আপোনাৰ কথা শুনিবলৈ আৰু মন নাই

721
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


আপোনাৰ বাতৰি পঢ়া ষ্টাইলটো আমাৰ খুব প্ৰিয়। গহীন, গম্ভীৰ,শব্দৰ উচ্চাৰণো খুৱ স্পষ্ট। আপোনাৰ টক শ্বো বিলাকো চাই ভাল লাগে। বিভিন্ন সময়ত আপুনি সীমা চেৰাই ব্যক্তিগত আক্ৰমনো কৰিছে। সাংবাদিকতাৰ ধৰ্ম পাহৰি মানুহক নীতি শিক্ষা দিয়া কামতো আপুনি ব্ৰতী হৈছিল। তথাপিতো আপুনিয়ে মোৰ সকলোতকৈ প্ৰিয় সাংবাদিক আছিল। ২০২১ৰত মুখ্যমন্ত্রী মুখ্যমন্ত্রী নিৰ্বাচনৰ সময়ত এজন ব্যক্তিক সমৰ্থন কৰিবলৈ গৈ আপুনি উচ্চ বৰ্ণৰ মানুহক হেয় কৰিবলৈ চেষ্টা কৰিছিল। জনজাতি সকলক উত্তেজিত কৰি অসমত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছিল। তথাপিতো আপোনাক ক্ষমা কৰিছিলো। ভাবিছিলো নিজৰ চাকৰিটো বচাবলৈ এই কাম কৰিছে। ইমানবোৰ চেনেল থকাৰ পিছতো সদায় গধুলি ৬ বজাত আপুনি পৰিবেশন কৰা বাতৰি চাবলৈ ৰৈ থাকো। আপোনাক খুব সন্মানো কৰিছিলো। ‘কৰিছিলো’,  এতিয়া অবশ্যে নকৰো। আপুনি আপোনাৰ নিজৰ সৰু মৰমলগা ছোৱালীজনীৰে আপোন হ’ব নোৱাৰিলে! আপোনাক কোনে সন্মান কৰিব? আপুনি হেনো গুৱাহাটীত আহি কৌটি কৌটি টকাৰ সম্পত্তি কৰিলে। আপোনাৰ পত্নীয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰত আপোনাৰ বক্তব্য মন দি শুনিলো। পিছে বিশ্বাসহে নহ’ল। আপোনাৰ সমান দৰমহা পোৱা লোক অসমত বহুত আছে পিছে ইমান ধন সম্পত্তিহে নাই। ধন সম্পত্তিৰ কথা বাদ দিলো।  আপুনি হেনো আপোনাৰ বয়সতকৈ বহু সৰু ছোৱালী এজনীক বিয়া কৰাব? এইটো আপোনাৰ ব্যক্তিগত কথা কিন্তু জুবিনকতো আপুনি ব্যতিব্যস্ত কৰিছিল।  আপুনি সুধিছিল_সন্তান জন্ম দিয়া নাই কিয় বুলি? আচলতে ষ্টাৰ সকলৰ ব্যক্তিগত বুলি একো নাই। আপুনিও অসমৰ এটা সৰু সুৰা ষ্টাৰে আছিল। আপোনাকো ৰাইজে এতিয়া প্ৰশ্ন সুধিব আৰু আপুনি উত্তৰ দিব লাগিব। আপোনাৰ ইমান লেই লেই চেই চেই হোৱাৰ পিছতো আপুনি কিন্তু টিভিত আহিয়েই আছে। সাহসটো কিন্তু মানিব লাগিব। আমাৰ কিন্তু আপোনাৰ কথা শুনিবলৈ এতিয়া অকনো ভাল নালাগে। আপোনাক দেখিলেই কণমাণি ছোৱালীজনীৰ কথা মনত পৰে। কিমান দুখ পাইছে তাই। টিভিত লেকচাৰ মাৰি থকাতকৈ গংগাত গৈ স্নান কৰি পাৰে যদি নিজৰ পাপবোৰ মোচন কৰাৰ চেষ্টা কৰক। তাৰ পিছত আহি নিজৰ ছোৱালীজনীক ক্ষমা খোজক। তাইক দুখ দি আপুনিও জীৱনত সুখী হ’ব নোৱাৰে। ৰাইজেও এই মুখা পিন্ধা সাংবাদিকজনক বৰ্জন কৰিব লাগে। আমি ভাবো ইমানৰ পিছত তেওঁৰ টক শ্বো চোৱা বা তেওঁক সভা-সমিতিয়ে নিমন্ত্রন কৰা মনুহৰ সংখ্যা বহু গুণে কমিব।