ বেৰী ‘ এজন আইৰিছ ; নাৰকীয় পৰিবেশত কয়দীসকলক ৰাখিছিল ।  কালাপানী খ্যাত এই জেলখন আছিল নৰক । বহু কাৰাবন্দীয়ে আত্মহত্যা কৰিছিল , মানসিক আৰু শাৰীৰিক অত্যাচাৰত । এইখন জেলতেই আছিল অসমৰ বাহাদুৰ গাওঁবুঢ়া । এজন খিলঞ্জীয়া অসমীয়া মুছলমান বাহাদিল আছিল এখেতৰ আচল নাম । তিতাবৰৰ বাহাদুৰ গাওঁবুঢ়া আছিল মনিৰাম দেৱানৰ সংগী । স্বাধীনতা সংগ্ৰামৰ প্ৰথম যুদ্ধ চিপাহী বিদ্ৰোহত অংশ গ্ৰহণ কৰা অপৰাধত বাহাদুৰ গাওঁবুঢ়াক ইংৰাজে চেলুলাৰ জেলত যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল । ২০১৪ চনৰ জুলাই মাহত এইখন জেল দৰ্শন কৰাৰ সুবিধা হৈছিল । কাৰাবন্দীসকলৰ নাম সমুহ বেৰত সজায় থোৱা আছে । অসমৰ কাৰাবন্দীৰ ফলক খনত প্ৰত্যক্ষ কৰিছিলোঁ বহু কেইজন অসমীয়াৰ নাম ।  অসমৰ কাৰাবন্দী সকলৰ ভিতৰত  আছিল ফৰমুদ আলি ,  বিনয় লষ্কৰ , গোপেন ৰয় , দন্দীৰাম বৰুৱা , মধু মল্লিক ।  জেইলত সাৱৰকৰক ৰাখিছিল তৃতীয় মহলাৰ এটা পৃথক কোঠাত । দুজন প্ৰহৰী( ৱাৰ্দাৰ ) এ তেওঁক দুয়োখন হাতত খামুচি কোঠাত সোমাই দিয়ে । প্ৰহৰী বিলাকৰ সৰহ সংখ্যক আছিল ৭-৮ বছৰ জেলত থকা কয়দী । সাৱৰকৰে লক্ষ্য কৰিলে যে জেলৰ প্ৰায় ৯০ % প্ৰহৰী  মুছলমান সম্প্ৰদায়ৰ । প্ৰায় কিছুদিন থকাৰ পিছত জেলৰ ভিতৰত কিছুমান আচহুৱা কথা লক্ষ্য কৰিলে । বিশেষকৈ কম বয়সৰ কয়দী কিছুমানে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰা দেখা পালে ।জেলৰ মুছলমান প্ৰহৰী বিলাক আছিল জেইলৰৰ অত্যন্ত বিশ্বাসী ।  হিন্দু কয়দীৰ ভাগত অধিক কামৰ দায়িত্ব দিছিল আৰু কয়দীখিনিক অত্যাচাৰ কৰিছিল । এনেকুৱা অত্যাচাৰ সহ্য কৰিব নোৱাৰি বহু কয়দীয়ে আত্মহত্যাৰ পথ বাচি লৈছিল । ইয়াৰ মাজতে   পাঠান প্ৰহৰীয়ে হিন্দু কয়দীক প্ৰতিশ্ৰুতি দিছিল যে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে অত্যাচাৰৰ পৰা মুক্তি দিব । সেই মৰ্মে  মৃত্যু ভয়ত বহু কয়দীয়ে ধৰ্ম সলনি কৰিছিল ।  সাৱৰকৰে লক্ষ্য কৰিলে জেলৰ ৰেজিষ্টাৰ বহীত  কয়দীবিলাকৰ পৰিচয় লিখা আছিল পঞ্জাবী , বঙালী , বিহাৰী , তামিল , মুছলমান , খ্ৰীষ্টান এনেকৈ । একাংশৰ পৰিচয় আছিল ধৰ্ম ভিত্তিক আৰু আন একাংশৰ পৰিচয় আছিল জাত – পাত আৰু ভাষীক । আচৰিত কথাটো আছিল হিন্দু ধৰ্মৰ কয়দীৰ পৰিচয় বিলাকহে জাত – পাতৰ ভিত্তিত আছিল । এনেকুৱা এক সুপৰিকল্পিত ধৰ্মান্তৰকৰণক বাধা দিয়াৰ প্ৰথম হেঙাৰ আছিল স্বয়ং হিন্দু কয়দী খিনি ।  এইসকলে হিন্দু বুলি পৰিচয় দিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল ।  হিন্দু শব্দটো তেওঁলোকৰ কাৰণে মৰ্য্যাদা হানিকাৰক আছিল । নিজা নিজা জাত আৰু গোষ্ঠীৰ পৰিচয় আছিল গৌৰৱৰ বিষয়বস্তু । তেওঁ সকলো হিন্দু কয়দীৰ লগত আলোচনা কৰি সিদ্ধান্ত কৰে যে সকলোৱে হিন্দু বুলি ৰেজিষ্টাৰত লিখিব আৰু ব্ৰেকেটত নিজৰ নিজৰ সম্প্ৰদায় উল্লেখ কৰিব । সাৱৰকৰে ক’য় , ”  এই প্ৰক্ৰিয়াটোৰ পৰা জনাত সুবিধা হ’ব যে  কিমানজন মানুহে ধৰ্ম সলনি কৰিছে “
দুই বছৰ গোটেই গতি বিধি  লক্ষ কৰি থকাৰ পিছত প্ৰথম বলপুৰ্বক ধৰ্মান্তৰকৰণৰ অফিচিয়েল অভিযোগ জেল কৰ্তৃপক্ষক জমা দিয়ে । জেইল কৰ্তৃপক্ষই  গুৰুত্ব নিদিলে । জেইল চুপাৰ্ভাইজাৰ মিৰজা খানে সাৱৰকৰক ক’য় , ‘ ধৰ্মান্তৰকৰণ বিষয়টোত লাগি কি পাবা ইয়াত , ইমানেই যদি অসুবিধা হৈছে তেন্তে ইছলাম গ্ৰহণ কৰি লোৱা । ” এই কথাষাৰে সাৱকৰকৰক মনত নতুন ভাবৰ জন্ম দিলে । নিজকে প্ৰশ্ন কৰিলে , ” মই কোন ? মোৰ পৰিচয় কি ? মই যদি ইছলাম ধৰ্মলৈ ধৰ্মান্তৰ হওঁ , তেন্তে মোৰ আগৰ ধৰ্ম কি হয় ? ” এইবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি থাকোতেই স্বাধীনতা সেনানী এজনে নিজকে আবিষ্কাৰ কৰিলে এজন হিন্দু ধৰ্ম সংস্কাৰক হিচাপে । সাৱৰকৰৰ চকুত পৰে এজন ইছলাম ধৰ্ম গ্ৰহণ কৰা কিশোৰৰ ওপৰত । মানসিক আৰু যৌন নিৰ্যাতনৰ বলি হৈ ধৰ্ম পৰিৱৰ্তন কৰা যুবকজনক অভয় বানী প্ৰদান কৰি পুনৰ হিন্দুলৈ ঘুৰাই আনে । এই ঘটনাটোক জেইল কৰ্তৃপক্ষই সহজ ভাবে লোৱা নাছিল , কিন্তু সাৱৰকৰক প্ৰতিবাদ কৰাৰ উপায় নাছিল ।  ডাঙৰ সমস্যাটো আহিছিল বাকী  হিন্দু কয়দীৰ পৰা । কাৰণ এইসকলে কিশোৰজনক আকোৱালী লোৱা নাছিল । একেলগে খাবলৈ , বহিবলৈ অমান্তি হৈছিল । কাৰণ তেওঁলোকৰ মতে এবাৰ ইছলাম গ্ৰহণ কৰাৰ পিছত কিশোৰজন অস্পৃশ্য হৈ গৈছিল । সাৱৰকৰে বুজাবলৈ চেষ্টা কৰি যেতিয়া সফল হোৱা নাছিল , তেতিয়া উপায় এটা উদ্ভাৱন কৰিলে ।
 ” আহাৰ খোৱাৰ সময়ত মই ল’ৰা জনৰ ওচৰত বহিম আৰু মোৰ ওচৰত বাকী সকল বহিব ” , এই বুলি মান্তি কৰায় ।
ইয়াৰ পিছত সাৱৰকৰে কেইজনমান ধাৰ্মিক হিন্দু  কয়দীক চিনাক্ত কৰে । যিসকল ৰাজনৈতিক বন্দী নাছিল ।  বিভিন্ন অপৰাধ জনীত কাৰণত জেলত আছিল এইসকল । এইকেইজন বন্দীৰ সহায়ত দুজন প্ৰাক্তন হিন্দু কয়দীক ইছলামৰ পৰা পুনৰ হিন্দুলৈ ঘুৰায় অনাৰ বাবে ব্যৱস্থা লোৱা হয় । পুনৰ হিন্দুলৈ ঘুৰায় অনা দিনটোত উৎসৱৰ আয়োজনৰ প্ৰস্তুতি চলায় । এইবাৰো বাকী হিন্দু বন্দীসকলে সাৱৰকৰক তীব্ৰ সমালোচনা কৰে । অপৰাধী কয়দীক ধৰ্মীয় কামত সংযুক্ত কৰা বিষয়টোক বাকী হিন্দুসকলে প্ৰতিবাদ কৰিলে । কিন্তু সাৱৰকৰে পতিয়ন নিয়াবলৈ সক্ষম হয় যে অপৰাধী হ’লেও তেওঁলোক সহজ – সৰল মনৰ । লাহে লাহে এইকেইজনেই মিছনেৰীৰ ভুমিকা গ্ৰহণ কৰে আৰু কম সময়ৰ ভিতৰত বহু ধৰ্মান্তৰিত হিন্দু কয়দীক পুনৰ হিন্দুলৈ ঘুৰায় আনে । খুব কম সময়ৰ ভিতৰত এই আন্দোলনত বহু কেইজন কয়দীয়ে স্বইচ্ছাই অংশগ্ৰহণ কৰে আৰু গোটেই ধৰ্মান্তৰিত হিন্দুসকলক পুনৰ হিন্দুলৈ ঘুৰায় অনা কাম সম্পন্ন কৰে । চেলুলাৰ জেইলৰ এই বিলাক ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে জেল কৰ্তৃপক্ষই জাননী জাৰি কৰিবলৈ বাধ্য হয়  আৰু জেলৰ ভিতৰত সকলো প্ৰকাৰ ধৰ্মান্তৰ কাৰ্য্যসূচীক নিষিদ্ধ ঘোষণা কৰে ।
জেলৰ ভিতৰত চলি থকা ধৰ্মান্তৰকৰণত অকল জেল কৰ্তৃপক্ষৰ অৱদানতে সীমিত নাছিল । এই ক্ষেত্ৰত হিন্দুৰ মাজত চলি থকা প্ৰথা কিছুমানো দায়ী আছিল । বিশেষকৈ উচ্চ জাত বুলি দাবী কৰা হিন্দুসকল এই প্ৰথাৰ স্বীকাৰ বেছিকৈ হৈছিল । কাৰণ হিন্দু কয়দীয়ে খোৱা খাদ্যৰ বাচনখন মুছলমান বা খ্ৰীষ্টান এজনে স্পৰ্শ কৰিলে  সেই খাদ্য গ্ৰহণ কৰা নাছিল আৰু কোনোবাই যদি সেই খাদ্য গ্ৰহণ কৰে তেন্তে সেই কয়দীজন মুছলমান হৈ যোৱা বুলি ধৰি লোৱা হৈছিল । ইয়াৰ ফলশ্ৰুতিত বাধ্যত পৰি কয়দীজনে মুছলমান বা খ্ৰীষ্টানৰ কাষ চাপিছিল । এনেকুৱা ঘটনাৰ ফলটো বহুজন কয়দীয়ে আন ধৰ্ম গ্ৰহণ কৰিছিল । কিন্তু সাৱৰকৰে এই কু- প্ৰথাক বিৰোধ কৰিছিল আৰু তেওঁ কৈছিল যে , ” হিন্দু এজনে যি খাদ্যকে স্পৰ্শ কৰে সেই খাদ্য হিন্দুৰ হৈ যায় । কাৰণ হিন্দু আনসকলতকৈ শ্ৰেষ্ঠ । ”  যিকোনো উপায় অৱলম্বণ কৰি হ’লেও ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াক বাধা দিছিল । সাৱৰকৰে কৈছিল , ” ধৰ্ম শিক্ষাৰ  লগত দেশ প্ৰেম জড়িত থাকে ।  হিন্দুৱে   কোনো এটা পন্থা বা এটা নিৰ্দিষ্ট  বাদক প্ৰতিনিধিত্ব নকৰে ।” হিন্দুবাদ বা হিন্দুইজিম শব্দক নস্যাৎ কৰি তেওঁ হিন্দুত্ব শব্দৰ ব্যৱহাৰৰ ওপৰত  গুৰুত্ব প্ৰদান কৰিছিল ।
আন্দামানৰ চেলুলাৰ জেলৰ এই সামাজিক আৰু ধৰ্মীয় আন্দোলনক নাম দিয়া হৈছিল ‘শুদ্ধি আন্দোলন ‘ ।
বৃটিছে ব্যৱহাৰ কৰা ‘ হিন্দুইজম ‘শব্দৰ ন্যায্যতা খণ্ডণ কৰি গোটেই বিশ্বক চিনাকী কৰি দিছিল ‘ হিন্দুত্ব ‘ ৰ দৰ্শনৰ সৈতে  ।

 প্ৰসংগ পুথি সমুহ :

HINDUTVA : Author Vinayak Damodar Savarkar

BRAVEHEART SAVARKAR : Author Ashutosh Deshmukh

HINDU RASHTRA : Author Vinayak Damodar Savarkar