আমি আছিলো মাষ্টৰ , আপুনি বনালে ড্ৰাইভাৰ …..

3045
শ্মশানযাত্ৰা আৰম্ভ হোৱাৰ বহু বছৰেই হ’ল । আগতে যদি ৰাজহুৱা শিক্ষা ব্যৱস্থাটো হস্পিতালৰ ইমাৰজেন্সিত আছিল , এতিয়া গোটেই অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাটো আইচিউৰ পৰা ভেন্টিলেটৰ পালে । হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত বেমাৰ  আৰম্ভ হৈছিল আৰু প্ৰফুল্ল মহন্তৰ চৰকাৰৰ সময়ত একেবাৰে মাল্টি অৰ্গেন ফেইল’ৰ  হৈছিল শিক্ষা
ব্যৱস্থাত । চৰকাৰ সলনি হৈ গৈ আছে , মন্ত্ৰী সলনি হৈ গৈ আছে কিন্তু ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৰ ওপৰত সুদুৰপ্ৰসাৰী প্ৰভাব পৰা দেখা নগ’ল । তৰুণ গগৈ চৰকাৰৰ দিনত সেইসময়ৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত টেট পৰীক্ষাৰে শিক্ষক বাচনি হ’ল ; ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হ’ল । নিয়োগৰ সুবিধা বৃদ্ধি পালে । ২০১৬ ত বিজেপি চৰকাৰ হ’ল । একেজন ব্যক্তিৰ হাতত শিক্ষা বিভাগ থকাটো ৰাইজে বিচাৰিছিল আৰু সেইমতেই হিমন্ত বিশ্ব পুনৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হয় । আকৌ টেট , গুণোৎসৱ , স্কুল পৰিচালনা সমিটি গঠন , আন্ত : গাঠনি উন্নয়ন আৰম্ভ হ’ল । কিন্তু মুল বিষয়টো অপৰিবৰ্তীত হৈ থাকিল । চৰকাৰী অসমীয়া মাধ্যমৰ স্কুলত ছাত্ৰ- ছাত্ৰী দিনক দিনে কমিবলৈ ধৰিলে । প্ৰতিদিনে বাতৰি কাকতত স্কুল বন্ধ হোৱাৰ খৱৰ আহে । একোখন প্ৰাথমিক স্কুল  দুজনীয়া শিক্ষকে চলাব লগা ঘটনা সুলভ হৈয়ে থাকিল । ৫ টা শ্ৰেণীৰ  বিপৰীতে দুজন শিক্ষক ।
হিমন্ত বিশ্ব শৰ্মাই কিছু আশাৰ সঞ্চাৰ কৰি  বাজেটত অজস্ৰ আচঁনি ঘোষণাৰ দ্বাৰা মানুহৰ মন জয় কৰিছিল যদিও  আধাতেই শিক্ষা বিভাগৰ পৰা আতৰি যায় । যদিও মন্ত্ৰীৰ  দায়িত্ব ভগোৱা কাম সম্পুৰ্ণ মুখ্যমন্ত্ৰীৰ ক্ষমতাধীন তৎস্বত্তেও হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্বৰ বিনা অনুমতিত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক নতুন দায়িত্ব দিয়া বুলি সচেতন বৌদ্ধিক সমাজে বিশ্বাস কৰিব পৰা নাই । তেন্তে কিয় হিমন্ত বিশ্ব শৰ্মাই এটা গ্লেমাৰাচ আৰু বহু কাম কৰিব লগা বিভাগ এটাৰ পৰা নিজক আতৰাই নিলে ?  পাব্লিক – প্ৰাইভেট পাৰ্টনাৰচিপ , নিৰ্বাচিত চৰকাৰী বিদ্যালয়ক ইংৰাজী  মাধ্যম প্ৰবৰ্তন কৰা ইত্যাদি অজস্ৰ আচঁনিক ছাত্ৰ সংগঠনে বিৰোধ কৰিলে । হিমন্ত বিশ্ব উপায়হীন হৈ বাদ দিলে বুলিও ভবাৰ থল নথকা নহয় । শিক্ষকে প্ৰায়ে অভিযোগ কৰে শিক্ষা বিভাগৰ কিছুমান ঘোচখোৰ কৰ্মচাৰীৰ বিৰুদ্ধে । কিন্তু  স্কুল এখনৰ স্বয়ং কেৰাণীজনেই যেতিয়া একোটা চাৰ্ভিচ বুক বনাই দিয়াৰ নামত সহ শিক্ষকৰ  পৰা পইচা  লয় , পেঞ্চনৰ সময়ত নিজৰ স্কুলৰ কেৰাণীজনেই যেতিয়া ঘোচ লয় তেন্তে স্কুলৰ পৰিবেষ মন্ত্ৰীয়ে থিক কৰিব পাৰিব নে ওপৰৱালাই থিক কৰিব পাৰিব ? হিমন্ত বিশ্ব গ’ল সিদ্ধাৰ্থ আহিল । সাধাৰণ ৰাইজে দুখ প্ৰকাশ কৰিলে আৰু বিষয়া বা প্ৰধান শিক্ষকসমুহে স্ফুৰ্তী পালে ।
সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই গুৰু দক্ষিণা পালে কিন্তু গুৰু দক্ষিণাৰ ভৰ হয়তো সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সহ্য কৰিব পৰা নাই । শিক্ষক আৰু মন্ত্ৰীৰ সম্পৰ্কত ব্যঘাত জন্মিল । শিক্ষামন্ত্ৰীৰ কথাত শিক্ষকে দাম্ভিকতা বিচাৰি পালে । শিক্ষক নাৰাজ আৰু আনফালে বিষয়া নিয়ন্ত্ৰণৰ বাহিৰত । টেট শিক্ষক , ঠিকাভিত্তিক শিক্ষক নিয়মীয়া নহ’ল , বৰঞ্চ প্ৰতিদিন এক অনিশ্চয় ভৱিষ্যতৰ লগত সংগ্ৰাম কৰিব লগা হ’ল । শিক্ষকে ড্ৰাইভাৰ বুলি চচিয়েল মিডিয়াত পৰিচয় দিলে । তথাপি চৰকাৰ নিমাত ।  অকল অসম চৰকাৰখনেই ৰাজহুৱা শিক্ষাব্যৱস্থাটোক গুৰুত্বহীন কৰিব বিচাৰিছে নেকি ? উত্তৰত ক’ব লাগিব নহয় । কাৰণ ভাৰতৰ আন অান প্ৰভাবশালী ৰাজ্যবিলাক আজিৰ পৰা ২০-৩০  বছৰ আগতেই এই পৰ্য্যায় এটাত উপনিত হৈ এতিয়া সেইবিলাক ৰাজ্যৰ  শিক্ষাখণ্ড  সম্পুৰ্ণ ব্যক্তিগত খণ্ডৰ অধীনত হৈ গৈছে । অসমত ইয়াৰ প্ৰভাব পলম কৈ পৰাৰ কাৰণ হ’ল অসমত নগৰীয়া সভ্যতাৰ ক্ষিপ্ৰ বিকাশ যোৱা ১৪-১৫ বছৰত হে হৈছে ।  চৰকাৰী শিক্ষা ব্যৱস্থাক আজিৰ চেমী কেপিটেলিষ্ট চৰকাৰে বিশেষ মনোযোগ নিদিয়ে । কাৰণ চৰকাৰী শিক্ষাখণ্ডত হোৱা বিনিয়োগৰ প্ৰত্যক্ষ আয় নাই । বহু সময়ত মন্ত্ৰীসকলে প্ৰশ্ন  কৰে যে ১০ জন শিক্ষক থকা স্কুল এখনত ১০ জন পৰীক্ষাৰ্থী কিয় উত্তীৰ্ণ নহয় ? দৰমহাৰ হিচাপ এটা দিয়া সংবাদ মেল অসমৰ ৰাইজে বহুবাৰ দেখিছে । প্ৰাক্তণ শিক্ষামন্ত্ৰী জনেও এইক্ষেত্ৰত পিছ পৰি থকা নাছিল । বিৰোধীয়ে প্ৰশ্ন নকৰে আৰু নিবনুৱাই হাত চাপৰি মাৰে । কিন্তু বিৰোধীয়ে চৰকাৰক জানো প্ৰশ্ন কৰিছে যে __ মন্ত্ৰীয়ে পদত্যাগ কৰাৰ পিছতো বা সমৰ্থন প্ৰত্যাহাৰ কৰি অফিচ ত্যাগ কৰা স্বত্তেও কিয় দৰমহা পায় থাকে ? সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই লাইচেন্স এক্সপেৰী হোৱা কথা কৈছে , তেন্তে এজন মন্ত্ৰী বা বিধায়ক পিছৰ নিৰ্বাচনত পৰাজিত হ’লে তেওঁ পেঞ্চন কিয় পায় থাকিব লাগে ? চাকৰিৰ পৰা বৰ্খাষ্ট হোৱা চাকৰিয়াল এজনে যদি পেঞ্চন নেপায় তেন্তে ভোটাৰে বৰ্খাষ্ট কৰা বিধায়ক এজনে কিয় পেঞ্চন পায় ?  শিক্ষকৰ দৰমহাৰ লগত ছাত্ৰ – ছাত্ৰীৰ উত্তীৰ্ণৰ অংক কৰা হয় , ৰাজকোষৰ ধন খৰচৰ হিচাপ দিয়া হয় চৰকাৰৰ মন্ত্ৰী বিধায়কৰ তৰফৰ পৰা । কিন্তু একোটা বিভাগত মন্ত্ৰী আমোলা থকা স্বত্তেও সংসদীয় সচিব বোলা পদটোৰ কি প্ৰয়োজন আছে ? তেওঁ জানো ৰাইজৰ টেক্সৰ  পৰা দৰমহা লোৱা নাই ? শিক্ষকৰ দৰমহাৰ হিচাপ লয় কিন্তু  ইংৰাজী ক’ব নজনা মন্ত্ৰী বা সংসদীয় সচিবে আমেৰিকা – ৰাছিয়া ভ্ৰমণ কৰি সেইবিলাক ঠাইত যেতিয়া বিশেষ আলোচনাত ভাগ লোৱা ফটো ফেচবুকত চেয়াৰ কৰে তেতিয়া  ৰাজকোষৰ ধন জানো খৰছ নহয় ?
অসমৰ ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় এতিয়া অভিমন্যু  বধ হোৱাদি বধ হ’ব নেকি ? চৰকাৰে গুৰুত্ব নিদিয়ে কিন্তু ছাত্ৰ সংগঠন , সামাজিক সংগঠন আদিয়ে অতি গুৰুত্ব দিয়ে চৰকাৰী স্কুলৰ ছাত্ৰ – ছাত্ৰীখিনিক । কেব বিৰোধ কৰা সমদলত সংখ্যা বৃদ্ধিৰ কাৰণে এই ছাত্ৰক উলিয়াই অনা হয়  , গাওঁৰ পুজা , বাৰ্ষিক উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত এই ছাত্ৰই আগত থিয় দিয়ে , ভ্ৰাম্যমান থিয়েটাৰ বচাব লাগিব চৰাকৰী স্কুল আৰু চৰকাৰী স্কুলৰ ছাত্ৰই । শ্ৰেণীকোঠাত নৃত্য – নাটিকা , পোহৰ , দ্বাৰপাল , চাইদ হিৰো , চাইদ হিৰোইন কাৰণে এৰি দিব লাগিব । থিয়েটাৰ শেষ । দুৰ্গন্ধৰ কাৰণে আৰু দুইদিন ক্লাচ বন্ধ ।
থিয়েটাৰ আমন্ত্ৰণ গোষ্ঠীৰ সভাপতিৰ নাতিয়েক প্ৰাইভেট স্কুল এখনৰ প্লে – নাৰ্চাৰীত পঢ়ে , সম্পাদকৰ পুতেক আজিকালিৰ এনপিএছ , এল এফ এছ , ডিপিএচ আদিৰ কোনোবা এখনত পঢ়ে । পুতেকে ক্লাচ কৰে আৰু চৰকাৰী স্কুলৰ ল’ৰাই সংস্কৃতি ৰক্ষাৰ দায়িত্ব লয় ।
আজিৰ সোণালী জয়ন্তী পালন কৰা এখনো স্কুল  শতবাৰ্ষিকী পালন কৰাটো দুৰৰ কথা , ৭৫ বছৰো যে পালন কৰিব পাৰিব তাৰ আশা ক্ষীণ । চৰকাৰ আৰু সমাজে  ৰাজহুৱা শিক্ষাখণ্ডক জীয়াই ৰাখক বা নেৰাখক কিন্তু এক্সপ্লইটেচনৰ স্বীকাৰ হোৱা বুলি যদি  এটা প্ৰজন্মৰ মুৰত সোমাই যায় তেন্তে সেই বিদ্ৰোহ সৃষ্টিৰ দোষ  চৰকাৰ আৰু আজিৰ গুণী – জ্ঞানী সমাজে ল’ব লাগিব  । শিক্ষক অপমানিত হৈছে ড্ৰাইভাৰ বুলি পৰিচয় দি প্ৰতিবাদ কৰিছে , ডাক্তৰ অপমানিত হৈছে সাধাৰণ দুইদিনীয়া ধৰ্মঘট কৰিছে , কিন্তু আজিৰ চৰকাৰী স্কুলৰ ছাত্ৰখিনিয়ে যদি শোষিত হোৱা বুলি ১০ বছৰ পিছত যদি উপলব্ধি কৰে , তেন্তে সিহঁতে জানো ধৰ্মঘট কৰাটেই সীমাবদ্ধ থাকিব ?