আমি ‘আৰ এছ এছ ‘ৰ সন্তানৰ দৰে : অশোক শৰ্মা

5578

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত বিজেপি বিধায়ক অশোক শৰ্মা

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতীম লহকৰে

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: বিধায়ক হিচাপে আপোনাৰ  প্ৰায় তিনি বছৰৰ অধিক সময় পাৰ হ’ল । সকলোতকৈ ডাঙৰ সফলতা কি?
অশোক শৰ্মা: সফলতা মোৰ নহয় , সফলতা যদি বিচাৰ কৰিব লাগে তেন্তে সফল ৰাইজ , সফল ৰাজ্য চৰকাৰ আৰু সফল কেন্দ্ৰীয় চৰকাৰ । মই সুখী যে নলবাৰীত এখন মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য্য চলি আছে । সমষ্টিৰ ৰাস্তা – ঘাট সমুহৰ উন্নয়ণ , ফ্লাই অভাৰ নিৰ্মাণৰ কাম আৰম্ভ , বি .এড.কলেজ স্থাপন , নাট্য মন্দিৰৰ আধুনিকীকৰণ , গৰ্ডণ হাইয়াৰ ছেকেণ্ডাৰী স্কুলৰ নতুন ভৱণ নিৰ্মাণৰ বাবে পুঁজি আৱন্তন হোৱা আদি বিভিন্ন কামে ৰাইজক উৎসাহিত কৰিছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনদৰদী আচঁনিৰ উচিত প্ৰয়োগে কৃষক সমাজ , বিপিএল আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহক দেশ নিৰ্মাণ কাৰ্য্যত সমভাগী কৰি তুলিবলৈ সক্ষম হৈছে । ৰাইজৰ প্ৰতিনিধি হিচাপে এইবিলাক কথাই আনন্দিত কৰে ।
সমাজৰ প্ৰতিজন ব্যক্তি , যুবক – যুবতীয়ে  নিজৰ চহৰখন , নিজৰ গাওঁখনৰ উন্নতিৰ হ’কে কাম কৰিবলৈ ওলাই অহাৰ পৰিবেশ এটা সৃষ্টি হৈছে । প্ৰতিনিধি হিচাপে এই পৰিবেশটোৱে মোক আৰু অধিক কাম কৰিবলৈ প্ৰেৰণা যোগায় ।
ৰাজনীতি অসম: NRC ক লৈ আপুনি সুখী নে ? শিলাদিত্য দেৱে উচ্চতম ন্যায়ালয়ক সমালোচনা কৰিছে , আপুনি শিলাদিত্যৰ কথাৰ সমৰ্থন কৰে নেকি?
অশোক শৰ্মা:  ‘ এন আৰ চি ‘ খনে অবৈধ বাংলাদেশীক সুখী কৰিছে আৰু খিলঞ্জীয়া মানুহখিনিক  অসুখী কৰি তুলিছে । খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি , এজন বিধায়ক হিচাপে ‘এন আৰ চি’ খনে আমাক নিৰাশ কৰিছে । শিলাদিত্য ডাঙৰীয়াৰ মন্তব্য তেওঁৰ ব্যক্তিগত । মুলত: এন আৰ চিৰ প্ৰক্ৰিয়াটোক বাংলাদেশীখিনিয়ে হাইজেক কৰি নিজৰ নিজৰ নামবোৰ সোমালে আৰু অজস্ৰজন  ভুমি পুত্ৰই কাগজৰ অভাবত দুৰ্দশা ভুগিলে ।
ৰাজনীতি অসম: আপুনি নাগৰিকত্ব বিধেয়ক সংশোধনী ( CAB) সমৰ্থন কৰেনে ?
অশোক শৰ্মা: সমৰ্থন কৰো । আগতেও কৰিছিলো আৰু পিছলৈও কৰিম ।
ৰাজনীতি অসম:   CAB  গৃহিত হ’লে অসমৰ পৰিবেশ বিঘ্নিত হ’ব বুলি ভাবেনে ?
অশোক শৰ্মা:  গণতন্ত্ৰত মতবিৰোধ থাকিবই । কিন্তু ‘ কেব ‘ ক  বিৰোধ কৰে  কিছুমান দল- সংগঠনেহে । সাধাৰণ ৰাইজ ‘কেব’ ৰ সমৰ্থনত । যিটো প্ৰমাণ হৈ গৈছে পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনৰ ফলাফলে । কিছুমান দল সংগঠনে হয়টো বিৰোধ কৰিব , টায়াৰ জ্বলাব __ ইমানেই ।
ৰাজনীতি অসম: পিয়াঁজৰ মুল্য আশী টকা পালে ।  চৰকাৰ মুল্যবৃদ্ধি ৰোধত ব্যৰ্থ হৈছে নেকি ?
অশোক শৰ্মা: বাৰিষাৰ বতৰত পিয়াজৰ দাম বাঢ়িছে , কিছু দিন পিছত কমিব । কিন্তু দাইল , চাউল , মিঠাতেল এইবিলাক সামগ্ৰীৰ মুল্য এতিয়া বহু কমিছে ।  কিছুমান অসাধু ব্যৱসায়ীয়ে কেতিয়াবা পিয়াজ অধিক হাৰত মজুত কৰি ৰখাৰ অভিযোগ আহে । আমাৰ চৰকাৰে তেনেকুৱা ব্যৱসায়ীৰ বিৰুদ্ধে তথ্য পোৱা মাত্ৰকে  অভিযান চলাবলৈ সদা প্ৰস্তুত আছে ।
ৰাজনীতি অসম: আন দলৰ পৰা অহা নেতা কৰ্মীয়ে পুৰণি নেতা -কৰ্মীখিনিক অপ্ৰাসংগিক কৰি তুলিব নেকি ?
অশোক শৰ্মা: ৰাজনৈতিক দলত নতুন নতুন মানুহৰ প্ৰবেশ এটা স্বাভাবিক প্ৰক্ৰিয়া । ৰাজনীতি , নিৰ্বাচন , গণতন্ত্ৰ সকলো সংখ্যাৰ খেল । নতুনক মৰম আৰু পুৰণিক শ্ৰদ্ধা __ এনেকৈয়ে দল আগবাঢ়ি যাব ।
ৰাজনীতি অসম:  বিধান সভাৰ ভিতৰত আপুনি এজন অন্যতম পুৰণি স্বয়ংসেৱক । আপুনি ক’ব নে  ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু বিজেপিৰ সম্পৰ্ক কি ?
অশোক শৰ্মা: সংঘ আৰু বিজেপি দলৰ সম্পৰ্ক পিতা – পুত্ৰৰ দৰে  । আৰ এছ এছ আমাৰ পিতৃ তুল্য আৰু আমি আৰ এছ এছৰ সন্তানৰ দৰে ।
ৰাজনীতি অসম: গৌতম ৰয় ,  ভুৱনেশ্বৰ কলিতাৰ দৰে ব্যক্তি বিজেপি লৈ আহিল । দীনদয়াল উপাধ্যায় , শ্যামা প্ৰসাদ মুখাৰ্জীৰ আদৰ্শত বিশ্বাসী হৈ জানো আহিছে ?
অশোক শৰ্মা: কেন্দ্ৰত বিজেপি আৰু ৰাজ্যত বিজেপি দলৰ চৰকাৰ আছে ,  আনকি পঞ্চায়ত আৰু নিগম – নিকায়বোৰো বিজেপিৰ দখলত । সেইকাৰণে ক্ষমতাত থকা দলটোৰ লগত থাকিব বিচৰাটো অস্বাভাবিক নহয় । ভুৱনেশ্বৰ কলিতাই দফা ৩৭০ ৰ সময়ত ৰাজ্যসভাত চৰকাৰৰ পদক্ষেপক সমৰ্থন কৰিছে । তেওঁৰ পদত্যাগে বিলখন পাছ হোৱাত সহায় কৰিছে । তেওঁ জানে যে ৰাজ্যসভাৰ সাংসদ হিচাপে খুব কম দিন কাৰ্য্যকাল বাকী আছে আৰু পুনৰবাৰ সাংসদ নিৰ্বাচিত হোৱা আশাও নাই , কাৰণ বিধান সভাত কংগ্ৰেছৰ সংখ্যা নাই । সেয়ে সময়ৰ শৰ সময়ত মাৰিলে ভুৱনেশ্বৰ কলিতাই ।
ৰাজনীতি অসম: নলবাৰীত যেতিয়া উগ্ৰপন্থীৰ মুক্ত বিচৰণ সাধাৰণ ঘটনা  আছিল , তেতিয়াও আপুনি আৰ এছ এছ আৰু বিজেপি কৰিছিল । উগ্ৰপন্থীৰ পৰা ভাবুকি পাইছিল নে ?
অশোক শৰ্মা: (  হাঁহি  মাৰিলে ) মৃত্যুৰ ভাবুকি !!  জানুৱাৰী মাহ , ২০০০ চন । তেতিয়া আমি  যুব মৰ্চাত ।  ঘৰৰ ওচৰৰ চ’কত আমাৰ ওচৰ চুবুৰীয়াসকলে নতুন বছৰক আদৰিবলৈ ‘ স্বাগতম নতুন বছৰ ‘ নামেৰে অনুষ্ঠান এটা পাতিছিলো । অনুষ্ঠান চলি থাকোতে অঘটন এটা ঘটিল । তেতিয়া নলবাৰীত অতিকৈ চৰ্চিত জনৈক মেধী উপাধিৰ আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সদস্য এজনে জোৰ কৰি ভাষণ দিব খুজিলে । একেবাৰে চিনেমাৰ কায়দাৰে দাদাগিৰি । আমি বাধা দিলোঁ  । লগে লগে তেওঁৰ সাংগোপাংগোসকলে পিষ্টল উলিয়ালে । হাহাকাৰৰ মাজত গুলী ফুটিল । আমাৰ দেহৰ কাষেৰে গুলী পাৰ হৈ গৈছিল । সেই ঘটনাটোৰ পিছতেই ৰাইজে প্ৰতিবাদ কৰিলে , অস্ত্ৰৰ মুকলি প্ৰদৰ্শনৰ প্ৰতিবাদ হ’ল । পিছত গৈ  আত্মসমৰ্পণকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা ল’বলৈ বাধ্য হ’ল । কিছুদিন পিছত তেতিয়াৰ আত্মসমৰ্পণকাৰী সয়ম্ভু নেতা  এজনে ৰাজহুৱা কৈ ক্ষমা খোজাৰ পিছতহে ৰাইজ ক্ষান্ত হয় । ভাবুকিটো বহু বাৰ পাইছো , অকল মইয়েই নহয় , সেইসময়ত আমাৰ দলৰ বহুজন নেতা- কৰ্মীয়ে উগ্ৰপন্থীৰ ভাবুকিৰ সন্মুখিন হৈছিল । কিন্তু নিজৰ দেশ আৰু জাতিৰ  বাবে কিবা এক কিঞ্চিত কৰাৰ উদ্দেশ্যত অটল আছিলো কাৰণেহে এই ভাবুকিবিলাকে আমাক পথচ্যুত কৰিব পৰা নাছিল ।
ৰাজনীতি অসম: যোৱা তিনি – চাৰি বছৰত অজস্ৰজন কংগ্ৰেছী আৰু আন দলৰ নেতা কৰ্মীয়ে বিজেপিত যোগ দিছে । এইসকল নবিজেপিয়ে আপোনালোকৰ দলৰ আদৰ্শক আকোঁৱালি ল’ব বুলি ভাবেনে ?
অশোক শৰ্মা: মই পুনৰ বাৰ কওঁ , দলত নতুন নতুন মানুহ আহি থাকিবই ।  আন দলৰ পৰা অহা  নেতা- কৰ্মীয়ে তেওঁলোকৰ পুৰণি ৰাজনৈতিক চৰিত্ৰ ত্যাগ কৰিব লাগিব আৰু মোৰ বিশ্বাস তেওঁলোকে অতি সোনকালে বিজেপিৰ নীতি – আদৰ্শক হৃদয়ংগম কৰিব ।
ৰাজনীতি অসম: ‘ শুন্য সহনশীল , নিকা চৰকাৰ ‘ , শ্লোগান স্বত্তেও কয়লা চিণ্ডিকেট , জনসংযোগৰ নিয়োগ কেলেংকাৰী , পিএনআৰডি কেলংকাৰী , জলসিঞ্চন বিভাগত দুৰ্নীতি  আদি বিভিন্ন অভিযোগ আহিছে । পি এন আৰ ডি যে নলবাৰী জিলাখনকো জোকাৰি গৈছিল । আপুনি মৌন কিয় আছিল ?
অশোক শৰ্মা: হাল্লা কৰিছে বিৰোধীয়ে আৰু বিৰোধীৰ সেইটো কৰ্ত্তব্যও  । আমি জানো আমি স্বচ্ছ । চৰকাৰখনক বদনাম কৰিবলৈ বিৰোধীৰ লগতে এচাম চৰকাৰ বিৰোধীয়ে বিভিন্ন ষড়যন্ত্রত লিপ্ত হয় ।   আগৰ শিক্ষক নিযুক্তি আৰু আজিৰ শিক্ষক নিযুক্তিৰ পাৰ্থক্য আকাশ পাতাল । এপিএছচি নিকা নিযুক্তি হ’ল । মই আপোনালোকৰ ই – আলোচনীখনৰ জড়িয়তে নিযুক্তি পোৱা নতুন যুবক – যুৱতীসকলক আহ্বান আৰু অনুৰোধ জনাওঁ যে __আপোনালোকে এইখন চৰকাৰৰ দিনত একামাত্ৰ পৰীক্ষাৰ ফলফল ভিত্তিত যে নিযুক্তি পাইছে ৰাইজক জনাওঁক ।
ৰাজনীতি অসম: দলে বিচাৰিলে ২০২১ ত পুনৰবাৰ নিৰ্বাচনত অবতীৰ্ণ হ’ব খুজিব নে ?
অশোক শৰ্মা: দলে বিচাৰিলে নিৰ্বাচনতঅবতীৰ্ণ হ’ম । কাৰণ ৰাইজৰ প্ৰতিনিধি হিচাপে অন্ততঃ দুটা টাৰ্ম লাগে । এইবাৰ ৰাস্তা –  ঘাট , দলংকে আদি কৰি বিভিন্ন উন্নয়নমুলক কামক ক্ষিপ্ৰ গতি এটা দিব পাৰিছো সমষ্টিবাসী ৰাইজৰ সহযোগত । বাকী থকা ডেৰ বছৰত  ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কামখিনিৰ প্ৰায় ৯০ % সম্পুৰ্ণ কৰিব পাৰিলে ,
আগন্তুক সময়ছোৱাত নলবাৰীক এটা ‘মডেল সমষ্টি ‘ হিচাপে গঢ়ি তুলিব পৰা যাব । সকলো নিৰ্ভৰ কৰিব দল আৰু সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদৰ ওপৰত ।