“৭১’ৰ পিছৰ হিন্দু-মুছলমান সকলো বিদেশী অসম এৰি যাব লাগিব, অন্য সমাধান নামানো”

15535
সাক্ষাৎকাৰ: ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ সৈতে

সাক্ষাৎকাৰ গ্ৰহণ কৰে দেবজিত দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: ব্যস্ততাৰ মাজতো সময় দিয়াৰ বাবে অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ ফালৰ পৰা ধন্যবাদ জনাইছো।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য : আপোনালোকো ধন্যবাদ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ বাবে ।
ৰাজনীতি অসম: এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশৰ পিছত আপোনালোকক উৎফুল্লিত দেখা গ’ল । এই কাৰ্য্যত সদৌ অসম ছাত্ৰ সন্থা কিমান সন্তুষ্ট আৰু কিমান সফল হোৱা বুলি ভাবে ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য : প্ৰথম কথা যে আমি আনন্দিত কিন্তু এতিয়াও আমি উৎফুল্লিত হোৱা নাই । যিখন চুড়ান্ত নাগৰিক পঞ্জী ওলাব সেইখনত অবৈধ বাংলাদেশী এজনৰো নাম থাকিব নালাগিব আৰু তেতিয়াহে আমি আশ্বস্ত হ’ম ।আমি আনন্দিত কাৰণ অসম চুক্তি স্বাক্ষৰ হোৱাৰ আজি ৩২ টা বছৰ পিছত চুক্তি মৰ্মে এন আৰ চিৰ উন্নিতকৰণৰ কাম  সমাপ্তি হ’বলৈ গৈ আছে। ছবছৰীয়া অসম আন্দোলনকে ধৰি যোৱা ৩৮ টা বছৰে অসমৰ মানুহে বিদেশী বহিষ্কাৰ , খিলঞ্জীয়াৰ ভাষা -সাহিত্য -সংস্কৃতিৰ  সুৰক্ষা ,বিদেশী মুক্ত ভোটাৰ তালিকা প্ৰস্তুত  ,সীমান্ত ছীল আদি দাবী তুলি আহিছে । কিন্তু চুক্তি স্বাক্ষৰ হোৱাৰ ২২বছৰ পিছটো সীমান্ত ছীল সম্পূৰ্ণ নহ’ল ।এতিয়াও অসমৰ লগত লাগি থকা বাংলাদেশৰ  প্ৰায় ১০০ কি : মি : সীমা মুক্ত হৈয়ে আছে । ২২ টা বছৰে সীমা ছীল কৰিব নোৱাৰাটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এটা অক্ষমনীয় অপৰাধ আৰু অসম চুক্তিত থকা দফাঁ সমুহ কাৰ্য্যকৰী নোহোৱাটো অতি ক্ষোভৰ কথা । খিলঞ্জীয়াৰ ৰক্ষা কবচ , ভুমি পুত্ৰৰ মাটি -ভেটি সুৰক্ষিত কৰা আদি বিভিন্ন কথা ৰূপায়ন হোৱা নাই ।
ৰাজনীতি অসম : ৰাজনৈতিক দলবোৰৰ ভুমিকা কি বুলি ক’ব ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য : উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসম চুক্তি অনুসৰী নাগৰিক পঞ্জীৰ কাম চলি আছে । এই কামটো ১৯৫১ চনৰ পিছৰ সময়ছোৱাটো যদি সময়ে সময়ে চলি থাকিলেহেতেঁন তেন্তে আজিৰ এই পৰিস্থিতিৰ উদ্ভৱ নহ’লহেতেঁন । অকল অসমতেই  ১৯৫১ চনত নাগৰিক পঞ্জীৰ উন্নিতকৰণ হৈছিল । কাৰণ দেশ বিভাজনৰ ফলত সেই সময়ত উদ্ভৱ হোৱা বিভিন্ন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এখন নাগৰিক পঞ্জীৰ দৰকাৰ আছিল ।কিন্তু ৫‍১ চনৰ পিছত ৰাজনৈতিক দলবোৰে ভোট বেংকৰ স্বাৰ্থত নাগৰিক পঞ্জীৰ উন্নিতকৰণৰ প্ৰক্ৰিয়াটো চলিব নিদিলে । অতি পৰিতাপৰ কথা এইযে বৰ্তমান চলি থকা এন আৰ চি উন্নিতকৰণ প্ৰক্ৰিয়াটো অসমে পাইছে একমাত্ৰ আন্দোলনৰ দ্বাৰাহে । এতিয়া আমি এটা ঢাপ আগবাঢ়িছো , কিন্তু ইয়াৰ পিছতো আৰু বহু কাম কৰিবলগীয়া থাকিব ।কিন্তু আচল কথাটো হ’ল এই যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ ভুমিকা অবিহনে কোনো এখন চৰকাৰে , কেন্দ্ৰই হওঁক বা ৰাজ্য চৰকাৰসমুহেই হওঁক, যোৱা ৩২ টা বছৰে এন আৰ চিৰ ওপৰত গুৰুত্ব দেখুৱা নাই । মুল কথা উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকৰ ফলত এন আৰ চি বাস্তব হৈছে ।
ৰাজনীতি অসম : চুড়ান্ত খচৰাত ৪০ লাখতকৈ অধিক লোকৰ নাম সন্নিবিষ্ট নহ’ল । এতিয়া প্ৰশ্ন হ’ল এন আৰ চি ত বাদ পৰি যোৱা লোকসকলৰ লগত কি কৰা উচিত ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য : ৪০ লাখৰ ভিতৰত বহু খিলঞ্জীয়া আৰু ভাৰতীয় লোকৰ নাম বাদ পৰিছে । সেইখিনিৰ নাম সোমাব লাগিব । এই ক্ষেত্ৰত শংকাৰ কোনো কাৰণ নাই । আচল কথাটো হ’ল আমাক এখন শুদ্ধ অবৈধ বাংলাদেশীৰ নাম নথকা  এন আৰ চি  লাগিব । মৰিগাওঁ জিলাৰ উপায়ুক্ত ডাঙৰীয়াই কৈছে যে তেওঁৰ জিলাত ৩৯ টা বাংলাদেশী
পৰিয়ালৰ নাম এন আৰ চি অন্তৰ্ভুক্ত হোৱাটো  ধৰাত পৰিছে । এইটো অতি স্পৰ্শকাতৰ কথা ।ইউপিএ নেতৃত্বাধীন পুৰ্বৰ
কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত ঘোষনা কৰিছিল যে দেশত ১ কৌটিৰো অধিক অবৈধ বাংলাদেশী আছে আৰু ইয়াৰে ৫০ লক্ষ অসমত আছে । ইয়াৰ পিছত এন ডি এ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত প্ৰায় ২ কৌটি অবৈধ বাংলাদেশী
আছে । চৰকাৰে বিভিন্ন সময়ত  বাংলাদেশীৰ সংখ্যাকলৈ কৰা মন্তব্যবিলাক আৰু  সম্পুৰ্ণ খচৰা ওলোৱাৰ পিছত চিনাক্ত হোৱা বাংলাদেশীৰ সংখ্যাৰ ওপৰত পৰ্য্যালোচনা কৰিব লাগিব ।সেই কাৰণে আমি প্ৰতিখন জিলাৰে তথ্য পাতি বিলাক
পৰ্য্যালোচনা কৰি আছো আৰু পৰ্য্যালোচনা কৰাৰ পিছত কৰ্তীপক্ষক জনাম । মুঠৰ ওপৰত আমি এখন শুদ্ধ এন আৰ চি পাব লাগিব । যদি কৰবাত আসোঁৱাহ ওলাইছে সেই বিষয়বিলাক কেন্দ্ৰ  আৰু অসম চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাব
পাৰে বা জিলা সমুহক শ্ব’ম’টো কৰিব পাৰে বা আসোঁৱাহ যদি কোনোবা জিলাত ওলায় সেই জিলাৰ বিষয়া কৰ্মচাৰীবিলাকৰ ৰদ বদল কৰিও কামটো কৰিব যায় । মুঠৰ ওপৰত যি উপায়েই নলওঁক আমি এখন বিদেশী নাম মুক্ত এন আৰ চি পাব
লাগিব ।
ৰাজনীতি অসম : সদৌ অসম ছাত্ৰ সন্থাই এন আৰ চিৰ কাম সম্পুৰ্ণ সমাপ্ত হোৱাৰ পিছত যিখিনি লোক বিদেশী বুলি চিনাক্ত হ’ব , সেইখিনিক লৈ কি কৰা উচিত বুলি ভাবে ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য :এন আৰ চিত নাম নথকা মানুহখিনি হব ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা । গোটেই ভাৰতবৰ্ষত বিদেশী চিনাক্তকৰণৰ সময়সীমা হ’ল ১৯৪৮ চন । কিন্তু অসম আন্দোলনৰ সময়ছোৱাত বিভিন্ন আন্ত : ৰাষ্ট্ৰীয় প্ৰট’কল , ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি আৰু মানবীয় দৃষ্টিভংগীৰে অসমত থিতাপি লোৱা মানুহখিনিৰ কাৰণে ১৯৭১ চনটো বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে লোৱা হ’ল ।কিন্তু সেইখিনি সময়ত বিদেশীৰ বোজা অকল অসমে ল’ব লগা হ’ল ।ভাৰতৰ আন ৰাজ্যত মানুহখিনিক বিতৰণ কৰি দিয়া নহ’ল । অসমৰ ৰাইজে ভাবিছিল যে ভিত্তিবৰ্ষ ৭১’ হোৱাহেতুকে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকবচ প্ৰদান কৰা হ’ব । কিন্ত খিলঞ্জীয়াৰ  অৰ্থনৈতিক অধিকাৰ , সাংস্কৃতিক অধিকাৰ , ভুমিৰ অধিকাৰ আদিৰ কোনো এটাই ৰূপায়িত নহ’ল । এতিয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম বুলিয়ে দিল্লীত চৰকাৰ হৈছিল । পৰিবৰ্তনৰ নামত চৰকাৰ হৈছিল । কিন্তু আমি দেখিলো কি ? দিল্লীত ৰাজনৈতিক পৰিৱৰ্তন নহ’ল । নৰেন্দ্ৰ মোডী ডাঙৰীয়া প্ৰধান মন্ত্ৰী হ’ল । কিন্তু অসমৰ প্ৰতি তেখেতসকলৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ন’হল । এতিয়া আমাক ১৯৭১ চনৰ পিছত অহা হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ নাগৰিকত্ব সংশোধনী ২০১৬ বিল আমাৰ ‍ওপৰত জাপি দিয়া হৈছে ।তাৰ অাগত আকৌ বিদেশী সংশোধনী নিৰ্দেশ ২০১৫ আৰু পাৰপত্ৰ সংশোধনী নিয়ম ২০১৫ আমাৰ ওপৰত জাপি দিয়া হৈছে । এতিয়া আকৌ দীৰ্ঘম্যাদী ভিছাৰ কথা কৈছে । দীৰ্ঘম্যদী ভিছাটো শুনিবলৈ ভাল ।কিন্তু এই ভিছাৰ ম্যাদ শেষ হোৱাৰ লগে লগে আকৌ তেওঁলোকক ইয়াত ৰখাৰ এটা কৌশল । এতিয়া আকৌ নতুন কথা এটা প্ৰক্ষেপ কৰিছে যে ১৯৭১ চনৰ পিছত অহাখিনিক ৱৰ্ক পাৰ্মিট দিয়া হ’ব ।যিটো কথা আমি কেতিয়াও গ্ৰহন কৰিব নোৱাৰো । মই আৰু এটা কথা কওঁ,  যেতিয়া লেণ্ড ছুইপ ডীলৰ সময়ত অসমৰ মাটি বাংলাদেশক গটাই দিয়াৰ যেতিয়া আলোচনা হৈছিল তেতিয়া মনমোহন সিং ডাঙৰীয়া আৰু তৰুণ গগৈ ডাঙৰীয়াই এখন চুক্তি কৰি আহিছিল আৰু আমি সকলোৱে  বিৰোধীতা কৰিছিলো । তেতিয়া  বৰ্তমানৰ শাসকীয় দলে অসম বন্ধ দিছিল , দিল্লীত হুলুস্থুল কৰিছিল , সীমান্তত গৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল । কিন্তু ক্ষমতালৈ আহি বিজেপি নেতৃত্বাধীন চৰকাৰে মাটি দিয়াৰ সপক্ষে ব্যৱস্থা ল’লে। কথা আৰু কামৰ মাজত পাৰ্থক্য হ’ল । আমাৰ মানুহ সৰল । এটা সমাধান বিচাৰে । কিন্তু যোৱা চাৰিটা বছৰত সীমান্তও সুৰক্ষা নহ’ল আৰু এতিয়া ৱৰ্ক পাৰ্মিটৰ ধাৰণাটো কেনেবাকৈ যদি আনে তেন্তে ই বিপদ মাতিব । আমাৰ মানুহখিনিক কব  বিচাৰিছে যে ৭১’ চনৰ পিছৰ মানুহবোৰক বহিষ্কাৰ অতি কঠিন কাম ,  গতিকে তেওঁলোকক ভোটাধিকাৰ আৰু নিৰ্বাচন খেলাৰ অধিকাৰ নিদি  তেওঁলোকক  ইয়াতে ৰাখি ৱৰ্ক পাৰ্মিট দি কাম কাজ কৰাৰহে সুবিধা দিয়া হ’ব ।কিন্তু ইয়াৰ পৰিণতি সাংঘাটিক হ’ব । এই তথ্যটোৱে কিন্তু অহা ২৫ বছৰত এটা বিয়াগোম সংখ্যা হ’ব আৰু তেতিয়া তেওঁলোকে নাগৰিকত্ব বিচাৰিব ।আমি ভৱিষ্যতৰ প্ৰজন্মৰ কথা ভাবিব লাগিব ।সেই কাৰণে আমি নাগৰিকত্ব সংশোধনী বিল নামানো, বিদেশী সংশোধনী নিৰ্দেশ ২০১৫ মানি লোৱা নহ’ব , পাৰপত্ৰ সংশোধনী নিয়ম ২০১৫ নামানো আৰু আমি দীৰ্ঘম্যদী  ভিছাৰ বিৰোধিতা কৰিম । ৱৰ্ক পাৰ্মিটৰটো প্ৰশ্নই আহিবই নোৱাৰে ।পৰিৱৰ্তন কৰিম বুলি চৰকাৰ হৈছিল আৰু নিৰ্বাচনৰ আগত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কৈছিল যে ১৬ মে’ৰ ভিতৰত বিদেশীয়ে  টালি টোপোলা বান্ধিব লাগিব । টালি টোপোলা বন্ধাৰ কথা ক’লে , কিন্তু যোৱাৰ তাৰিখটো নক’লে বা অাজিলৈকে যাব দিয়া নাই । বৰঞ্চ বাংলাদেশত থকা সকলক টালি টোপোলা বান্ধি আনিবলৈহে যো-জা কৰিছে। কথা দিছিল যিহেতু কথা ৰাখিব লাগে । গতিকে চুক্তি মৰ্মে সমস্যাটো সমাধান হ’ব লাগিব । অসমৰ মানুহ আমি সহজ সৰল ।কিন্তু আমি কঠোৰ হ’ব লাগিব । ৭১ চনৰ পিছত অহা হিন্দু মুছলমান কাৰো বোজা আমি ন’লও। এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত কথা বতৰা পাতি দ্বিপাক্ষিক চুক্তি কৰি ব্যৱস্থা  লওঁক। আমি ১৯৭১ লৈকে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ দায়িত্ব ললো আৰু বোজা ললো । ইয়াৰ পিছত আকৌ নহ’ব ।
ৰাজনীতি অসমঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু নাগৰিকপঞ্জী উন্নিতকৰণ এটা আনটোৰ পৰিপন্থী নহয় নে?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ গোটেই নাগৰিক সংশোধনী বিলৰ মুল কথাটোৱে আছিল নাগৰিক পঞ্জীৰ বিষয়টো অসাৰ কৰা । এইটো দিল্লীৰ ষৰযন্ত্ৰ । যিহেতু উচ্চতম ন্যায়লয়ে নিৰৱচিন্ন ভাৱে তদাৰক কৰি আছে সেই কাৰণেহে এন আৰ চি আগবাঢ়ি
গৈ আছে ।
ৰাজনীতি অসমঃ  এন অাৰ চিৰ পিছত বাংলাদেশী সমস্যাৰ সমাধান হ’ব বুলি ভাবেনে ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ এইটো অন্যতম এটা ঢাপ। বাকী সমস্যাবোৰ, গোটেই বিষয়বোৰ অসম চুক্তিত আছে ।
ৰাজনীতি অসমঃ অসম চুক্তিসম্পাদন হয় ১৯৮৫ চনত । চুক্তিমতে বাংলাদেশী বহিষ্কাৰৰ ভিত্তি বৰ্ষ ১৯৭১ চনৰ ২৪
মাৰ্চ আৰু বাকী ভাৰতবৰ্ষৰ কাৰণে ১৯ জুলাই , ১৯৪৮ চন ।  কিয় এনেকুৱা হ’ল ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ এইটো লুকঢাক কৰিব লগা একো নাই । অসম আন্দোলনৰ সময়ত তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈছিল আৰু সেইমৰ্মে  চুক্তি সম্পাদন হৈছিল আৰু ভিত্তিবৰ্ষ ১৯৭১ লোৱা হৈছিল ।চুক্তি হোৱাৰ পিছত সংসদত বিল খন লে’ কৰা হৈছিল আৰু তাত সকলো ৰাজনৈতিক দলে সেইসময়ত আদৰণি জনাইছিল । অসমৰ সকলো মানুহে অদৰণি জনাইছিল । আমাৰ আন্দোলনো আৰম্ভ হৈছিল ১৯৫১ চনৰ ভিত্তিবৰ্ষৰ দাবীত । অসম আন্দোনলৰ সময়ত
১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ যিটো পৰিস্থিতি হৈছিল,সেই পৰিস্থিতিত, সেই সময়ত এইখনেই উত্তম চুক্তি। This was the best accord during that time…সেইটো কথা কবই লাগিব ।গতিকে অাজি সেইখনকে কাৰ্য্যকৰী কৰকচোন । ৭১’ চনৰ পিছৰখিনিয়ে চিনাক্তকৰণ নহয়, বহিষ্কাৰ কৰাৰ সদিচ্ছা নেদেখুৱালে যোৱা ৩২ টা বছৰে । এতিয়া বিষয়টোক লৈ আইনগত যুজঁ হৈছে । চুপ্ৰিম কোৰ্টত বিষয়টো উত্থাপন হৈছে ।ধৰি ললো ভগৱানে নকৰক ৫১ চনটোকে চৰকাৰে গ্ৰহন কৰিলে, অৱশেষত কি হ’ব ? শাসকীয় দলে ক’ব যে হিন্দুবিলাক ইয়াতে থাকিব মুছলমানবোৰ যাব লাগিব । তেতিয়া  এটা মেৰুকৰণৰ ৰাজনীতি হব ।এই কথাটো আমি অসমত দিয়াটো উচিত নহয় ।গতিকে ইয়াত বিভিন্ন ধৰণৰ কথা আইনগত ভাবে শুনিবলৈ ভাল ।কিন্তু বাস্তব ক্ষেত্ৰত কথাটো অলপ বেলেগ ।  বাস্তব ক্ষেত্ৰতো অসমৰ ৰাইজে বুজি উঠিছে, বুজিব লাগিব আৰু বুজা উচিত যে ভগবানে নকৰক তেনেকুৱা কথা এটা যদি হৈ যায় তেতিয়াহলে কি হবগৈ ?  মেৰুকৰণৰ ক্ষেত্ৰত আমি এটা চৰকাৰী পক্ষক সহায় কৰা হ’ব ।গতিকে আমি যিহেতু মেৰুকৰণক সমৰ্থন নকৰো, আমি যিহেতু সাম্প্ৰদায়িকতা সমৰ্থন নকৰো , বিদেশী বিদেশীয়েই ___ হিন্দুৱে হওঁক বা মুছলমানে হওঁক । ৭১ চনৰ আগত অহা হিন্দু-মুছলমান থাকিব , ৭১ ‘ৰ পিছৰ বিদেশী হিন্দু-মুছলমান যাব লাগিব। এইটোৱে আমি কঠোৰ হৈ ধৰি অাছো । আমি কোনো সাম্প্ৰদায়িক শক্তি বা ৰাজনৈতিক শক্তিক চেল্যু দিয়া নাই ।গতিকে ৭১’ চনৰ পৰাই কামটো হওঁকচোন আৰু নাগৰিক পঞ্জী উন্নিতকৰণ ক’ত হৈছে ? কাৰভিত্তিত হৈছে ? উত্তৰ হৈছে অসম চুক্তিৰ আধাৰত । ৫১’ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ আধাৰত ৭১’ চনলৈকে ভোটাৰ তালিকাত নাম থকা ব্যক্তি সকল আৰু তেওঁলোকৰ সতী -সন্ততীসহ অন্তৰ্ভুক্ত হৈছে ।গোটেই বিষয়টো সেই ধৰনে আগবাঢ়িছে ।গতিকে আমি স্থায়ী সমাধানৰ দিশত যাব লাগে ।প্ৰজন্মই প্ৰজন্মই বিদেশী নাগৰিকৰ বিষয়টোলৈ ৰাজপথত  নামি আহিছে ।আমাৰ পিছৰ প্ৰজন্মই যাতে ৰাজপথত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবী যাতে উত্থাপন কৰিবলগীয়া নহয় আৰু এইটো প্ৰজন্মতেই যাতে সমস্যাটো স্থায়ী সমাধান হয় সেইটো মুল কথা।পিছৰ প্ৰজন্মই যাতে অসমক অৰ্থনৈতিক ভাৱে আগবঢ়াই নিয়া, নতুনকৈ অসমখনক আগুৱাই নিয়া, ভাৰতবৰ্ষৰ প্ৰথম শাৰীৰ ৰাজ্য হিচাপে থিয় কৰোৱা এনে ন ন চিন্তাৰে যাতে
আগবাঢ়িব পাৰে, সেই পৰিবেশটো দিব লাগে ।
ৰাজনীতি অসমঃ কাৰ দোষৰ কাৰণে অসম চুক্তি ৰূপায়নত বিলম্ব হৈ আছে  ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ চুক্তি হৈ যোৱাৰ ৩২ বছৰে দিল্লী,দিছপুৰত সকলো দলৰে চৰকাৰ হ’ল । বিজেপি, কংগ্ৰেছ, অগপ, চিপিএম কাৰ নাম ল’ম , কোনোৱে অসম চুক্তি ৰুপায়নৰ জলন্ত সমস্যাৰ স্থায়ী সমাধানৰ কাৰনে কোনো ব্যৱস্থা ন’ললে। সকলো ৰাজনৈতিক দল দায়ী ।
ৰাজনীতি অসমঃ চুক্তি চাক্ষৰৰ ৩২ টা বছৰ পিছতহে এন অাৰ চি ওলাল । এতিয়া এন আৰ চিৰ সম্পুৰ্ণ হোৱাৰ  পিছত একাংশ বিদেশী বুলি চিনাক্ত হ’ব । বন্ধু ৰাষ্ট্ৰ বাংলাদেশৰ লগত নাগৰিক হস্তান্তৰ জাতীয় চুক্তি অবিহনে সদৌ অসম ছাত্ৰ সন্থাই কি কৰিব লাগে বুলি মত দিব ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ আমি কিয় ভাবিম ? ৭১’ চনৰ অাগৰখিনিক অসমে আশ্ৰয় দিল । আমাক সাংবিধানিক ৰক্ষা কৱচ দিম বুলি কৈছিল , কিন্তু সাংবিধানিক ৰক্ষা কবচ দিয়া নাই। আমি বিচাৰিছো ১০০% খিলঞ্জীয়াৰ বাবে  নিকায়, বিধানসভা ,সংসদত সংৰক্ষণ । মাটিৰ ওপৰত অধিকাৰ লাগে। ইনাৰ লাইন পাৰ্মিত বিছাৰিছো ইত্যাদি । আমি ৭১’ চনৰ আগৰ মানুহ ৰাখিলো ।পিছৰখিনিৰ কথা আমি কিয় ভাবিম ? অামি সেই কঠোৰতা দেখুৱাব লাগিব। আজি একাশংই আলোচনা কৰিছে যে সেই সকল ক’ত যাব ? দিল্লীয়ে ভাবক, দিছপুৰে ভাবক । আমি অসমীয়াই কিয় ভাবিম? অসমীয়াই সদায় কিয় বোজা ল’ব লাগিব ? অামি কঠোৰ হ’বই লাগিব।
ৰাজনীতি অসমঃ এতিয়া অন্য প্ৰসংগলৈ আহিছো, চৰকাৰী বিদ্যালয়ত ছাত্রৰ সংখ্যা কমি আহিছে ,আনহাতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ছাত্রৰ সংখ্যা বাঢ়ি আছে।এনে পৰিস্থিতিত অসমীয়া আৰু বড়ো মাধ্যমৰবিদ্যালয়ৰ ভবিষ্যত কি  বুলি ভাবে?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ চৰকাৰৰ ইচ্ছা শক্তি থাকিলে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ ভবিষ্যত ভাল আৰু ভবিষ্যত ভাল
হবই লাগিব । ৰাভা, মিচিং, তিৱা, তাই আৰু কাৰ্বি ভাষাই প্ৰাথমিক পৰ্য্যায়লৈ স্বীকৃতি পাইছে কিন্তু কি ব্যবস্থা লোৱা হৈছে ? এতিয়া প্ৰাথমিক পৰ্য্যায়ত স্বীকৃতি পোৱা সকলৰ শিক্ষক নাই, আন্তঃ গাঠনি নাই, বাকী অসমীয়া আৰু বড়ো মাধ্যমৰ শিক্ষানুস্থান সমুহ যি ধৰণে আগবাঢ়িব লাগে পৰা নাই । মুল কথাতো হ’ল অসমীয়াকে ধৰি সকলো চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ জয়যাত্রা হব লাগিব। তাৰ কাৰণে চৰকাৰৰ ইচ্ছা শক্তি লাগিব । অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়যাত্রা হোৱা নাই নেকি? হৈছে । অসম জাতীয় বিদ্যালয় নুনমাটি? যদি বেচৰকাৰী খণ্ডত অসমীয়া বিদ্যালয়ৰ জয়যাত্রা হ’ব পাৰে তেন্তে চৰকাৰীখণ্ডত কিয় নোৱাৰে? সফল কাহিনী অাছে। সফলতাৰ যিবিলাক কাহিনী সেইবিলাক চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰয়োগ কৰক । সেইটো হ’ল মূল বিষয় । কিন্তু সেই সম্পৰ্কত ইচ্ছা শক্তি লাগিব ।শিক্ষানুস্থানৰ আন্তঃগাঠনি, পৰিবেশ ভাল হ’ব লাগিব  তথা শিক্ষক নিযুক্তি মেধাৰ ভিত্তিত হব লাগিব। এতিয়া অবশ্যে টেটৰ শিক্ষক দিছে। তাৰ আগতে কি আছিল? গতিকে এটা মন লাগিব । মনটো হ’ল যে আমি অসমীয়া , বড়ো আদিকে ধৰি মাতৃভাষা মাধ্যমৰ চৰকাৰী  খণ্ডৰ বিদ্যালয়ৰ জয়যাত্রা অব্যাহত ৰাখিব লাগিব। পাঠ্যপুথি, পাঠ্যক্ৰম, পৰীক্ষা সংস্কাৰ, ছেবাৰ সংস্কাৰ লাগিব , উচ্চতৰ মাধ্যমিক কাউন্সিলৰ সংস্কাৰ লাগিব ইত্যাদি । সেই বাবে মই এটা কথা কব বিছাৰো আমাৰ প্ৰায়বোৰ মন্ত্রী, বিধায়ক ,আমোলা, বিষয়া তেখেতসলকৰ ল’ৰা -ছোৱালীৰ প্ৰায়বোৰে আমাৰ শিক্ষানুস্থানত নপঢ়ে । আমি কবলৈ লৈছো আমাৰ সন্মানীয় মন্ত্রী, বিধায়ক, আমোলা, বিষয়াসকল ( সৰলীকৃত কৰা নাই যিবিলাকে পঢ়ে
ভাল কথা ) আপোনালোকে আপোনালোকৰ ল’ৰা-ছোৱালীক যি পৰিবেশত পঢ়াইছে , যি সুবিধা দি পঢ়াইছে সেই একেই পৰিবেশ আমাৰ চৰকাৰী খণ্ডৰ শিক্ষানুস্থানতো একে ধৰণে সা-সুবিধা দি একে পৰিবেশত শিক্ষাৰ ব্যৱস্থা কৰক।
ৰাজনীতি অসমঃ কেন্দ্ৰীয় আৰু অৰ্দ্ধ কেন্দ্ৰীয় চৰকাৰী চাকৰীবিলাকত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কোনো নিযুক্তি বৰ্ড গঠন হোৱা নাই ।চাকৰি বিলাক বহি:ৰাজ্যৰ মানুহৰ হাতলৈ গৈছে, এইক্ষেত্রত ছাত্র সন্থাৰ কৰণীয় কি আছে ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ আমি ইয়াৰ বাবে নিৰৱচ্ছিন্ন ভাবে যুঁজি আছো । আমাৰ যোগ্য প্ৰাৰ্থীৰ অভাব নাই কিন্তু এতিয়ালৈকে কোনো নীতি নাই।যিদলেই ক্ষমতাত নাথাকক ফলাফল শুণ্য ।বিৰোধীত থাকিলে কথাখিনি কয় ,
ক্ষমতালৈ আহিলে  নকয় । এইটোৱে হৈছে ঘটনা। গতিকে এটা নীতি লব লাগে। ৰেলৰ সীমাটো (NF Railway) যদি উত্তৰ পূৰ্বাঞ্চলক লৈ কৰে তেন্তে আমাৰ স্বাৰ্থ ৰক্ষা হয়। নীতি লওক, কৌশল লওঁক, কিয় নোৱাৰিব ? এতিয়াতো দিল্লী , দিছপুৰত একে সমীকৰণৰ চৰকাৰ । অসমত এতিয়া বহুতো বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান হৈছে , সেইবিলাকত থলুৱা যুবক-যুবতীক কিয় বঞ্চিত কৰা হয়? সেই বিষয়তো চৰকাৰে  সিদ্ধান্ত লব পাৰে।শিক্ষিত যুবক যুবতীৰ মনত ক্ষোভ আছে। পুঞ্জীভূত ক্ষোভৰ যদি বিস্ফোৰন হয় কোনোৱে কিন্তু নিষ্টাৰ নাপাব।
ৰাজনীতি অসমঃ আছুৰ মজিয়া ত্যাগ কৰি প্ৰত্যক্ষ ৰাজনীতিত আপুনি কেতিয়া যাব? বা যাবনে?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ মই এই কথাটো আগতেও কৈছো এচামে ৰাজনীতিৰ বৃত্তৰ ভিতৰলৈ গৈ কাম কৰি ভাল পায় আৰু এচামে বাহিৰত থাকি ভাল পায়। মই ৰাজনীতি বেয়া বুলি কোৱা নাই , ৰাজনীতি ভাল, ৰাজনীতিত এচাম ভাল মানুহ গৈ ৰাজনৈতিক নেতৃত্বৰে অসমখনক আগুৱাই নিব লাগে। ৰাজনৈতিক নেতৃত্বতো অত্যন্ত প্ৰয়োজন। এচামে বাহিৰত থাকিও  কাম কৰাৰ প্ৰয়োজন আহি পৰিছে। গতিকে আৰম্ভনীৰ পৰাই এই কথাৰ উত্তৰ দি আছো। আজি আকৌ আপোনালোকে সুধিছে কাৰণে কৈছো মই দলীয় নিৰ্বাচন, oৰাজনীতিৰ বৃত্তৰ বাহিৰত থাকি কাম কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰি আহিছো, সেইধৰণে মই কাম কৰি আছো আৰু সেইধৰণে মই কাম কৰি যাম।
ৰাজনীতি অসমঃ আজি চৰকাৰীতে হওক বা বিৰোধীপক্ষতে হওক আছুৰ মজিয়াৰ পৰাযোৱা বহুজন আছে। তাৰ ভিতৰত আমাৰ মুখ্যমন্ত্রী মহোদয় অন্যতম।অনাগত দিনত ৰাইজে যদিআপুনাক ৰাজনীতিত যোৱাতো বিচাৰে কি কৰিব?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ মই বহু দিনৰ পৰাই ইয়াৰ উত্তৰ দি আহিছো। সমাজ আৰু ৰাইজ সকলোতকৈ উদ্ধত। আমিতো ধুলিকনা মাত্র। এটা গভীৰ অনুভূতিৰে মোৰ এই সিদ্ধান্ততো লোৱা হৈছে। এই সিদ্ধান্ততো মোৰ আজিৰ নহয়, বহুদিনৰ আগৰ। যিচামে ৰাজনীতি কৰিব বিচাৰে , যোগ্য মানুহ কৰিব লাগে।যিসকলে ছাত্রসন্থাৰ মজিয়াৰ পৰা দলীয় আৰু নিৰ্বাচনী ৰাজনীতিত গৈ জনপ্ৰতিনিধি হৈছে , যিসকলে আন্দোলনৰ মজিয়াৰ পৰা গৈ, ৰাজপথৰ পৰা গৈ হৈছে তেখেতসকলে ছাত্রসন্থাৰ মজিয়াত থাকোতে বা ৰাজপথত থাকোতে যিবিলাক কথা কৈছিল সেইবিলাক যাতে ফলাফললৈ ৰুপান্তৰ কৰি দেখুৱাই। কথা কামৰ মাজত পাৰ্থক্য নোহোৱাকে যাতে কাম কৰে, সেইটো আমাৰ তেখেত সকলৰ প্ৰতি আহ্বান। কাৰণ এচামে ছাত্রসন্থাৰ মজিয়া গচকি গৈছে, ছাত্রসন্থাৰ নেতৃত্বলৈ গৈছে , এচামে ছাত্রসন্থাৰ মজিয়াত নাছিল কিন্তু আন্দোলনৰ সত্বাটোৰ মাজেৰে গৈছে।মই আকৌ কৈছো এচাম মানুহে ৰাজনীতিৰ বৃত্তৰ ভিতৰত থাকি কাম কৰা দৰকাৰ এচাম বাহিৰত থাকি কাম কৰাৰ দৰকাৰ। গতিকে দলীয় আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি কাম কৰি যাবলৈ মই ইচ্ছুক আৰু সেইদৰেমই কাম কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছো আৰু সেই প্ৰয়াসকে মই আগুৱাই নিম। এই ক্ষেত্রত মই ৰাইজৰ দিহা পৰামৰ্শ আৰু অভিভাবকত্ব কামনা কৰিছো।
ৰাজনীতি অসমঃ একবিংশ শতিকাত জন্ম লোৱা অসমৰ নতুন   প্ৰজন্মক অসম আন্দোলন আৰু বিদেশীৰ বিৰুদ্ধে চলি থকা সংগ্ৰামখন সম্পৰ্কে ১ মিনিটত কি ক’ব  আৰু এন আৰ চি সম্পৰ্কত মমতা বেনাৰ্জী প্ৰমুখ্যে সংসদৰ ভিতৰে বাহিৰে মন্তব্য দিয়া দেশৰ ৰাজনৈতিক নেতা সকলক উদ্দেশ্যি কি ক’ব ?
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যঃ অসম আন্দোলন আৰু ইয়াৰ ফলশ্ৰুতিত অসম চুক্তি হ’ল । এই আন্দোলনটোকলৈ বিভিন্ন স্বাৰ্থজড়িত মহলে নিজা নিজা স্বাৰ্থত মন্তব্য কৰি আহিছে । বিভিন্ন  মহলে  সংগ্ৰাম খনত ৰং সানিব বিচাৰে  । কিছুমানে কব বিচাৰে বঙালী বিৰোধী , কিছুমানে কয় মুছলমান বিৰোধী আৰু আন কিছুমানে কব বিচাৰে  হিন্দু বিৰোধী । আচলতে অসম আন্দোলনৰ পৰা আৰম্ভ হোৱা এই সংগ্ৰাম কোনো ধৰ্ম , ভাষা বা ভাৰতীয় সম্প্ৰদায়ৰ বিৰোধী নাছিল ,  নহয় আৰু ভৱিষ্যতেও নহব  । অসমৰ এই সংগ্ৰামখন হ’ল সম্পুৰ্ণ বিদেশী বিৰোধী । অবৈধ বাংলাদেশী হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক বহিষ্কাৰ হ’ব লাগিব । মমতা বেনাৰ্জী প্ৰমুখ্যে বিভিন্ন ৰাজনৈতিক নেতাই এন আৰ চিক ভিত্তি কৰি ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে । মমতা বেনাৰ্জী মহোদয়াই অসমৰ কথা নাজানে বা উপলব্ধি কৰা নাই । কলিকতা পাৰ হোৱাৰ পিছতো যে ভাৰতৰ অংগ আছে যাৰ নাম অসম আৰু উত্তৰ পুৰ্বাঞ্চল  সেই কথা মমতা বেনাৰ্জী মহোদয়াই বুজাটো প্ৰয়োজন । আমি কোনো সম্প্ৰদায়ৰ বিৰোধী নহয় । আমি বিৰোধী অবৈধ বাংলাদেশীৰ । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মহোদয়াক আমি ক’ব খোজো যে আপোনাৰ ৰাজ্যৰ লগত লাগি থকা বাংলাদেশ সীমান্ত খোলা হৈ আছে । অতিশীঘ্ৰে যদি ইয়াক ছীল নকৰে তেন্তে ভৱিষ্যতে কিন্তু ইয়াৰ কুফল ভোগ কৰিব লাগিব আপোনাৰ ৰাজ্যখনে ।  স্পষ্টকৈ আমি ক’ব খোজো যে “ India is for Indians , Assam is for Indians ..India or Assam is not for illegal Bangladeshis. ” এন আৰ চি প্ৰকাশৰ কালছোৱাত অসম শান্ত ,  কিন্তু দেশৰ  ৰাজনীতিবিদ সকল অশান্ত । ইয়াৰ অৰ্থ এইযে তেওঁলোকে অসমৰ পৰিস্থিতি উপলব্ধি কৰিব পৰা নাই ।  বাংলাদেশী তোষামোদ ৰাজনীতি , ভোট বেংকৰ ৰাজনীতি , সাম্প্ৰদায়িক ৰাজনীতিৰ উদ্দেশ্য আগতলৈ মন্তব্য কৰা মমতা বেনাৰ্জী প্ৰমুখ্যে সকলো ৰাজনীতিবিদলৈ আমাৰ মুকলি আহ্বান এইযে আপোনালোকে এন আৰ চিকলৈ ৰাজনীতি নকৰিব ।   এন আৰ চিৰ কাম যিহেতু উচ্চতম ন্যায়ালয়ৰ তদাৰকত  চলি আছে সেয়ে ৰাজনীতিবিদ সকলে প্ৰৰোচনা মুলক  মন্তব্য দিয়াৰ পৰা আতঁৰি থাকিব লাগে । কিবা যদি কব লগিয়া থাকে তেন্তে ন্যায়ালয়ত ক’ব লাগে । আমাৰ দেশৰ ৰাষ্ট্ৰীয় নেতাসকলৰ লগতে যিসকল ৰাজনৈতিক নেতাই এন আৰ চিক লৈ হৈ চৈ কৰি আছে তেওঁলোকক আজি পুনৰবাৰ ‘ৰাজনীতি অসম ‘ ৰ মাধ্যমেৰে কব খোজো  _
” Save Assam and Northeast for taday  to save India for tomorrow “
ৰাজনীতি অসমঃ Thank you