-
জুলা শৰ্মা (নতুন দিল্লী)
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
কেইজন মান সন্মানীয় ব্যক্তিলৈ মোৰ উত্তৰ
আন্দোলনৰ পক্ষপাতী মই একেবাৰে নহও । পঞ্চম শ্ৰেণীত পঢ়াৰ পৰাই আন্দোলন কৰিলো । কত কিমান আন্দোলন ।আবেগত গোটেই অসম বহু বাৰ জ্বলিলে ।
সেয়া ১৯৭৫ চনৰ এপ্ৰিল মাহ , প্ৰি ডিগ্ৰী (বৰ্তমানৰ হায়াৰ চেকেণ্ডাৰী) পৰীক্ষা দিবৰ বাবে সাজু। অসম জুৰি কলেজ শিক্ষকৰ অসহযোগ আৰম্ভ হ’ল । আমাৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ পিচুৱাই গ’ল ।
জুন মাহৰ তৃতীয় সপ্তাহৰ পৰা পৰীক্ষা পুণৰ পতাৰ ঘোষণা কৰিলে অসম চৰকাৰে। কলেজ শিক্ষকৰ আন্দোলনক সদৌ অসম ছাত্ৰ সন্থা ই সমৰ্থন জনালে । গুৱাহাটী আৰু যোৰহাটত ছাত্ৰ সন্থা বিশেষ সক্ৰিয় হৈ পৰিল। চৰকাৰে বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সহায়ত পৰীক্ষা পাতিবলৈ সাজু ।
তেতিয়া যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰী আছিলো । নিৰ্দিষ্ট দিনত পৰীক্ষা দিবলৈ গ’লো। কলেজ পোৱাৰ আগতে সদৌ অসম ছাত্ৰ সন্থাৰ কিছু সংখ্যক ছাত্ৰই আমাক বাধা দিলো । আমি কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিলো । আন কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক পুলিচ সোমোৱাত সহায় কৰিলে ।
শিক্ষকৰ আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থনত প্ৰথম এটা শিক্ষাৰ বছৰ নষ্ট হ’ল । শিক্ষকে বিচৰা সকলো সুবিধা পালে কিন্তু আমাৰ যে এটা বছৰ নষ্ট হ’ল তাৰ কোনো বিচাৰ নহ’ল ।
আকৌ ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা বিদেশী খেদা আন্দোলন আৰম্ভ হ’ল । তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। আন্দোলনত সক্ৰিয় হৈ পৰিছিলো কিয়নো অসমৰ পৰা যি কোনো উপায়েৰে বিদেশী খেদিব লাগিব। ছয় বছৰীয়া অসম আন্দোলনৰ বাবে দুবছৰৰ স্নাতকোত্তৰ শিক্ষা চাৰিবছৰৰ হ’ল গৈ ।
আন্দোলনৰ নেতা সকলে মানুহৰ ঘৰে ঘৰে থাকি ভি আই পি আতিথ্য লৈ ৰিমোট কন্ট্ৰলেৰে আন্দোলন চলাই গ’ল ।
শিক্ষাৰ আকৌ দুটা বৰ্ষ নষ্ট হৈ গৈছিল যদিও বেক ডেটত চাৰ্টিফিকেট দি এটা বছৰ কমাই কাগজে পত্ৰই এটা বছৰ নষ্ট হোৱা দেখুৱালে।
আন্দোলনৰ গুৰি ধৰোতা সকলে চৰকাৰৰ লগত অসম চুক্তি স্বাক্ষৰ কৰি সক্ৰিয় ৰাজনীতিত নামি মন্ত্ৰী / বিধায়ক হ’ল । আমি কি পালো?? দুটা বছৰ নষ্ট হ’ল ।
১৯৭৮ চনৰ পৰা ১৯৮১ চনলৈকে অসমৰ তেতিয়াৰ প্ৰাণ কেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ত থকাৰ বাবে বহুত কথাৰ উত্থান ভালদৰে চোৱাৰ আৰু বুজাৰ সুবিধা পালো।
আন্দোলনৰ নেতা য়ে দুবাৰকৈ চৰকাৰ গঠন কৰিলে । যি বিদেশী খেদাৰ নামত আন্দোলনৰ হ’ল তাৰ কোনো সমাধান নহ’ল। ১৯৮৭-১৯৮৯ চনত যেতিয়া বাংলাদেশী অধ্যুষিত অঞ্চলত বিদেশীক মাটিৰ মালিক কৰা হ’ল (বিশেষ সুবিধা লৈ) কাৰো চাবৰ সময় নহ’ল।
ষাঠিৰ ডেওনা পাৰ হোৱাৰ পাচত এৰি অহা দিন বিলাক যদি ঘূৰি চাও–দেখিছো বহুত ভূল হৈ গ’ল ।
মাজে মাজে ভাব হয় আগৰ চৰকাৰ বিলাকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিষয় বিলাক উপস্থাপন কৰিব নোৱাৰাৰ বাবেই আন্দোলন কৰিব লগীয়া হৈছিল। কিন্তু আজিৰ দিনত বহুত কথাই সলনি হ’ল । চৰকাৰৰ লগত আলোচনা সহজ হৈছে, চৰকাৰী প্ৰতিনিধিয়ে বিষয় বিলাক সহজে বুজিব পাৰে । তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে (অসমীয়া মাধ্যমৰ) শ্ৰেণীত উপস্থিতিৰ পৰা বিৰত থকাৰ কোনো অৰ্থ নাই। তাৰ সলনি সুস্থিৰ পৰিবেশ অনাহে আৱশ্যক।
আজিৰ যুগ ছছিয়েল মিডিয়াৰ যুগ । ছাত্ৰ ছাত্ৰীৰ শিক্ষাত ব্যাঘাত নোহোৱাকৈ ছছিয়েল মিডিয়াৰ জৰিয়তে জানো কোনো বিষয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাযায় জানো ?